শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা – প্ৰিয়ম ৰাগিণী

Pc Unsplash

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা

প্ৰিয়ম ৰাগিণী,ডিব্ৰুগড়

   যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা
নমস্তস্যৈ নমস্তসৈ নমো: নম:

প্ৰকৃতিৰ বুকুলৈ শৰৎ যেতিয়া আহে কমোৱা তুলাৰদৰে আকাশত মেঘ ভাহে।কলুষ- কালিমাবোৰ আপোনা আপুনি আঁতৰি যায়।হিয়াৰ পদূলিত শুকুলা শেৱালিয়ে হাঁহে।প্ৰকৃতিৰ বাবে স্বত:স্ফূতভাৱে শৰৎ এক মধুৰ অনুভৱ হৈ পৰে।শৰৎ ঋতুৰ আগমনত প্ৰকৃতিয়ে ৰূপ সলায়।বিশাল আকাশৰ নীলিম আৱিৰে প্ৰশান্তি দিয়ে প্ৰতিজন মানৱৰ মনত ।শৰতৰ সিক্ত আমোলমোলোৱা সুবাস নিয়ৰৰ কণাবোৰ আৰু কঁহুৱাৰ শুভ্ৰতাই পৰিৱেশলৈ কঢ়িয়াই আনে প্ৰকৃতি উন্মনা হোৱাৰ তথা গাভৰু হোৱাৰ যেন অন্য এক প্ৰাচুৰ্যতাৰ সম্ভাৰ।

শৰৎ হ’ল উৎসৱৰ ঋতু।মোহনীয় শৰতে কঢ়িয়াই আনে আনন্দৰ উৎসৱ দুৰ্গাপূজা।হিন্দু ধৰ্ম আৰু হিন্দু দৰ্শনৰ ঐতিহাসিক সূত্ৰ অনুসৰি ভাৰতত অতি প্ৰাচীন অৰ্থাৎ ঋকবেদৰ সময়ৰপৰাই দেৱী পূজাৰ প্ৰচলন হৈ আহিছে।এই দেৱী পূজা কেৱল ভাৰতৰ পূৰ্বাঞ্চলতে সীমাবদ্ধ এনে নহয়।মানৱ ইতিহাসৰ আদিকালৰে পৰা এতিয়ালৈকে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰথাৰে বিভিন্ন নামেৰে দেৱী পূজাৰ প্ৰচলন হৈ আহিছে।এই দেৱী হ’ল প্ৰকৃতি জগতৰ নিয়ন্তা এক পৰম আদ্যশক্তি। দেৱী পূজাৰ সম্পৰ্ক সদায় কৃষিকৰ্মধ লগত জড়িত।দেৱী পূজা শস্য  উৎপাদিত শক্তি আৰু প্ৰজনন আদিৰ প্ৰতীক স্বৰূপেই আৰম্ভ হয়।

দুৰ্গা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী।তেওঁ মহাশক্তিৰ আধাৰ।দুৰ্গা দুৰ্গতিনাশিনী আৰু আদ্যা ত্ৰিলোক জননী স্বৰূপা।দুৰ্গা দেৱী স্বমহিমা আৰু বিভিন্ন শক্তিৰে পূজিতা।’দুৰ্গ’ নামেৰে মহা পৰাক্ৰমী অসূৰক বধ কৰি দেৱী ‘দুৰ্গা’ ৰূপেৰে পূজিতা হৈছিল।আসূৰিক শক্তিৰ জ্বলন্ত প্ৰতীক মহিষাসূৰক বধ কৰি দেৱী পৰিচিতা হৈছিল মহিষমৰ্দিনী ৰূপে।পাৰ্থিৱ-অপাৰ্থিৱ শোক- তাপ হৰণ কৰোতা দেৱী দুৰ্গাই হ’ল দুৰ্গতিনাশিনী।যি দেৱী  শক্তিৰ মহা আধাৰ আৰু যি সকলো ভূততে শক্তি ৰূপেই সংস্থিতা- সেই দেৱীয়েই হ’ল দুৰ্গা।দুৰ্গা সৃষ্টিৰ প্ৰতীক।তেওঁৱেই সংহাৰ কৰোতা।সৃষ্টিৰ ৰক্ষাৰ হেতু পৃথিৱীত শান্তি স্থাপনাৰ্থে দেৱীয়ে ধংসতো প্ৰবৃত্ত হয়।এই মহাশক্তিৰ আধাৰ স্বৰূপা দুৰ্গা দেৱীয়েই সময়ত কেতিয়াবা ভদ্ৰকালী,চণ্ডী,শাকম্ভৰী আৰু কেতিয়াবা কাত্যায়নী হিচাপে পৰিগণিত হয়।

মা দুৰ্গা দূৰ্গতিনাশিনী বাবেই তেওঁৰ নাম দুৰ্গা হোৱা নাই।দুৰ্গা দেৱীক বিভিন্ন নামেৰে জনা যায়।মহিষমৰ্দিনী,দশপ্ৰহৰণধাৰিণী,আদ্যশক্তি,সনাতনী,অম্বিকা,অন্যদা,গৌৰী,ঈশানী,বিজয়া,শাৰদা,মোক্ষদা,কৌশিকী,সাৱিত্ৰী,কাত্যায়নী,দশভূজা,ভাস্বতী আদি অনেক নামেৰে দুৰ্গাক জনা যায়

শ্ৰী শ্ৰী চণ্ডীত দেৱী বৰ্ণিত হৈছে এইদৰে…

 ‘দেৱনাং কাৰ্য সিদ্ধৰ্থৰাবিৰ্ভবতি সা সদা উৎপন্নেতি
তদালোকে সা নিত্যাপ্যাভিবীয়তে
এবং ভগৱতী দেৱী সা
নিত্যাপি পুন:পুন: সম্ভূয়
কৰুতে ভূপ জগত: পৰিপালনম’।

অৰ্থাৎ দেৱতাৰ কাৰ্য সিদ্ধিৰ কাৰণে বা বিশ্বৰ প্ৰতি কৰ্ম পালনৰ মহান উদ্দেশ্য আগত লৈ যুগে যুগে আৱিৰ্ভাৱ হয় মহাশক্তিস্বৰূপা দুৰ্গাদেৱীৰ।সৃষ্টি ৰক্ষাৰ সনাতন পৰিক্ৰমাত দেৱী হৈ পৰিছে সৰ্বশ্ৰেষ্ঠা দেৱী।হাতশক্তি পুনৰ উদ্ধাৰ,পাৰ্থিৱ সম্পদ লাভ আদিৰ বাবে দেৱীৰ কৃপাৰ আৱশ্যক।একমাত্ৰ দেৱীৰ কৃপানুগ্ৰহ লাভৰ বাবেই যে মৰ্তলোকত দেৱী পূজাৰ প্ৰচলন হৈ আহিছে।ওঠৰখন পূৰাণৰ ভিতৰত অন্যতম ব্ৰহ্মবৈবৰ্ত পূৰাণত এনেদৰে দেৱীৰ বিষয়ে কোৱা হৈছে যে য’ত  একমাত্ৰ তেওঁৰ কৃপালাভৰ বাবেই পূজা কৰাৰ বিশদ বিৱৰণ পোৱা যায়–

প্ৰথমে পূজিতা সা চ কৃষ্ণেন পৰমাত্মনা
বৃন্দাবনে চ সৃষ্টা দৌ গোলোকে ৰাসমণ্ডলে
মধুকৈতভ ভীতেন ব্ৰক্ষ্মণ্যে সা দ্বিতীয়ত:
ত্ৰিপুৰ প্ৰোষতে নৈৱ তৃতীয়ে ত্ৰিপুৰাৰিণ
ভ্ৰষ্টশ্ৰিয়া মহেন্দ্ৰণ শআপদূৰ্বা সমপূৰা!
চতুৰ্থে পূজিতা দেৱী ভক্ত্যা ভগৱতী সতী!!
কালান্তৰে পূজিতাসা সুৰথেন মহাত্মানা
ৰাজ্ঞ মেধস শিষ্যেণ মৃন্মস্যাঞ্চ সৰিত্ততে!!

ইয়াৰ অৰ্থ হ’ল সৃষ্টিৰ প্ৰাককালত প্ৰথমে শ্ৰীকৃষ্ণই গোলোকত আৰু তাৰে পাছত বৃন্দাবনৰ ৰাসমণ্ডলত দুৰ্গাদেৱীৰ পূজা কৰিছিল।দ্বিতীয়তে মধুকৈতভক নাশ কৰিবৰ বাবে ব্ৰহ্মাই,তৃতীয়তে ত্ৰিপুৰাসুৰৰদ্বাৰা অপমানিত হৈ দেৱাদিদেৱ মহাদেৱ,চতুৰ্থতে দূৰ্বাসা মুনিৰ দ্বাৰা শাপভ্ৰষ্ট হৈ দেৱৰাজ ইন্দ্ৰই দেৱী দুৰ্গাক পূজা কৰিছিল।ইয়াৰ পাছত মেধস মুনিৰ শিষ্য সুৰাথে মাটিৰ মূৰ্তি গঢ়ি পূজা কৰিছিল।

শ্ৰী শ্ৰী চণ্ডীৰ দ্বিতীয় আখ্যানমতে ৰম্ভাসুৰ আৰু মহিষীৰ পুত্ৰ মহিষাসুৰ কঠোৰ তপস্যাৰ দ্বাৰা ব্ৰহ্মাৰ পৰা অজেয় বৰ লাভ কৰি প্ৰৱল পৰাক্ৰমী হয়। এশ বছৰ ব্যাপি চলা যুদ্ধৰ শেষত মহিষে দেৱতাসকলক পৰাজিত কৰি স্বৰ্গ অধিকাৰ কৰি সমগ্ৰ ত্ৰিজগত অত্যাচাৰেৰে কঁপাই তোলে।মহিষৰ অত্যাচাৰৰ পৰিত্ৰাণ বিচাৰি দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ যায়।ব্ৰহ্মাই তেওঁলোকক বিষ্ণু আৰু মহেশ্বৰৰ ওচৰলৈ লৈ যায়।বিষ্ণুৱে দেৱতাসকলক জানিবলৈ দিয়ে যে কেৱল নাৰীশক্তিৰ দ্বাৰাহে মহিষক বধ কৰা সম্ভৱ হ’ব।দেৱতাসকলে যেতিয়া ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰৰ আগত মহিষৰ অত্যাচাৰৰ কাহিনী বৰ্ণনা কৰিবলৈ লয় তেতিয়া মহিষৰ প্ৰতি জাগ্ৰত হোৱা খঙত তেওঁলোক তিনিওজনৰে মুখৰপৰা তেজ:পুঞ্জ নিৰ্গত হ’বলৈ ধৰে।দেৱতাসকলৰ মুখৰপৰাও তেজ:পুঞ্জ নিৰ্গত হয় আৰু আকাশ মাৰ্গত সমগ্ৰ তেজ:পুঞ্জ একীভূত হৈ এগৰাকী অপৰূপা পৰম জ্যোতিৰ্ময়ী দেৱীৰ সৃষ্টি কৰে।এইগৰাকী দেৱীয়েই চণ্ডীস্বৰূপা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা।কাত্যায়ন ঋষিৰ আশ্ৰমত জন্মগ্ৰহণ কৰা বাবে দেৱীয়ে নিজকে কাত্যায়ন দুহিতা কাত্যায়নী বুলি চিনাকি দিয়ে।ঋষি কাত্যায়নে ভগৱতীক কন্যাৰূপে পাবলৈ বহু বছৰ ব্যাপি কঠোৰ তপস্যা কৰিছিল।ঋষিৰ তপস্যাত সন্তুষ্ট হৈ ভগৱতীয়ে দুৰ্গাৰূপেৰে তেওঁৰ আশ্ৰমত জন্মগ্ৰহণ কৰে।পাছলৈ মহাপৰাক্ৰমী অসুৰৰাজ দুৰ্গাসুৰক বধ কৰি দুৰ্গাৰূপেৰে খ্যাত হয়।আহিন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত ঋষি কাত্যায়নৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা দেৱীয়ে মহিষাসুৰক বধ কৰে।

নিজৰ একীভূত ৰক্তৰে মূৰ্তিমান অপৰূপা দেৱীৰ জ্যোতিত দেৱতাসকল পুলকিত হৈ পৰে।তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ দেৱীয়ে মহিষক বধ কৰিবলৈ ৰণচণ্ডী মূৰ্তি ধৰে।ব্ৰহ্মা,বিষ্ণু, মহেশ্বৰ আৰু  দেৱতাসকলে প্ৰদান কৰা বস্ত্ৰ ,অলংকাৰ আৰু অস্ত্ৰৰে সু-সজ্জিত হৈ দেৱীয়ে হিমালয় প্ৰদত্ত সিংহত আৰোহণ কৰি মহিষক যুদ্ধলৈ আহ্বান জনায়।দেৱীক আক্ৰমণ কৰিবলৈ মহিষে প্ৰথমে চিক্ষুৰ আৰু চামৰৰ নেতৃত্বত অগণন দৈত্য সেনা পঠিয়াই দিয়ে।দেৱীয়ে অস্ত্ৰৰ প্ৰহাৰেৰে সমগ্ৰ সেনা নিধন কৰে।শেষত মহিষ নিজে যুদ্ধলৈ আহে।মায়াধাৰী মহিষে প্ৰথমে সিংহ ,মানুহ,হাতী আৰু শেষত পুনৰ মহিষ ৰূপেৰে দেৱী দুৰ্গাৰ সৈতে ভয়ংকৰ যুদ্ধ কৰে দেৱীয়ে ত্ৰিশূলেৰে প্ৰহাৰ কৰি মহিষক বধ কৰে।শাৰদীয় দুৰ্গা পূজাত দেৱীৰ এই মহিষমৰ্দিনী ৰূপেৰে পূজা উপাসনা কৰা হয়।

ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিবলৈ শৰৎকালত দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰি শাৰদীয় দুৰ্গাপূজাৰ পাতনি মেলে।অকালতে বসন্তকাল নোহোৱাকৈ অনুষ্ঠিত কৰা বাবে এই পূজাক অকালবোধন বুলিও কোৱা হয়।ৰাৱণ দেৱী দুৰ্গাৰ পৰম ভক্ত আছিল।সেইবাবেই তেওঁক বধ কৰিব নোৱাৰাত ব্ৰহ্মাই ৰামক দুৰ্গা পূজা কৰিবলৈ উপদেশ দিলে।বসন্তকাল নোহোৱাকৈ অকালতে দুৰ্গা পূজা কৰিবলৈ ৰাম অমান্তি হোৱাত ব্ৰহ্মাই  তেওঁ শুক্লা ষষ্ঠীৰ দিনা বেলগছৰ তলত কল্পাৰম্ভৰে দেৱীক জাগ্ৰত কৰিবলৈ উপদেশ দিয়ে।দেৱগুৰু বৃহস্পতি দেৱীৰ এগৰাকী পৰম ভক্তই পূজা কৰিলেহে দেৱী সন্তুষ্ট হ’ব বুলি কোৱাত ৰামে ৰাৱণক পূজা কৰিবলৈ আমন্ত্ৰণ কৰি আনে।ৰাৱণৰ পৌৰোহিত্যত অনুষ্ঠিত পূজাত নৱমীৰ দিনা ৰামে ৰাৱণক বধ কৰি বিজয় লাভ কৰে।সেয়ে দশমী পূজাক বিজয়া দশমী নামে জনা যায়।বাল্মিকী ৰামায়ণত ৰামে দুৰ্গাপূজা কৰাৰ  কথা উল্লেখ নাই কিন্তু  কৃতিবাসী ৰামায়ণত লংকাকাণ্ড নামৰ কাহিনীটো পোৱা যায়।

শাৰদীয় দুৰ্গা পূজাৰ লগত জড়িত আন এক কাহিনীমতে পিতৃ হিমালয়ে নিবলৈ অহা স্বামী শিৱৰ অনুমতি লৈ শৰৎ কালৰ  শুক্লা ষষ্ঠীৰ এটি সন্ধিয়া গণেশ,কাৰ্তিক,লক্ষ্মী আৰু সৰস্বতীক লগত লৈ দেৱী পাৰ্বতী মাতৃগৃহলৈ আহিছিল।মাতৃগৃহত আনন্দত আত্মহাৰা হৈ  থকা সময়ত অসুৰৰ অত্যাচাৰত জৰ্জৰিত দেৱতাসকলে তেওঁৰ ওচৰলৈ আহি  অসুৰৰ হাতৰপৰা ৰক্ষা কৰিবলৈ তেওঁক স্তুতি কৰিবলৈ ধৰে।দেৱতাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পাৰ্ৱতীয়ে ৰণচণ্ডী মূৰ্তি ধৰি সিংহত আৰোহণ কৰি লক্ষ্মী ,সৰস্বতী,গণেশ আৰু কাৰ্তিকক লগত লৈ অসুৰৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয়।সপ্তমী আৰু অষ্টমী তিথিত যুদ্ধ কৰি অসুৰ বিনাশ কৰে।নৱমীৰ দিনা মাতৃগৃহত জিৰণি লৈ থকা সময়ত শিৱই তেওঁলোকক নিবলৈ আহে আৰু দশমীৰ দিনা প্ৰতিবছৰে একে সময়তে মাতৃগৃহলৈ অহাৰ প্ৰতিশ্ৰুতি দি মাক মেনকাৰ পৰা বিদায় লৈ স্বামীগৃহলৈ উভতি যায়।সেয়ে শাৰদীয় দুৰ্গাপূজাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা প্ৰতিমা দশমীত বিসৰ্জন দিয়া হয়।

আহিন মাহৰ মহালয়াৰ পাছত সেই মাহৰ শুক্লা ষষ্ঠীৰ পৰা শুক্লা দশমীলৈ শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত হয়।কেতিয়াবা কাতি মাহতো পূজা অনুষ্ঠিত হয়।কোনো ঠাইত শুক্লা প্ৰতিপদৰপৰা নৱমীলৈ ন দিন ধৰি দেৱী পূজা হয়।সেই নটি ৰূপ হৈছে —-শৈলপুত্ৰী,ব্ৰহ্মচাৰিণী,চন্দ্ৰঘণ্টা,কুষ্মাণ্ডা,স্কন্ধমাতা,কাত্যায়নী,কালৰাত্ৰি,মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।ইয়াক নৱ দুৰ্গাৰূপেও জনা যায় আৰু পূজা ভাগক নৱৰাত্ৰি পূজা বোলা হয়।

শুক্লা ষষ্ঠীৰ দিনা গধূলি পূজাৰীয়ে দেৱীৰ বোধন কৰি আৱাহন আৰু অধিৱাস কাৰ্য সম্পন্ন কৰে।বোধনৰ অৰ্থ হৈছে জাগ্ৰত কৰা।শৰৎকাল সূৰ্যৰ দক্ষিণায়নৰ সময়।এই সময়ত দেৱতাসকলৰ ৰাতি হয়।সেয়ে নিদ্ৰিত অৱস্থাত থাকে।দেৱী দুৰ্গাক নিদ্ৰাৰপৰা জগাবলৈ বেল বোধন কৰা হয়।অথৰ্ব বেদৰ মতে দুৰ্গা অগ্নিত বিৰাজমান,অগ্নিস্বৰূপা।তেওঁ বিল্ববাসিনী।বোধন হ’ল অৰণিৰদ্বাৰা অগ্নি উৎপাদন কাৰ্য।অৰণি মানে হ’ল ঘঁহি জুই উলিয়াবলৈ ব্যৱহাৰ কৰা কাঠ।কাঠত লুকাই থকা অগ্নি ঘঁহি ঘঁহি জাগ্ৰত কৰা হয়।বেল বোধনৰদ্বাৰা শুই থকা অগ্নিস্বৰূপা দুৰ্গাক জাগ্ৰত কৰা হয়।এই বুধি অনুসাৰে পূজাৰীয়ে এজোপা বেল গছৰপৰা দুটি বেল আৰু এটি ডাল কাটি আনে।তাৰ পাছত পূজাস্থলীত বেল দুটি আৰু  ডালটিৰে সৈতে নৱপত্ৰিকা স্থাপন কৰে আৰু স্তুতি প্ৰাৰ্থনাৰে ডালটিত দেৱীক বোধন কৰি পূজা আৰম্ভ কৰা হয়।সপ্তমী,অষ্টমী আৰু নৱমীৰ যথাবিহিত পূজাৰ অন্তত দশমীৰ দিনা দেৱী মূৰ্তিৰ লগতে দেৱীৰূপে কল্পনা কৰা ডালটিও বিসৰ্জন দিয়া হয়।

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়া হয় বাবে ভক্তসকলে মাটিৰে নিৰ্মিত দেৱীমূৰ্তিত হে পূজা উপাসনা কৰে।

পূজাৰ বেদীৰ একেবাৰে ওপৰত দেৱীৰ স্বামী দেৱাদিদেৱ শিৱৰ মূৰ্তি থাকে।সিংহবাহনা দশভূজা দেৱীয়ে দহখন হাতেৰে দিব্য অস্ত্ৰ ধাৰণ কৰি মহিষাসুৰক ত্ৰিশূলেৰে নিধন কৰে।দেৱীৰ সোঁভৰি সিংহৰ পিঠিত আৰু বাওঁভৰিৰ বুঢ়াআঙুলি মহিষৰ ওপৰত থাকে।দেৱীৰ সোঁকাষত ঐশ্বৰ্যবিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু গণেশ,বাওঁকাষত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰ্বশুক্লা সৰস্বতী আৰু বীৰ্যবান দেৱ সেনাপতি কাৰ্তিকৰ প্ৰতিমা উপবিষ্ট কৰোৱা থাকে।অসুৰ বিনাশেৰে অসুৰৰূপী অশুভ শক্তি নাশ কৰি ঐশ্বৰ্য বিভূতি আৰু জ্ঞানৰ পোহৰেৰে জগত পোহৰাই জগতত মহাশক্তি প্ৰতিষ্ঠা কৰাৰ এক বিশেষ অৰ্থ দেৱীয়ে বহন কৰে।

শস্যৰে  ভৰা শৰৎ কালত দুৰ্গা দেৱীৰ আগমন হয় বাবে তেওঁৰ আন এটা নাম শাকম্ভৰী।সেয়ে শাৰদীয় দুৰ্গাপূজাত কলগছক দেৱী ব্ৰাহ্মণী,নীলকচুক কালী,হালধিক দুৰ্গা,জয়ন্তীক কাৰ্তিক,বেলক শিৱা,ডালিমক ৰক্তদন্তিকা,মানকচুক চামুণ্ডা,অশোকক শোকৰহিতা আৰু ধানক লক্ষ্মীদেৱীৰ প্ৰতীকৰূপে কল্পনা কৰি নৱপত্ৰিকা পূজা কৰা হয়।দুৰ্গা দেৱীৰ সন্মুখত সোঁফালে কলপুলি এটি থিয় কৰাই ৰাখি কলপুলিটোত বোধনৰ সময়ত অনা বেলৰ ডাল আৰু বেল দুটিৰ লগতে বাকী সাতবিধ শস্য হালধীয়া সূতাৰে বান্ধি ওপৰত বগা অপৰাজিতাৰ লতা মেৰিয়াই দিয়া হয়।কল পুলিটোক ৰঙা শাৰী বা ৰঙা পাৰিৰ বগা শাৰী পিন্ধাই ওৰণিৰে চাকি নৱদুৰ্গা ৰূপে স্থাপন কৰা হয়।

সপ্তমী ,অষ্টমী আৰু নৱমী তিথিত দেৱী ভক্তসকলে পূজাৰীৰ পৰিচালনাত ষোড়শোপচাৰেৰে পূজা-অৰ্চনা কৰি দেৱীক ভক্তি অঞ্জলি প্ৰদান কৰে।ষষ্ঠীৰ পৰা দশমীলৈ অনুষ্ঠিত হোৱা পূজাত সন্ধি,অৰ্ধৰাত্ৰি,কুমাৰীপূজা আৰু হোম অনুষ্ঠিত হয়।কোনো কোনো পূজাস্থলীত নৱমী তিথিৰ আদিভাগত হাঁহ পাৰ ম’হ ছাগলী আদি বলি দিয়া হয়।দশমীৰ দিনা দেৱী বন্দনাৰে সকলো কাম সমাপ্ত কৰি শংখ,ঘণ্টা,ডবা-কাঁহ বজাই শোভাযাত্ৰা কৰি নদীত পূজাৰ প্ৰতিমা বিসৰ্জন দি সমাগত বছৰলৈ দেৱী পুনৰাগমনলৈ আশাৰে বাট চাই ৰয়।

অশুভ শক্তি নাশৰ কাৰণে দেৱী শক্তিক জাগ্ৰত কৰি উপাসনা কৰি শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত কৰা এই দুৰ্গাপূজা ভাৰতৰ এক লেখত ল’বলগীয়া উৎসৱ।