জোনাক
বাহাৰুল ইছলাম
তোমাৰ হাঁহি থকা মুখখন চাই
সচকিত হওঁ
তোমাৰ নীৰৱতাত শান্তিৰ বতাহ বয়
জ্যোতি সনা হাঁহিটিত অদম্য সাহসে
সাজি-কাচি অপেক্ষা কৰে
জীৱনৰ দস্তাবেজ লিখিবলৈ।
কি যে তোমাৰ মাধুৰ্য!
কি যে তোমাৰ বীৰত্ব!
অন্ধকাৰ জগতক জ্যোতি সিঁচি চাই থকা
একেথৰে
সপোন সৰা চাৱনিয়ে কতজনক লৈ যায়
তোমাৰ দেশলৈ
য’ত কদাপিও নবয় অশান্ত বতাহ।
তোমাৰ স্নিগ্ধ পৰশত
মাধৈ-মালতীয়ে গোপন কথা পাতে
সুগন্ধি ছটিয়াই হাতবাউলি মাতে
শেৱালী-ৰজনীগন্ধাই
এনেহেন সন্ধিক্ষণত
জোনাক নামি আহে মোৰ বুকুৰে
তৰালী আকাশত দেখোঁ মাথোঁ জীৱনৰ ছন্দ।
তোমাৰ উদ্দীপ্ত চকুযুৰিয়ে কঢ়িয়াই আনে
এমুঠি নীৰৱতা
যেতিয়া মই অশান্ত হওঁ
তেতিয়াই খুলি দিওঁ বুকুৰ খিৰিকী খন
নিমিষতে ধৰফৰাই থকা বুকু খন শীতল হয়
তোমাৰ এমুঠি আভাত।
