নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক কঠোৰতম শাস্তিৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে চলিছে কুচকাৱাজ

pc Sentinal Assam

নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক কঠোৰতম শাস্তিৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে চলিছে কুচকাৱাজ

অনলাইন বাৰ্ত্তাসেৱা- ঢকুৱাখনা নগৰৰ প্ৰতিশ্ৰুতি সম্পন্ন  ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক ফাঁচি দিয়াৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপনৰ সময়তে  এটা অশুভ চক্ৰই সংগোপনে আৰু খুব পৰিকল্পিত ভাবে নৰপিশাচটোক কঠোৰতম শাস্তিৰ পৰা পৰিত্ৰাণ দিয়াৰ এক নিকৃষ্ট চক্ৰান্ত অব্যাহত ৰাখিছে। ধেমাজি  জিলাৰ মৰিধল মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টু শৰ্মাক মানসিক ৰোগী সজাই কঠোৰতম আইনী শাস্তিৰ পৰা ৰেহাই দিয়াৰ গোপন কুচকাৱাজ আৰম্ভ হৈছে। এটা শক্তিশালী চক্ৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে আৰম্ভ হোৱা নৰখাদক বছাও অভিযানত নামি পৰিছে কেইবাজনো ঘাটকটোৰ প্ৰভাৱশালী ঘনিষ্ঠ ব্যক্তি। নৰহত্যাকাৰীৰ ৰক্ষণাবেক্ষণত নামি পৰা এই মতলবী প্ৰভাৱশালী চক্ৰটোৱে এই নিকৃষ্ট অভিসন্ধি আৰম্ভ কৰি দিয়া বুলি জানিব পৰা গৈছে।  নৰহত্যাৰ দৰে  ঘৃণনীয় বৰ্বৰ কাণ্ড সংঘটিত কৰি  ধেমাজিৰ  ইতিহাসত কালিমা সনা  এই  মানুহৰ নামত কলংকটোৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসী একত্ৰিত হৈ থিয় দিয়াৰ সময়তে আৰম্ভ হোৱা এই ঘাটক উদ্ধাৰ অভিযানত শৰ্মাৰ ঘনিষ্ঠ এজন  আৰক্ষীৰ নামো বিশেষ ভাবে চৰ্চালৈ আহিছে। ঘাটকটোৱে নাৰকীয় কাণ্ড সংঘটিত কৰি  এখন বাঁহনিত সোমাই দিয়া ৰাজহুৱা  স্বীকাৰুক্তিৰ সময়ত সেইজন আৰক্ষীৰ নাম লোৱা , চিকিৎসালয়ত  সেই গৰাকী আৰক্ষীয়েই  ” তাক কালি বহুবাৰ বুজালো , সি নুবুজিলে, কামটো কৰি দিলে” বুলি  কৰা বক্তব্যই  বিশেষ আৰক্ষীজনলৈ সন্দেহৰ আঙুলি তুলিছে  নন্দিতাৰ অকাল  মৃত্যুত শোকস্তদ্ধ ৰাইজ সংগঠনে । ঘটনাৰ দিনা মহাবিদ্যালয়খনৰ সন্মুখৰ পৰা  পৰীক্ষা দি উভতি আহোতে দুজন আৰক্ষীয়ে  নন্দিতা অহা  মটৰ চাইকেলখন অনুসৰণ  কৰা আদি বিষয় বোৰেও বিশেষ তাৎপৰ্য আৰু ইংগিত বহন কৰিছে। শীর্ষ আৰক্ষী বিষয়া জি পি সিংৰ তদন্ত কালত এই দিশবোৰ  সন্নিবিষ্ট হলেহে  তদন্ত নিখুঁত নিৰপেক্ষ হোৱাৰ সম্ভাৱনা  আহিব।  ইপিনে  নন্দিতাৰ  নিৰ্মম আৰু পৈশাসিক হত্যাকাণ্ডৰ নায়কে  দৃষ্টান্তমূলক আৰু নজিৰ বিহীন শাস্তি নোপোৱা লৈকে  দুৰ্ভগীয়া নন্দিতাৰ পৰিয়ালৰ সদস্যৰ দৰে ভূমিকা পালি  আইনী আৰু  সামাজিক  সাহায্য আগবঢ়োৱাৰ  যুঁজত  জড়িত হৈ যোৱাৰ  প্ৰতিশ্ৰুতি দিয়ে   সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চাও  মনোজ গগৈয়ে । নন্দিতাৰ পৰিয়ালৰ মাজত উপস্থিত হৈ সম্পাদক  গগৈয়ে  আত্মীয়ক দুষীয়ে কঠোৰ শাস্তি পাবই লাগিব বুলি কৈ  অভিযুক্তক  ৰক্ষণাবেক্ষণ দিবলৈ অপচেষ্টা কৰা সকলৰ ওপৰতো   সন্থাই  সূক্ষ্ম দৃষ্টি ৰাখিব  বুলি সকীয়াই দিয়ে ।  তেওঁ  আটাছোৰ প্ৰতিখন জিলা  সমিতিয়ে শীঘ্ৰেই  প্ৰতিখন    জিলাৰ উকীল সন্থালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই নৰখাদকটোৰ হৈ  আইনী সাহায্য আগ নবঢ়াবলৈ আহ্বান জনাব বুলি ঘোষণা কৰে।  কেন্দ্ৰীয় নেতা অচ্যুত বৰগোঁহাইৰ সৈতে উপস্থিত হোৱা গগৈয়ে  সন্থাই  গোচৰিয়া পক্ষৰ হৈ এগৰাকী সুদক্ষ  চৰকাৰী অধিবক্তা  নিযুক্তিৰে তদন্ত প্ৰক্ৰিয়া সমাজমুখী, নিখুঁত আৰু নিৰপেক্ষ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশলৈ  স্মাৰক পত্ৰ প্ৰেৰণ  কৰিব বুলি  ঘোষণা কৰে। বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ  কেন্দ্ৰীয় সম্পাদিকা ৰানু তামুলী , ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদিকা অন্নপূৰ্ণা নাথ আদিয়ে নন্দিতাৰ ঘৰত  উপস্থিত হৈ গভীৰ সম বেদনা জ্ঞাপন কৰি ঘাটকটোক মৃত্যুদণ্ড দি ভৱিষ্যতে যাতে কোনোৱে এনে  দুষ্কাৰ্য কৰিবলৈ সাহস নকৰে তাক নিশ্চিত কৰিবলৈ দাবী জনায়।  ইপিনে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  উপ পঞ্জীয়ক ( প্ৰশাসন) ডঃ পৰমানন্দ সোণোৱাল নন্দিতাৰ ঘৰত উপস্থিত হৈ দুখৰ সমভাগী হয়  আৰু কস্মিতা দত্ত আৰু পিতৃ দেৱ দত্তৰ ঘৰত উপস্থিত হৈ আশু আৰোগ্য কামনা কৰে ।

(utpal Kalita)