ভাগ্য নে কৰ্ম- জীৱনত প্ৰকৃত শক্তিশালী কোন? – ৰশ্মি ৰেখা দুৱৰা

Pc Unsplash

ভাগ্য নে কৰ্ম- জীৱনত প্ৰকৃত শক্তিশালী কোন?

ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

সাধাৰণতে ক’বলৈ গ’লে, ভাগ্য আৰু কৰ্ম দুয়োটাই জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। তথাপি মোৰ মতে, ভাগ্যতকৈ মানুহৰ নিজৰ কৰ্মই অধিক শক্তিশালী। ভাগ্যই হয়তো আমাক এটা সুযোগ দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰ কৰাৰ ক্ষমতা কেৱল কৰ্মৰহে থাকে।

ভাগ্যৰ ফলত আমি সম্ভ্ৰান্ত পৰিয়ালত জন্মলাভ কৰিব পাৰোঁ, উপৰিপুৰুষে অৰ্জন কৰি থৈ যোৱা ধন-সম্পত্তিৰ অধিকাৰী হ’ব পাৰোঁ। কিন্তু সেই সম্পদ যদি সঠিকভাৱে ব্যৱহাৰ নকৰোঁ, তেন্তে এদিন সেই সকলোবোৰ ধ্বংস হৈ যাব পাৰে। সেয়েহে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিলে নহ’ব। কৰ্ম কৰিব লাগিব। কৰ্মৰ জৰিয়তেহে সফলতা লাভ কৰিব পাৰি।

কৰ্ম নকৰি কেৱল ভাগ্যৰ আশাত হাত সাবটি বহি থাকিলে হাতত থকা সামান্যখিনিও হেৰুৱাবলগীয়া হ’ব পাৰে। আত্মবিশ্বাস, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে এজন সাধাৰণ মানুহকো সফলতাৰ শিখৰলৈ লৈ যাব পাৰে। ইতিহাসত এনে বহু লোকৰ উদাহৰণ আছে, যিসকলে দুৰ্ভাগ্যক জয় কৰি নিজৰ কৰ্মৰ জৰিয়তে জীৱনৰ গতিপথ সলনি কৰিবলৈ সক্ষম হৈছে।

আমাৰ অধিকাৰ কেৱল কৰ্মৰ ওপৰতহে, ভাগ্যৰ ওপৰত নহয়। ভাগ্য আমাৰ হাতত নাথাকিলেও কৰ্ম আমাৰ হাতৰ মুঠিত।কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিয়ে বহু সময়ত অসম্ভৱ যেন লগা কামো সম্ভৱ কৰি তোলে। আজিৰ পৃথিৱীত মানুহৰ নিজৰ কৰ্ম আৰু বুদ্ধিৰ এক উৎকৃষ্ট উদাহৰণ হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI)। AI মানুহৰে সৃষ্টি। মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু গৱেষণাৰ জৰিয়তে এনে এক প্ৰযুক্তি সৃষ্টি কৰিছে, যিয়ে আজি সমগ্ৰ পৃথিৱীক নতুন ৰূপ দিছে। সেয়েহে মানুহৰ কৰ্মশক্তি কিমান শক্তিশালী, তাৰ প্ৰমাণ আমাৰ চাৰিওফালেই বিদ্যমান।

উদাহৰণস্বৰূপে, এজন ৰোগীক চিকিৎসকে হয়তো অতি কম সময় অৰ্থাৎ এমাহ জীয়াই থাকিব বুলি কৈছিল। কিন্তু উপযুক্ত চিকিৎসা, ৰোগীৰ মনোবল আৰু জীয়াই থকাৰ প্ৰবল ইচ্ছাৰ ফলত তেওঁ সুস্থ হৈ বহু বছৰ জীয়াই থাকিব পাৰে। ইয়াত চিকিৎসকৰ জ্ঞান, ৰোগীৰ সাহস আৰু নিৰন্তৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। অৰ্থাৎ, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি কৰ্ম আৰু প্ৰচেষ্টাই জীৱনক নতুন দিশত আগুৱাই নিব পাৰে।

কিছু ক্ষেত্ৰত ভাগ্যই জীৱনৰ দুৱাৰখন মুকলি কৰিব পাৰে, কিন্তু সেই দুৱাৰেদি কৰ্ম কৰি আগুৱাই গ’লেহে সফলতাৰ শিখৰত উপনীত হ’ব পাৰি। ভাগ্যই সুযোগহে দিয়ে, কিন্তু কৰ্মইহে সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকায়। জীৱনত সফল হ’বলৈ হ’লে ভাগ্যৰ অপেক্ষাত ৰৈ থকাতকৈ নিজৰ কৰ্ম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভাগ্যই জীৱনৰ আৰম্ভণিহে কৰে, কিন্তু কৰ্মইহে জীৱনৰ পৰিণতি নিৰ্ধাৰণ কৰে।