জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজনীতিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক ছিদ্দিক আহমেদৰ দেহাৱসান। দেওবাৰে পুৱা ৮.১০ বজাত বাৰৈগ্ৰামস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ছিদ্দিক আহমেদ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল আহমেদে। ১৯৬২ চনৰ ১ অক্টোবৰত জন্মগ্ৰহণ কৰা ছিদ্দিক আহমেদে কংগ্ৰেছ দলৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছেল। ছিদ্দিক আহমেদে অসম বিধানসভাত দক্ষিণ কৰিমগঞ্জ সমষ্টিক প্রতিনিধিত্ব কৰিছিল। ২০০১-২০১৬ চনলৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জ্যেষ্ঠ ৰাজনীতিকজনে। মুঠ ৪বাৰ বিধায়ক হিচাপে নির্বাচিত হোৱা জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ মন্ত্রীসভাত সমবায় বিভাগৰ মন্ত্রী হিচাপেও গুৰু দায়িত্ব পালন কৰিছিল। জটিল ৰোগৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী অভিজ্ঞ নেতাৰ দেহাৱসানত সমগ্ৰ কৰিমগঞ্জ জিলাৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন ৰাজনৈতিক দল-সংগঠন তথা গুণমুগ্ধসকলে প্রয়াত নেতাগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ছিদ্দিক আহমেদৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি কয়, বহু বছৰৰ সতীৰ্থ, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ডাঙৰীয়াৰ অকাল বিয়োগৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ। ৰাজনীতিৰ ঊৰ্ধ্বত আমাৰ বন্ধুত্বৰ প্ৰতিটো স্মৃতিয়ে আজি বাৰুকৈয়ে মনত দোলা দিছে৷ এই মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি আবেলি ৪.৩০ বজাত তেওঁৰ পুৰণি ঘৰ টুকেৰ বাজাৰত জানাজা সম্পন্ন কৰা হ’ব ।
