জন্মদিনত বিশ্বজিৎ বৈশ্যৰ অভিনীত ভিডিঅ’ গীত মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত উদীয়মান অভিনেতা তথা নৃত্য কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যৰ জন্মদিন উপলক্ষে তেওঁৰ নিজে অভিনয় কৰা নতুন ভিডিঅ গীত মন- ময়ুৰী মুকলি কৰা হয়। মুকলি কৰে, ছৱি নিৰ্মাতা, সাংস্কৃতিক কৰ্মী হেমন্ত কলিতাই। এম.এন.প্ৰডাকচনৰ বেনাৰত নিৰ্মিত গীতৰ.কন্ঠ,কথা,সুৰ- ৰাজ মহিম নাথৰ,সংগীত পৰিচালনা- উমেশ নাথৰ, মিক্সিং- মুকুল বৰদলৈৰ। গীতটোৰ নৃত্য কৰিঅ’গ্ৰাফী বিশ্বজিৎ বৈশ্যৰ আৰু ভিডিঅ পৰিচালনা প্ৰাণজিত দাসৰ।অভিনয় কৰিছে, বিশ্বজিৎ বৈশ্য, ভাস্কৰ ভৰালী আৰু ৰাগিণীয়ে। কামৰূপৰ বিভিন্ন মনোমোহা লোকেচনত চিত্ৰ গ্ৰহণ কৰা হয়। ভিডিঅ টোত প্ৰেম, সংগীত, সপোনৰ অনুভূতিৰে সজোৱা “মন- ময়ুৰী” ৰ জৰিয়তে বিশ্বজিৎ বৈশ্যই অভিনয়ৰ লগতে নৃত্য কৰিঅ’গ্ৰাফীৰ ক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।নিজৰ জন্মদিনটোত ,নিজৰ ঘৰতে নিজে অভিনয় কৰা গীত মুকলি হোৱাটো বিশ্বজিৎ বৈশ্যৰ বাবে এক বিশেষ আৰু স্মৰণীয় মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকে, সংগীত শিল্পী নিলাধৰ নাথ, কন্ঠশিল্পী ৰাজ মহিম নাথ, বিশ্বজিৎ বৈশ্য, ভাস্কৰ ভৰালী, কৌতুক অভিনেতা,ইউটিউবাৰ প্ৰাণজিত দাস, নয়ন মণি দাস আদি। গীতটোৱে দৰ্শক ৰাইজৰ মৰম লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে, এম. এন. প্ৰডাকচনৰ সমগ্ৰ টিমে।
