প্ৰকৃত যোগ্যতাৰ স্বৰূপ আৰু বৰ্তমান সমাজৰ এক জ্বলন্ত প্ৰতিচ্ছবি – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

প্ৰকৃত যোগ্যতাৰ স্বৰূপ আৰু বৰ্তমান সমাজৰ এক জ্বলন্ত প্ৰতিচ্ছবি

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

এজন ব্যক্তি সমাজত কেতিয়া যোগ্য বিবেচিত হয়? যেতিয়া তেওঁ নিজৰ কৰ্ম আৰু ব্যক্তিত্বৰে সমাজত এক মৰ্যাদাপূৰ্ণ স্থান গঢ়িবলৈ সক্ষম হয়। কিন্তু বৰ্তমান সময়ত ‘যোগ্যতা’ আৰু ‘সন্মান’ শব্দ দুটাৰ সংজ্ঞা যেন কিছুমান মানুহৰ বাবে সলনি হৈ পৰিছে। আজিকালি সমাজত এনে এচাম লোক দেখা যায়, যিসকলে নিজৰ গুণ গাবলৈ অহৰহ ব্যস্ত। কোনো সুৰ নোহোৱাকৈ ফটা ঢোল বজাই থকাৰ দৰে তেওঁলোকে চিঞৰি থাকে—”মোৰ যোগ্যতা আছে, মোক সন্মান কৰা।” কিন্তু প্ৰশ্ন হয়, জোৰকৈ বা চিঞৰি জানো সন্মান বুটলি ল’ব পাৰি?

আচলতে নিজৰ যোগ্যতা নিজে কেতিয়াও বিচাৰ কৰিব নোৱাৰি। যিসকলে নিজকে ‘সৰ্বজ্ঞানী’ বা ‘মহাপণ্ডিত’ বুলি ভাবি অহংকাৰ কৰে, তেওঁলোকে কেৱল নিজৰ ভিতৰৰ ফোঁপোলাস্বৰূপটোহে উদঙাই দিয়ে। প্ৰকৃত যোগ্যতা অৰ্জনৰ বাবে কোনো ঢাক-ঢোল বা বিজ্ঞাপনৰ প্ৰয়োজন নহয়। মানুহে জীৱনৰ যি ক্ষেত্ৰতে কাম নকৰক কিয়, যদি তেওঁৰ বুকুত একাগ্ৰতা থাকে আৰু কৰ্মত নিস্বার্থ মানসিকতা থাকে, তেন্তে সেই সেৱা সমাজে স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰে। যেতিয়া কাৰোবাৰ কামে সমাজৰ দহজনৰ উপকাৰ সাধন কৰে, তেতিয়া তেওঁ কোনো আত্মপ্ৰচাৰ নোহোৱাকৈয়ে জনমানসত যোগ্য আৰু শ্ৰদ্ধেয় হৈ পৰে।

প্ৰতিজন মানুহেই পৃথিৱীলৈ আহোঁতে ভগৱান প্ৰদত্ত কিছুমান সুকীয়া গুণ লৈ আহে। সময় আৰু পৰিৱেশৰ পৰা জ্ঞান বুটলি মানুহে যেতিয়া নিজৰ কৰ্মপন্থা হাতত লয়, তেতিয়া সমাজৰ চকুৱে তাক নিৰীক্ষণ কৰে। সেই নিস্বাৰ্থ কৰ্মৰ খতিয়ান কৰিয়েই সমাজে এজন মানুহক মৰ্যাদা দিয়ে, তেওঁৰ যোগ্যতাক স্বীকৃতি দিয়ে আৰু তেওঁক লৈ গৌৰৱ কৰে। গতিকে, যোগ্যতা অৰ্জন কৰাৰ একমাত্ৰ মূলমন্ত্ৰ হ’ল—নিস্বাৰ্থ সেৱা আৰু নিজৰ লক্ষ্যত অবিচলিতভাৱে লাগি থকা।

কিন্তু বৰ্তমান সময়ৰ এক অতি দুৰ্ভাগ্যজনক আৰু বিকৃত মানসিকতা আমাৰ চকুত পৰে। আজি সুস্থ মানসিকতাৰ অভাৱ ঘটিছে। কোনোবাই যদি সমাজৰ বাবে ভাল কাম কৰিবলৈ আগবাঢ়ি গৈছে, একাংশ লোকে তেওঁক সহায় কৰাৰ পৰিৱৰ্তে তুচ্ছ-তাচ্ছিল্য কৰাতহে নামি পৰে। তেওঁলোকৰ নিস্বাৰ্থ সেৱাক পুলি-পোখালিতে মষিমূৰ কৰিবলৈ বিচাৰে। বৰ্তমান সমাজত এনে এচাম মানুহৰ বৰ অভাৱ নাই, যিয়ে আনৰ কামত বাধাৰ সৃষ্টি কৰে বা সমাজৰ আগত আনৰ ভাবমূৰ্তি বিকৃত কৰিবলৈ চেষ্টা কৰে।

আজিৰ প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে যে মানুহে কষ্ট নকৰাকৈ, চুটি বা বক্ৰ পথেৰে গৈ কেনেকৈ নাম, যশ আৰু মান-সন্মান পাব পাৰি, তাৰ বাবেহে উঠি-পৰি লাগিছে। এইটো এটা সুস্থ সমাজৰ লক্ষণ কেতিয়াও হ’ব নোৱাৰে। কোনো এজন ব্যক্তিক ব্যক্তিগতভাৱে ‘অযোগ্য’ ঘোষণা কৰাৰ অধিকাৰ আন কাৰো নাই। কাৰণ যোগ্যতাৰ নিৰ্বাচন সদায় সমাজে কৰে আৰু সময়ে কৰে। গতিকে, সমাজৰ এই কটু সমালোচনালৈ কাণ নিদি, বক্ৰ পথৰ মোহ ত্যাগ কৰি, সততাৰে নিজৰ কৰ্মত ব্ৰতী হৈ থকাটোৱেই প্ৰতিজন প্ৰকৃত সমাজকৰ্মীৰ দায়িত্ব হোৱা উচিত।