চিএম ফ্লাইট-জীৱন প্ৰেৰণা আঁচনি মুকলি মুখ্যমন্ত্ৰী ড° শর্মাৰ

চিএম ফ্লাইট-জীৱন প্ৰেৰণা আঁচনি মুকলি মুখ্যমন্ত্ৰী ড° শর্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ যুৱপ্ৰজন্মক আগুৱাই নিয়াৰ প্রয়াসেৰে ৰাজ্যত আৰম্ভ হ’ল চীফ মিনিষ্টাৰ্ছ ফ’ৰেইন লেংগুৱেইজ ইনিটিয়েটিভ ফৰ গ্ল’বেল হিউমেন টেলেন্ট (চিএম ফ্লাইট)। উন্নয়নৰ যাত্ৰাত যুৱক-যুৱতীৰ সপোন, দক্ষতাৰ শক্তিৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ৰাষ্ট্ৰত কর্মসংস্থাপন মুকলি কৰি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুকলি কৰা চিএম ফ্লাইট আঁচনিৰ অধীনত উপকৃত হ’ব ৰাজ্যৰ ২০০ গৰাকী যুৱক-যুৱতী। এই আঁচনিৰ অধীনত বিদেশী ভাষা শিকাৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে এক লাখ টকা আৰু নিযুক্তি লাভৰ পাছত ৫০ হাজাৰ টকা আগবঢ়োৱা হ’ব। এই উপলক্ষে লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই শিক্ষার্থীসকললৈ ডিবিটিযোগে এই ধনৰাশি প্রদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- যুৱ সমাজৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰি এক দক্ষ, বিশ্বব্যাপী প্রতিযোগিতামূলক আৰু নিয়োগৰ বাবে সাজু মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰ প্রতিশ্রুতিবদ্ধ। বিদেশী ভাষাৰ দক্ষতাৰ জৰিয়তে যুৱক-যুৱতীসকলে উচ্চ উপার্জনক্ষম বিদেশী নিয়োগৰ সম্ভাৱনা বৃদ্ধি পাব। সমগ্র পৃথিৱী এক উমৈহতীয়া কর্মক্ষেত্ৰত পৰিণত হৈছে আৰু বহু দেশে জনগাঁথনি আৰু কৰ্মশক্তিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ফলত অসমৰ দক্ষ যুৱক-যুৱতীসকলৰ বাবে যথেষ্ট সুযোগ সৃষ্টি হৈছে। এই ক্রমবর্ধমান সুযোগসমূহৰ সর্বোত্তম ব্যৱহাৰেৰে নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰা দক্ষতা আহৰণ কৰি জাপান, ছিংগাপুৰ আৰু অন্যান্য দেশত কাম কৰাৰ সুযোগ লাভ কৰিব ৰাজ্যৰ যুৱক-যুৱতীসকলে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে চিএম ফ্লাইচ আঁচনিৰ অধীনত আছিয়ান অসম একাডেমী, মিৰাই জাপানীজ লার্নিং চেণ্টাৰ আৰু জেছেক্স ভেঞ্চাৰ্ছ এলএলপিকে ধৰি বিভিন্ন প্রতিষ্ঠানলৈ আর্থিক সাহায্যৰ চেক প্রদান কৰে। মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত ইয়াকো উল্লেখ কৰে যে বিদেশত দক্ষ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ ক্ৰমবর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়ত ৫খন জিএনএম প্রতিষ্ঠান বাছনি কৰি তাত থকা নাৰ্ছসকলক তেওঁলোকৰ মূল পেছাগত দক্ষতাৰ লগতে ইংৰাজী আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই পদক্ষেপে অসমৰ নাৰ্ছিং পেছাদাৰীসকলক আন্তঃৰাষ্ট্ৰীয় নিয়োগৰ সুযোগ লাভৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বিদেশত কর্মজীৱনৰ বাবে তেওঁলোকৰ প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিব। ইফালে এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই মুখ্যমন্ত্রী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সদ্য স্নাতক ছাত্র-ছাত্রীসকলক আর্থিক সাহায্য প্রদান কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সদ্য স্নাতক শিক্ষার্থীসকলক শিক্ষা জীৱনৰ পৰা কৰ্মজীৱনলৈ উত্তৰণৰ সময়ছোৱাত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আর্থিক সাহায্য প্রদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত আধাৰ সংযুক্ত ৪৭,৫০৫ গৰাকী হিতাধিকাৰীলৈ আর্থিক সাহায্য মুকলি কৰে। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য সদ্য স্নাতকে ১২ মাহৰ বাবে প্রতিমাহে ২,৫০০ টকাকৈ আর্থিক সাহায্য লাভ কৰিব। এই আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- অসম বিধানসভা নিৰ্বাচনৰ সময়ত আদর্শ আচৰণবিধি বলৱৎ হৈ থকাত চলিত বিত্তীয় বর্ষত সাহায্য মুকলি কৰাৰ ক্ষেত্ৰত কিছু পলম হৈছে। সেয়েহে চৰকাৰে ২০২৬ চনৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে চাৰি মাহৰ সাহায্য একেলগে মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। আধাৰ সম্পৰ্কীয় সমস্যা সমাধানৰ প্ৰক্ৰিয়া চলি থকা প্রায় এহেজাৰগৰাকী অতিৰিক্ত ছাত্ৰ-ছাত্ৰীয়ে প্রয়োজনীয়া আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত এই আঁচনিৰ ধন লাভ কৰিব। তেওঁ কয়- ২০২৫ চনত এই আঁচনিৰ অধীনত ৪৮,৩৬৬গৰাকী সদ্য স্নাতকক আর্থিক সাহায্য প্রদান কৰা হৈছিল। এই সাহায্যই তেওঁলোকক প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, উদ্যোগীকৰণৰ প্ৰচেষ্টা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িবলৈ সহায় কৰিছিল। ২০২৫-২৬ বৰ্ষৰ আঁচনিৰ সাহায্য ২০২৬ চনৰ মাৰ্চ মাহলৈকে প্রদান কৰা হৈছিল যদিও নির্বাচনী আচৰণবিধিৰ বাবে ২০২৬-২৭ বৰ্ষৰ আঁচনি ৰূপায়ণ সাময়িকভাৱে প্ৰভাৱিত হৈছিল।