ৰাজ্যৰ তিনি জিলাৰ বানপীড়িত ৰাইজলৈ অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ তিনি জিলাৰ বানপীড়িত ৰাইজলৈ অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানে বিধ্বস্ত কৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত ১৬,৭৪৬টা বানপীড়িত পৰিয়াললৈ চতুর্থ পর্যায় ১৫ হাজাৰ টকাকৈ অন্তর্বর্তীকালীন বান সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্রীয়ে প্রত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাৰে প্ৰদান কৰা মুঠ ২৫.১২ কোটি টকা এই তিনিখন জিলাৰ বানপীড়িত পৰিয়ালে লাভ কৰিব। এই সাহায্য মুকলিৰ পাছত ৰাজ্য চৰকাৰে বানাক্ৰান্ত জিলাসমূহত ১,১৭,০৯৫টা পৰিয়াললৈ এতিয়ালৈকে মুঠ ১৭৫,৬৪ কোটি টকাৰ অন্তৰ্বর্তীকালীন বান সাহায্য প্রদান কৰিব। বান সাহায্য প্রদান কৰি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বন্যার্ত ৰাইজে কঠিন পৰিস্থিতিৰ সময়ত প্ৰদৰ্শন কৰা ধৈর্য আৰু সাহসৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়-প্রত্যক্ষ আর্থিক সাহায্য প্ৰদানৰ উপৰি ৰাজ্য চৰকাৰে বন্যার্ত পৰিয়ালসমূহক সহায় কৰিবলৈ বেংকৰ মৰেট ‘ৰিয়াম আৰু বীমা দাবী নিষ্পত্তিৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বানৰ পিছৰ পুনঃনির্মাণ আৰু পুনঃসংস্থাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ, নামঘৰ আৰু বিদ্যালয়কে ধৰি বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনিৰ ব্যাপক পুনৰুদ্ধাৰৰ কাম হাতত লৈছে। পুনঃনির্মাণ আৰু ইয়াৰ সৈতে জড়িত কাম-কাজৰ বাবে প্রায় ৩৩০ কোটি টকা ব্যয় কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে কয়- শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাত বান সাহায্য, পুনঃসংস্থাপন আৰু বানৰ পাছৰ পুনঃনিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নতুন মাপকাঠী গ্ৰহণ কৰিছে। গহপুৰ আৰু ৰাজ্যৰ অন্যান্য বানাক্ৰান্ত অঞ্চলসমূহতো সাহায্য প্ৰদানৰ ক্ষেত্রত একেই পদ্ধতি আৰু মাপকাঠী গ্ৰহণ কৰা হ’ব। এই অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, বিশ্বজিৎ দৈমাৰী, মুখ্য সচিব ড° ৰবি কোটা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ ছাংছনকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।