বিশেষভাৱে সক্ষম এগৰাকী এথলীটক কনভয় ৰখাই সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

বিশেষভাৱে সক্ষম এগৰাকী এথলীটক কনভয় ৰখাই সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী বিশেষভাৱে সক্ষম এথলীটক নিজৰ কনভয় ৰখাই গাড়ীৰ পৰা নামি গৈ সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশেষভাৱে সক্ষম এথলীটগৰাকীক গাড়ীৰ পৰা নামি গৈ সাক্ষাৎ কৰা দৃশ্যই সামাজিক মাধ্যমত ব্যাপক গুৰুত্ব লাভকৰিছে। আদিংগিৰিলৈ গৈ থকা মুখ্যমন্ত্রী ড° শর্মাক অভিবাদন জনাবলৈ পথৰ দাঁতিত অপেক্ষা কৰি আছিল পেৰা গেমছত ৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰা এগৰাকী দিব্যাংগ এথলীটে। মুখ্যমন্ত্রীয়ে গাড়ীৰ পৰা নামি গৈ কিশোৰীগৰাকীৰ উপহাৰ গ্ৰহণ কৰাৰ লগতে সৌজন্যমূলক বাৰ্তালাপ কৰে। এই সন্দর্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে লিখিছে- কোনে কয়, বয়সত ডাঙৰসকলে সৰুসকলৰ পৰা শিকিব লগা নাই বুলি! শিকাৰ কোনো সময় নাই, বয়স নাই। কালি আদিংগিৰিলৈ যাওঁতে বাটত লগ পাইছিলোঁ এগৰাকী সাহসী ভাগিনীক। প্রতিবন্ধকতাই ৰুদ্ধ কৰিব নোৱাৰা ভাগিনীজনীয়ে পেৰা গেমছত ৰাষ্ট্ৰীয় সোণৰ পদক বোটলাৰ সমান্তৰালভাৱে সফলতাৰে আগুৱাই নিছে নিজৰ উচ্চ শিক্ষা। ভাগিনীজনীৰ সেই ক্ষন্তেকীয়া সান্নিধ্যই বহু কথাই শিকাই থৈ গ’ল। তেওঁক আশীর্বাদ দি গন্তব্য স্থানলৈ পুনৰ আগবাঢ়িছিলোঁ, মনত এক নতুন শক্তি লৈ।