জিলা সাহিত্য সভাৰ সাংগঠনিক সভা কামৰূপ মহানগৰ সম্পন্ন

জিলা সাহিত্য সভাৰ সাংগঠনিক সভা কামৰূপ মহানগৰ সম্পন্ন

অনলাইন বাৰ্ত্তাসেৱা- ভার্চুৱেল মাধ্যমযোগে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সাংগঠনিক সভা এখন অনুষ্ঠিত হৈ যায়। “চিৰ চেনেহী মোৰ ভাষা জননী’ শীর্ষক আৰম্ভণী গীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাই। সাংগঠনিক সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। সভাখন উদ্বোধন কৰি দিয়া ভাষণ প্রসংগত তেওঁ অসম সাহিত্য সভাই হাতত লোৱা বিভিন্ন কর্মসূচীৰ বিষয়ে আলোকপাত কৰাৰ লগতে জিলা আৰু শাখা সাহিত্য সভাসমূহকো সাহিত্য সংস্কৃতিমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব দিবলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপাংকৰ ৰায়মেধিয়ে আঁত ধৰা সাংগঠনিক সভাখনত মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে ৷ জিলা সাহিত্য সভাৰ উপ-সভাপতি মহীধৰ কলিতা, সম্পাদক ডিম্বেশ্বৰ পাঠক, সভাৰ আইন উপদেষ্টা খৈয়াম উদ্দিন আহমেদ, জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত কোভিডকালীন পৰিস্থিতিয়ে আনি দিয়া স্থবিতা আঁতৰাই শাখা সাহিত্য সভাসমূহ আৰু জিলা সাহিত্য সভাক গতিশীল কৰাৰ বিষয়ে বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয় । শাখা সাহিত্য সভাৰ প্ৰতিনিধিসকলেও বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়৷ অসম সংগীতেৰে সভাৰ সামৰণি পৰে।

 

(RT)