কুমাৰপাৰা শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰত শিশুসকলৰ বাবে ‘প্ৰযোজনামুখী লোকনাট্য কৰ্মশালা’ৰ বৰ্ণিল শুভাৰম্ভ

কুমাৰপাৰা শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰত শিশুসকলৰ বাবে ‘প্ৰযোজনামুখী লোকনাট্য কৰ্মশালা’ৰ বৰ্ণিল শুভাৰম্ভ

​বিশেষ সংবাদ, গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (NEZCC), ডিমাপুৰ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ যৌথ উদ্যোগত, ‘ৰংমঞ্চ কায়াকল্প যোজনা’ৰ অধীনত শিশুসকলৰ বাবে এক “প্ৰযোজনামুখী লোকনাট্য কৰ্মশালা”ৰ আয়োজন কৰা হৈছে। ২৯ ছেপ্টেম্বৰৰ আবেলি ৫:০০ বজাত গুৱাহাটীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ প্ৰাংগনত মাংগলিক পৰিৱেশত এই সাতদিনীয়া কৰ্মশালাখনিৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়। অহা ৫ অক্টোবৰলৈকে চলিবলগীয়া এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ​উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ, বৰবায়ন হলিৰাম বৰা, জ্যেষ্ঠ সাংবাদিক তথা ভৰলুমুখ মণ্ডল বিজেপিৰ মিডিয়া আহ্বায়ক কমল কুমাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক মঞ্জুমণি বৰা, লোকশিল্পী ৰঞ্জন বড়ো, ভৰলুমুখ মণ্ডল বিজেপিৰ সভাপতি কণক দাস আৰু নাট্য নিৰ্দেশক দৰ্শন ভট্ট। ​উল্লেখ্য যে, ‘ভাৱৰীয়া’ৰ সম্পাদক গৌতম কুমাৰ দাসৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই ৭ দিনীয়া প্ৰশিক্ষণ পৰিচালিত হ’ব। কনকন শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ লগতে থলুৱা লোকসংস্কৃতিৰ প্ৰতি ৰুচি আৰু ধাউতি বৃদ্ধি কৰাৰ লক্ষ্যৰেই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি আয়োজক পৰিষদে জানিবলৈ দিয়ে।