বেলি ডুবিলেই সুৰাৰ আশ্ৰয় আৰু ড্ৰাগছৰ ভয়াৱহ গ্ৰাস: সমাজক ধ্বংস কৰা এক সৰ্বব্যাপী ব্যাধি
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
বৰ্তমান সময়ত আমাৰ সমাজখন এক গভীৰ নৈতিক সংকটৰ মাজেৰে গতি কৰিছে। ইয়াৰ মূল কাৰণ হৈছে মদ্যপান আৰু বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন, যাৰ ফলত সমাজখন ভিতৰি ভিতৰি ফোঁপোলা হৈ পৰিছে। আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে, এই নিচাসক্তি এতিয়া কোনো এটা নিৰ্দিষ্ট শ্ৰেণীৰ মাজত আৱদ্ধ হৈ থকা নাই। চৰকাৰী বা বেচৰকাৰী কৰ্মচাৰীয়েই হওক, কায়িক পৰিশ্ৰম কৰা দিনহাজিৰা শ্ৰমিকেই হওক কিংবা সমাজৰ কোনো আঢ্যৱন্ত বা ধনী ব্যক্তিয়েই হওক—নিচাগ্ৰস্ততা সকলোৰে বাবে এতিয়া এক নিয়মীয়া অভ্যাস হৈ পৰিছে।
প্ৰকৃতিৰ নিয়ম অনুসৰি চৰাই-চিৰিকতিয়ে বেলি ডুব যোৱাৰ লগে লগে যেনেকৈ নিজৰ সুৰক্ষিত বাঁহটোলৈ উৰি আহে, ঠিক তেনেকৈয়ে আজিৰ সমাজৰ এক বৃহৎ অংশই গধূলি হোৱাৰ লগে লগে সুৰাৰ দোকান বা নিচাযুক্ত দ্ৰব্যৰ কাষ চাপে। দিনটোৰ শেষত ঘৰৰ আপোন মানুহখিনিৰ ওচৰলৈ গৈ পৰিয়ালক সময় দিয়াৰ পৰিৱৰ্তে, নিচাৰ কৱলত পৰি নিজৰ কষ্টোপাৰ্জিত ধন আৰু স্বাস্থ্য—দুয়োটাকে ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো এক ভয়ংকৰ বাস্তৱতাত পৰিণত হৈছে।
ইয়াতকৈও ভয়াবহ আৰু মাৰাত্মক দিশটো হ’ল যে বৰ্তমান সময়ত ড্ৰাগছৰ দৰে মাৰাত্মক নিচাযুক্ত দ্ৰব্য সমাজত অতি সহজলভ্য হৈ পৰিছে। সুৰাৰ সমান্তৰালকৈ আজিৰ যুৱ প্ৰজন্মৰ মাজত হেৰোইন, ব্ৰাউন চুগাৰ বা বিভিন্ন ধৰণৰ নিচাযুক্ত টেবলেটৰ প্ৰচলন অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীৰ কৱলত পৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও অতি সহজে এইবোৰ সংগ্ৰহ কৰিব পৰা হৈছে। ইয়াৰ ফলস্বৰূপে, আমাৰ সমাজত ঘটি থকা প্ৰায়বোৰ অপকৰ্ম, জঘন্য অপৰাধ আৰু অসামাজিক ঘটনাৰ মূলতে এই নিচা আসক্তিয়েই মূল বুলি প্ৰমাণিত হৈছে। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণৰ দৰে জঘন্য কাণ্ডৰ পৰা আৰম্ভ কৰি ঘৰুৱা হিংসা, মহিলা আৰু শিশুৰ ওপৰত চলোৱা নিৰ্যাতন আদি সকলোবোৰৰ পিছত ড্ৰাগছ বা সুৰাৰ সম্পৰ্ক পোহৰলৈ আহে। নিচাৰ ভমকত মানুহে নিজৰ বিবেক আৰু মনুষ্যত্ব হেৰুৱাই পেলায়, যাৰ ফলত ৰাজহুৱা স্থানসমূহত দৈনিক অমানৱীয় কাণ্ড, অনাহক মাৰপিট আৰু কাজিয়া-পেচালৰ সৃষ্টি হয়।
তাতকৈও ভয়াবহ দিশটো হ’ল নিচাসক্ত অৱস্থাত বাহন (বিশেষকৈ মটৰচাইকেল বা গাড়ী) চলোৱাটো (Drink and Drive)। নিচাগ্ৰস্ত অৱস্থাত চালকজনে বাহনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু স্বাভাৱিকতকৈ তীব্ৰ বেগত গাড়ী চলাই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে। এনে দুৰ্ঘটনাত কেৱল নিচাসক্ত চালকজনেই প্ৰাণ নেহেৰুৱায়, বৰঞ্চ বাটত ওলাই যোৱা নিৰ্দোষী পথচাৰী বা আন আৰোহীও অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।
এই মৰ্মান্তিক সামাজিক ব্যাধি কেৱল আৰক্ষীৰ কঢ়া অভিযান বা চৰকাৰী আইনেৰে সম্পূৰ্ণ বন্ধ কৰা অসম্ভৱ। ইয়াৰ বাবে প্ৰতিজন নাগৰিক আৰু বিশেষকৈ প্ৰতিটো পৰিয়াল অন্তৰৰ পৰা সজাগ হ’ব লাগিব। চহকী-দুখীয়া, চাকৰিয়াল-শ্ৰমিক সকলোৱে বুজি পাব লাগিব যে নিচাই কেতিয়াও কাৰোৰে মংগল সাধন নকৰে। আহক, আমি সকলোৱে মিলি এক সুস্থ, সুৰক্ষিত আৰু নিচামুক্ত সমাজ গঢ়াৰ সংকল্প লওঁ।
