শ্ৰী শ্ৰী সদাশিৱৰ দ্বাদশ জ্যোতিলিংগ ৰ বিষয়ে অলপমান
অমল শৰ্মা
শ্ৰী শ্ৰী সদাশিৱৰ দ্বাদশ জ্যোতিলিংগ ৰ প্ৰথম লিংগ হৈছে “সোমনাথ”। গুজৰাটৰ কঠিয়াবাঢ় অঞ্চলত সমুদ্ৰ তীৰত বিশ্বপ্ৰসিদ্ধ সোমনাথ মন্দিৰত এই জ্যোতিলিংগ স্হাপিত। অতীতত এই স্হানেই প্ৰভাসক্ষেত্ৰ নামে পৰিচিত আছিল।
এই প্ৰভাস ক্ষেত্ৰতেই ভগৱান শ্ৰীকৃষ্ণৰ ব্যাধৰ শৰত লীলা সম্বৰণ কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে।
পুৰাণৰ মতে দক্ষ প্ৰজাপতিৰ সাতাইশ গৰাকী কন্যা আছিল। চন্দ্ৰৰ লগতেই সাতাইশ গৰাকী কন্যাৰ বিবাহ হৈছিল যদিও চন্দ্ৰদেৱ কিন্তু ৰোহিনীৰ। প্ৰতিহে বেছিকৈ অনুৰক্ত হৈছিল বুলি পোৱা যায়। এই ব্যবহাৰত অন্য ছাবিছ গৰাকী কন্যা বিতুষ্ট হৈছিল। অন্তৰত বিৰহ অনলত দগ্ধ হৈ পিতৃ দেৱৰ ওচৰত তেওঁ লোকৰ মনৰ দুঃখ ব্যক্ত কৰে। কন্যা সকলৰ এই বেদনা দক্ষৰাজে বাৰুকৈয়ে অনুভৱ কৰিলে। শেষত চন্দ্ৰৰাজক মাতি আনি বহুতো বুজনি দিবলৈ চেষ্টা কৰিলে। এদিন দুদিনকৈ বহু দিন বুজনি দিয়াৰ পিছতো ৰোহিনীৰ প্ৰভাৱত বশীভূত চন্দ্ৰৰ মনৰ কোনো পৰিবৰ্তন হোৱা দেখা পোৱা নগল। অবশেষত দক্ষৰাজৰ ক্ৰোধ ভাব জাগ্ৰত হ’ল। দক্ষৰাজে চন্দ্ৰক ক্ষয়হবলৈ অভিশাপ দিলে।
চন্দ্ৰৰ ক্ষয়প্ৰাপ্তিৰ লগে লগেই ধৰনীত শীতলতাৰ অভাৱ, বৰষুণ আদি সকলো লুপ্ত হোৱাৰ উপক্ৰম হ’ল। এই পৰিবৰ্তনত চন্দ্ৰ ও অত্যন্ত দুঃখিত হয় আৰু জীৱজগতৰ ওপৰত পৰিব পৰা প্ৰভাবৰ কাৰণে চিন্তিত হৈ পৰিল।ত্ৰিলোকত মাথোন ত্ৰাহি হৰি উচ্ছাৰিত হবলৈ ধৰিলে।
সমগ্ৰ ত্ৰিভূবন ব্যাপি হোৱা হাহাকাৰ আৰু আকুলতা ইন্দ্ৰাদি দেৱতাসকল আৰু সমস্ত ৰ্ঋষিসকল ব্ৰহ্মাৰ ওচৰত গৈ চন্দ্ৰৰ ক্ষয়প্ৰাপ্তিৰ পৰা হোৱা সমস্ত দুখ দুৰ্দশাৰ কথা ব্যক্ত কৰিলে।
সকলো খিনি কথা শুনাৰ পিছত ব্ৰহ্মা ই এটা উপায় দিলে। সকলো দেৱতাক লগত লৈ পবিত্ৰ প্ৰভাসক্ষেত্ৰত চন্দ্ৰ ই যদি মৃত্যুঞ্জয় শিৱৰ আৰাধনা কৰিব পাৰে তেনেহলে মৃত্যুঞ্জয় শিৱৰ কৃপাত অৱশ্যেই শাপগ্ৰস্ততাদূৰ হ’ব আৰু ৰোগমুক্ত ও হব পাৰিব।
ব্ৰহ্মাৰ বাক্য শিৰোধায্য কৰি চন্দ্ৰ ই মৃত্যুঞ্জয় শিৱৰ আৰাধনা আৰম্ভ কৰে আৰু সমগ্ৰ কাৰ্য সম্পূৰ্ণ কৰে। গভীৰ তপস্যাৰে দহ কৌটি বাৰ মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে। দুৰ্লভ কামৰ সমাপ্তিত মৃত্যুঞ্জয় শিৱ প্ৰসন্ন হ’ল আৰু চন্দ্ৰ ক অমৰত্ব দান কৰে। মৃত্যুঞ্জয় দেৱতাই চন্দ্ৰক ক’লে—- হে শুভ্ৰাংশু। তুমি বিচলিত নহবা। মই তোমাৰ কঠিন সাধণাত প্ৰসন্ন হৈছোঁ। তোমাৰ শাপ মোচন কৰিলোঁ লগতে দক্ষৰাজৰ সত্য বচনো ৰক্ষা হ’ব।
কৃষ্ণপক্ষৰ আৰম্ভণিৰ পৰাই তোমাৰ এক এক কলাকৈ শৰীৰ ক্ষয় হৈ থাকিব, কিন্তু শুক্লপক্ষত এক এক কলাকৈ তোমাৰ শৰীৰৰ শ্ৰী বৃদ্ধি হৈ এদিন পূৰ্ণিমা হৈ জিলিকি থাকিবা। সেই দিনতেই সকলো শীতলতাৰে ধৰনী বাসীৰ লগতে ত্ৰিভূবন আলোকিত হ’ব।
পিতামহ ব্ৰহ্মাৰ পৰামৰ্শ আৰু শিৱৰ বৰ প্ৰাপ্তিত
জীৱলোক আলোকিত হ’ল।শাপমুক্তহৈ চন্দ্ৰ ই অন্যান্য দেৱতাসকলৰ লগত মিলি প্ৰাৰ্থনা কৰিলে যে আপুনি মা পাৰ্বতীৰ লগত একাত্ম হৈ থাকি জীৱজগতৰ মঙলৰ কাৰণে এই স্হানতে বাস কৰক। ভগৱান শিৱই সেই প্ৰাৰ্থনা শুনি পাৰ্বতীৰ লগত সেই স্থানতেই বাস কৰিব ধৰিলে।
পবিত্ৰ প্ৰভাসক্ষেত্ৰত অধিস্থিত এই সোমনাথ জ্যোতিলিংগ ৰ মহিমা মহাভাৰত, শ্ৰী মদ্ভাগৱত গীতা আৰু স্কণ্ডপূৰাণ আদিত বহুল ভাৱে বৰ্ণনা আছে। চন্দ্ৰৰ আন এক নাম সোম। সেই সোমদেৱে শিৱক তেওঁৰ নাথ হিচাপে মানি লৈ তপস্যা কৰিছিল। সেয়ে এই জ্যোতিলিংগ সোমনাথ নামেৰে জনাজাত হৈছিল। সোমনাথ জ্যোতিলিংগ পূজন, দৰ্শন আদিৰ দ্বাৰা ভক্তৰ জন্ম জন্মান্তৰৰ সকলো পাপ আৰু দুস্কাৰ্য নিমিষতে অন্ত পৰে।
ঔম্ নম্ঃ শিৱায়,।