ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা আৰু পৰিচ্ছন্নতা

ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা আৰু পৰিচ্ছন্নতা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- স্বচ্ছ পৰিৱেশ সুস্থ জীৱনৰ এক অন্যতম আধাৰ—এই বাৰ্তাক সাৰোগত কৰি গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ বাৰ্তা লৈ  ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় বিশেষ স্বচ্ছতা আৰু পৰিচ্ছন্নতা কাৰ্যসূচী। ভাৰত চৰকাৰৰ ‘স্বচ্ছ  ভাৰত মিছন অভিযান’ৰ অধীনত আয়োজিত এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী সৈতে সংগতি ৰাখি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই স্বচ্ছতা অভিযান। এই উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ চৌহদত শিক্ষাৰ্থীসকল একত্ৰিত হৈ পৰিচ্ছন্নতা অভিযানত অংশ লয়। হাতে হাতে বেনাৰ ঝাড়ু লৈ শিক্ষাৰ্থীসকলে পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ প্ৰতি ৰাইজৰ  মাজত সজাগতা সৃষ্টিৰ বাৰ্তা প্ৰচাৰ কৰে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনে স্বচ্ছ পৰিৱেশ সুস্থ জীৱনৰ অন্যতম আধাৰ—এই বাৰ্তাকে আগত ৰাখি এই অভিযানৰ আৰম্ভ কৰিছে। দিনজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰা অনুষ্ঠানত চৌহদ নিকাকৰণৰ পাছতে তেওঁলোকে বানীপুৰৰ এখন  বিদ্যালয়ত উপস্থিত হয় আৰু তাৰ ওচৰ-পাজৰৰ গাওঁসমূহ পৰিস্কাৰ কৰাৰ প্ৰচেষ্টা চলায়। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলৰ  এনে পদক্ষেপে সমাজলৈ পৰিচ্ছন্নতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড°হিৰেন্দ্ৰ নাথ শৰ্মাই ‘স্বচ্ছ পৰিৱেশ সুস্থ জীৱনৰ অন্যতম আধাৰ’- ওপৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি নিজৰ অভিমত দাঙি ধৰে। অনুষ্ঠানত বিশ্ববিদ্যালয় পঞ্জীয়ক, পংকজ বৰঠাকুৰ, বিশ্ববিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰে।