সুৰ
শৰ্মিষ্ঠা দেৱী
কৃষ্ণৰূপে নাজানো বাঁহী বজাব,
ৰাধা ৰাধা বুলিও
জোনাক নিশা
তোক নোৱাৰো মাতিব,
জোনে কি ভাবিব !
জোনাকী য়েও জোকাব ।
ৰাধা হ’ব নালাগে তয়ো
ময়ো নহওঁ কৃষ্ণ
মাথো বতাহ হৈ
মনৰ খিৰিকীৰে সোমাই
এবাৰ চুই আহিম তোক,
আৰু
বৃন্দাবন অবিহনেই
বুকুত বাজিব –
প্ৰেমৰ অমিয়া সুৰ।
