বুকুৰ ছাঁ
বনজিত দাস,ৰিহাবাৰী, বজালী
আন্ধাৰক সুধিব পাৰি জানো
বুকুৰ গভীৰতাত কিমান পোহৰ
কিদৰে সুধিব
বিষাদৰ অতল সাগৰত
সুখৰ বন্যা
কিমান গভীৰ
অমাৱস্যা ৰাতি কিদৰে বিলাই
বন-বননিৰ জয়াল বাটত
কিদৰে বিলাই দিয়ে
পোহৰৰ গতি
এয়াই চোন মোৰ বুকুৰ ছাঁ ।
প্ৰলয়ংকাৰী বিধ্বস্ত জনক সোধাগৈ
সূৰ্য্যাস্
প্ৰিয়জনক হেৰোৱাৰ বতৰা
সুখৰ বাঁহীৰ সুৰত মগ্ন
বুকুৰ গুণ-গুণনি
অনুপম সৃষ্টিত কিমান মতলীয়া
য’ত পোহৰেও
নিজৰ অস্তিত্ব বিচাৰি ফুৰে
এন্ধাৰে
হেৰুৱাই পেলায় নিজৰ ঠিকনা !
