কবিসকল অঘৰী – ৰাজু কলিতা

Pc Unsplash

কবিসকল অঘৰী 

ৰাজু কলিতা,মাজুলী

কবিয়েই সম্ভৱতঃ একমাত্র সত্তা, যিয়ে কোনো এক নির্দিষ্ট সীমা, ভৌগোলিক পৰিধি, সামাজিক নিৰ্দেশনা বা মানসিক চৌকাঠৰ ভিতৰত আৱদ্ধ হৈ থাকিব নোৱাৰে; সেয়ে কবিসকল স্বভাৱতেই অঘৰী, চিৰন্তন যাযাবৰ। কিন্তু এই অঘৰী সত্তা কোনো ভৌতিক নিৰাশ্ৰয়তা বা অন্ন-বস্ত্ৰৰ অভাৱৰ প্ৰতীক নহয়, বৰঞ্চ ই এক অনন্ত মানসিক স্বাধীনতা, আত্মিক সন্ধান আৰু বিশ্বজনীন অনুভূতিৰ অনবৰত পৰিব্ৰাজকৰূপ। এজন সাধাৰণ মানুহে য’ত এক নিৰ্দিষ্ট গৃহখণ্ড, স্থায়ী পৰিবেশ, সামাজিক স্থিতি আৰু ভৌতিক সুখ-সম্পদৰ মাজত নিৰাপত্তা বিচাৰি পায়, কবিৰ স্বাধীন সত্তাই তাত এক সুক্ষ্ম বন্দীত্ব আৰু শ্বাসৰুদ্ধকৰ স্থৱিৰতা অনুভৱ কৰে। কবিৰ ঘৰ কোনো ইটা-বালি-ভাঙা প্লাষ্টাৰেৰে গঢ়া চাৰিবেৰৰ কোঠা হ’ব নোৱাৰে, বৰঞ্চ সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডই তেওঁলোকৰ মুকলি বাসস্থান, নীলা আকাশেই চালি, নদী-পাহাৰ-অৰণ্যই বুকুৰ স্পন্দন আৰু সমগ্ৰ মানৱীয় আবেগ-অনুভূতিৰ সীমাহীন সাগৰেই তেওঁলোকৰ প্ৰকৃত নীৰ। কবিৰ এই অঘৰী যাত্ৰা মূলতঃ এক অবিৰাম সন্ধানৰ যাত্ৰা য’ত সত্যৰ সন্ধান, সৌন্দৰ্যৰ অন্তহীন অন্বেষণ আৰু মানৱ অস্তিত্বৰ গভীৰতম ৰহস্যৰ উন্মোচন একাকাৰ হৈ পৰে। এই যাত্ৰাপথত তেওঁলোকে স্বভাৱতেই কোনো এক বিশেষ ধাৰণা, নীতি-নিয়ম, গোষ্ঠীগত প্ৰীতি বা ভৌগোলিক সীমাত চিৰদিনৰ বাবে খোপনি পুতি বহি থাকিব নোৱাৰে। সমাজৰ বৈষম্য, সংস্কাৰৰ শিকলি আৰু নীতিৰ কঠোৰ অৰ্গল ভাঙি কবিৰ মুক্ত মন সদায় উৰি ফুৰে অচিন দিগন্তৰ পোহৰলৈ। যেতিয়াই কবিয়ে কোনো এক নিৰ্দিষ্ট চিন্তা বা তত্ত্বৰ মাজত নিজক সম্পূৰ্ণভাৱে স্থিতিশীল কৰি পেলাব বিচাৰে, তেতিয়াই তেওঁৰ সৃজনশীলতাৰ স্বতঃস্ফূৰ্ত নিজৰা শুকাই যায়, সেয়ে আত্মৰক্ষা আৰু সৃষ্টিশীলতাক জীয়াই ৰখাৰ তাগিদাতেই তেওঁ অঘৰী নহৈ নোৱাৰে। এই অঘৰী ভাৱনাই কবিক এক অনন্য সংবেদনশীলতা আৰু নিৰপেক্ষ দৃষ্টি প্ৰদান কৰে। তেওঁলোক সমাজৰ একেবাৰে ভিতৰত গভীৰভাৱে বাস কৰিও এজন নিৰপেক্ষ প্ৰত্যক্ষদৰ্শী বা পৰিব্ৰাজকৰ দৰে থিয় দিয়ে; যিয়ে পথৰ কাষৰ ধূলিময় জীৱনৰ পৰা আৰম্ভ কৰি ৰাজপ্ৰাসাদৰ নিসংগতালৈকে, আনৰ প্ৰতিটো দুখ-বেদনা, আশা-নিৰাশা, আনন্দ-উল্লাস আৰু সামাজিক অন্যায়-অবিচাৰক অত্যন্ত সূক্ষ্মভাৱে নিজৰ বুলি অনুভৱ কৰিব পাৰে, অথচ নিজক কাৰো সংকীৰ্ণ স্বাৰ্থৰ সৈতে বান্ধি নাৰাখে। কবিৰ বাবে সকলোৰে মানৱতা এক, কাৰণ তেওঁলোক কোনো এক বিশেষ গৃহৰ নহয়, সকলো গৃহৰে অংশ। এই অঘৰী জীৱন নিশ্চিতভাৱে এক অত্যন্ত কণ্টকময় আৰু যন্ত্ৰণাদায়ক যাত্ৰা। ভৌতিক পৃথিৱীৰ সুৰক্ষা আৰু স্থায়িত্ব ত্যাগ কৰাৰ ফলত ই কঢ়িয়াই আনে এক চিৰন্তন সংঘাত, মানসিক উচ্ছেদ, গভীৰ নিসংগতা আৰু এক অপূৰণীয় আত্মিক ব্যাকুলতা। কিন্তু এই নিসংগতা আৰু ব্যাকুলতাই পৰৱৰ্তী সময়ত কবিৰ কবিতাৰ মূল প্ৰেৰণা আৰু ৰস হৈ পৰে। যি যন্ত্ৰণাৰ পৰা জন্ম লাভ কৰে এনে এক চিৰন্তন সুৰ, যিয়ে কোনো নিৰ্দিষ্ট ভৌগোলিক সীমাক অতিক্ৰম কৰি সমগ্ৰ মানৱজাতিৰ হৃদয়ৰ অতি গোপন কোঠাত ঝংকাৰ তুলিব পাৰে। কবিৰ কোনো এক নির্দিষ্ট স্বদেশ বা একক গৃহভূমি নাথাকে বাবেই তেওঁ সমগ্ৰ বিশ্বৰে আত্মীয় হৈ পৰে। ভৌগোলিক মানচিত্ৰৰ সীমাৰেখা তেওঁলোকৰ বাবে অৰ্থহীন হৈ পৰে আৰু তেওঁলোকৰ এই অঘৰী, মুক্ত আত্মাই সৃষ্টি কৰে কালজয়ী সাহিত্যৰ এক বিশ্বজনীন মহাজগত, য’ত প্ৰতিজন হৃদয়ৱান মানুহে বিচাৰি পায় নিজৰ অন্তৰৰ প্ৰকৃত ঘৰ।