নগাঁও উপ-নির্বাচনৰ বাবে আজি ঘোষণা হ’ব কংগ্ৰেছ প্ৰাৰ্থীৰ নাম
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব তাকে লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন বৈঠক। চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, অসম কংগ্ৰেছৰ নব-নিযুক্ত তত্ত্বাবধায়ক ভূপেশ বাঘেলৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক। ক্রমাগতভাৱে পৰাজয়ৰ সন্মুখীন হৈ অহা কংগ্রেছে লোকসভা উপ-নির্বাচনৰ সুযোগ লৈ পুনৰুদ্ধাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱা ভূপেশ বাঘেলে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰিলে কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠক। কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা আসনখন পুনৰ নিজৰ হাতলৈ আনিবলৈ কংগ্রেছ সক্ষম হ’বনে, তাক লৈ এই বৈঠকত হ’ল দীঘলীয়া আলোচনা। দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে ৰাজীৱ ভৱনৰ লগতে গ্রীনউড হোটেলত বিৰোধী দলসমূহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ভূপেশ বাঘেল। শনিবাৰে পুৱাৰ ভাগত ৰাজীৱ ভৱনত উপস্থিত হোৱা কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সৈতে প্রথমখন বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পিছতে কংগ্ৰেছ কমিটীৰ সৈতে দ্বিতীয়খন বৈঠক, বিধায়কসকলৰ সৈতে তৃতীয়খন বৈঠক আৰু জিলা সভাপতি, জিলা তত্ত্বাবধায়ক, সাধাৰণ সম্পাদকসকলৰ সৈতে চতুর্থখন বৈঠক অনুষ্ঠিত কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত যাতে চামগুৰি উপ-নিৰ্বাচনৰ পুনৰাবৃত্তি নঘটে তাক লৈ অধিক সতর্ক হোৱা কংগ্ৰেছে প্রার্থী নিৰ্বাচনৰ ক্ষেত্ৰত খুব সতর্কতাৰে আগবাঢ়িব খুজিছে যদিও প্রার্থী বাছনিক লৈ চলা দীঘলীয়া প্ৰক্ৰিয়াই পুনৰ দলীয় সমর্থকক হতাশ কৰি তুলিছে। ৰাজীৱ ভৱনত চাৰিখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ পাছতো প্রার্থী বাছনি কৰিব নোৱাৰা ঘটনাই নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত বেকফুটলৈ ঠেলিছে কংগ্রেছক। দলীয় সূত্রই প্রকাশ কৰা অনুসৰি বৈঠকত দলীয় প্রার্থী চূড়ান্ত কৰাৰ কথা আছিল যদিও ভূপেশ বাঘেলে চাৰিখনকৈ বৈঠকৰ অন্তত ৰবিবাৰে দিল্লীলৈ উভতি গৈহে প্রার্থী বাছনি চূড়ান্ত কৰিব বুলি ঘোষণা কৰে। এনে অৱস্থাত আজি সন্ধিয়া নতুবা সোমবাৰেহে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইফালে প্রার্থী বাছনিক লৈ প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে কোনোধৰণৰ বৈঠকত বহা নাই বুলি স্পষ্ট কৰিলে প্ৰাক্তন বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা, বলীন কুলি, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰ’জলিনা তিকী, জাকিৰ হুছেইন শিকদাৰ, ডাঃ হেমহৰি পেগু, ৰাজু চাহু, মীনা তেলী, ঘন বুঢ়াগোহাঁই, প্রণয় ৰাভা, এতোৱা মুণ্ডা, প্রণতি ফুকনকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
