ষড়ৰিপু: মানৱ জীৱনৰ অৱচেতন মনৰ জটিল সংগ্ৰাম – প্ৰেম বৈষ্ণৱ

Pc Sri Sathya Sai Bal Vikas

ষড়ৰিপু: মানৱ জীৱনৰ অৱচেতন মনৰ জটিল সংগ্ৰাম

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

মানৱ জীৱন এক নিৰন্তৰ যাত্ৰা। এই যাত্ৰাপথত মানুহে বাহ্যিক পৰিৱেশৰ নানা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ সমান্তৰালভাৱে নিজৰ অন্তৰৰ অৱচেতন মনত লুকাই থকা কিছুমান সূক্ষ্ম প্ৰতিকূল শক্তিৰ বিৰুদ্ধেও সংগ্ৰাম কৰিবলগীয়া হয়। ভাৰতীয় দৰ্শনশাস্ত্ৰত এই আভ্যন্তৰীণ অশুভ শক্তিবোৰক ষড়ৰিপু বুলি অভিহিত কৰা হৈছে। এই শব্দটোৱে ছয়টা শত্ৰুৰ অৱস্থানক বুজায়, যিবোৰে মানুহৰ বিবেক, বুদ্ধি আৰু নৈতিকতাক আৱৰি ধৰি মানুহক পতনৰ দিশলৈ লৈ যায়। ষড়ৰিপুৰ এই ছয়টা প্ৰবৃত্তি হ’ল কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য। মানৱ জীৱনৰ অৰ্থপূৰ্ণতা বিচাৰ কৰিবলৈ হ’লে এই ৰিপুসমূহৰ প্ৰকৃতি আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে গভীৰ পৰ্যবেক্ষণৰ প্ৰয়োজন। জীৱনৰ প্ৰতিটো খোজত আমি এই শক্তিৰ সৈতে মুখামুখি হ’ব লাগে, আৰু ইয়াৰ পৰা উত্তৰণৰ উপায় বিচাৰ কৰাটোৱেই হৈছে এক শ্ৰেষ্ঠ সাধনা।

কাম:- প্ৰথম শত্ৰু কাম হৈছে মানৱ সত্তাৰ এক অদম্য বাসনা। অতীজৰ পৰা আধুনিক কাললৈকে কামক কেৱল শাৰীৰিক প্ৰবৃত্তিৰ চশমাৰে চোৱা হৈছে, কিন্তু ইয়াৰ ব্যাপ্তি তাৰ বহু উৰ্ধত। কোনো বিশেষ লক্ষ্য, বস্তু, ক্ষমতা অথবা যশস্যাৰ প্ৰতি থকা অদম্য তৃষ্ণাই কামৰ ৰূপ লয়। এই প্ৰবৃত্তিয়ে মানুহক সদায় অধৈৰ্য কৰি ৰাখে। যেতিয়া কোনো আকাংক্ষা পূৰণৰ বাবে মানুহে নৈতিকতাৰ সীমা অতিক্ৰম কৰে, তেতিয়া সেই আকাংক্ষা পতনৰ কাৰণ হৈ পৰে। কামৰ বশৱৰ্তী হৈ মানুহে বিচাৰ-বুদ্ধি হেৰুৱাই পেলায়। সমাজত হোৱা বহুতো অপৰাধ, দুৰ্নীতি আৰু শোষণৰ মূলতে থাকে এই কামৰ প্ৰভাৱ। ব্যক্তি এজনে যেতিয়া নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি আনৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰে, তেতিয়া সেই ব্যক্তিজন কামৰ দাস হৈ পৰে। কামৰ প্ৰভাৱত মানুহৰ কল্পনাশক্তি বিকৃত হয় আৰু তেওঁলোকে ক্ষন্তেকীয়া আনন্দৰ বাবে দীৰ্ঘম্যাদী দুখক আদৰি লয়। আধ্যাত্মিক দৰ্শনৰ দৃষ্টিত কামে মনক বহিৰ্মুখী কৰি তোলে আৰু ইয়াৰ ফলত আত্মাৰ প্ৰকৃত স্বৰূপ অনুভৱ কৰাটো অসম্ভৱ হৈ পৰে। কামক নিয়ন্ত্ৰণ কৰিবলৈ হ’লে প্ৰথমতেই জীৱনৰ প্ৰয়োজন আৰু প্ৰলোভনৰ মাজত থকা পাৰ্থক্যক বুজি উঠিব লাগিব। সংযম আৰু সঠিক লক্ষ্য নিৰ্ধাৰণে এই শত্ৰুক শিথিল কৰিব পাৰে। ইন্দ্ৰিয়সমূহক অনুশাসনৰ মাজত ৰাখিব পাৰিলেহে কামৰ অদম্য গতি স্তিমিত হয়।

ক্ৰোধ :- দ্বিতীয় শত্ৰু ক্ৰোধ হৈছে এক প্ৰচণ্ড মানসিক দহন। ক্ৰোধৰ উৎপত্তি হয় মূলত আশা ভংগৰ পৰা। যেতিয়া কাৰোবাৰ মনৰ ইচ্ছা কোনো বাহ্যিক বাধাৰ বাবে পূৰণ নহয়, তেতিয়া ক্ৰোধৰ অৱস্থা সৃষ্টি হয়। ক্ৰোধ মানুহৰ বাবে এক আত্ম দহন শক্তি। ক্ৰোধে কেৱল আনৰ ক্ষতি নকৰে, সেই বিপৰীতে নিজৰ দেহ আৰু মনৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। চিকিৎসা বিজ্ঞানৰ মতে, ক্ৰোধৰ ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু অকাল বাৰ্ধক্যৰ দৰে শাৰীৰিক জটিলতা বৃদ্ধি পায়। ক্ৰোধিত অৱস্থাত মানুহৰ মগজুত এক ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে, যাৰ ফলত মানুহৰ পৰিপক্ক সিদ্ধান্ত লোৱাৰ ক্ষমতা কমি যায়। সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত ক্ৰোধ এক বিষাক্ত উপাদান। ক্ৰোধে আপোনজনক দূৰ কৰি দিয়ে আৰু মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে। পৰিয়ালত হওক বা কৰ্মক্ষেত্ৰত, ক্ৰোধৰ বিস্ফোৰণে চিৰদিনৰ বাবে বিশ্বাসৰ ভেটি ভাঙি পেলাব পাৰে। ক্ৰোধিত অৱস্থাত লোৱা যিকোনো সিদ্ধান্তই পৰৱৰ্তী সময়ত অনুশোচনাৰ কাৰণ হৈ পৰে। ক্ৰোধক জয় কৰাৰ উপায় হিচাপে ধৈৰ্য আৰু ক্ষমাৰ চৰ্চা কৰিব পাৰি। গভীৰ উশাহ-নিশাহ লোৱা বা ক্ষন্তেক সময় নিৰ্জনতাত কটোৱাৰ অভ্যাস কৰিলে ক্ৰোধৰ প্ৰকোপ হ্ৰাস কৰিব পাৰি। আনৰ পৰিপ্ৰেক্ষিতক বুজিবলৈ চেষ্টা কৰিলে ক্ৰোধৰ প্ৰাবল্য স্বাভাবিকতেই কমি যায়। ক্ৰোধক নিয়ন্ত্ৰণ কৰা মানে নিজৰ ব্যক্তিত্বৰ ওপৰত বিজয় সাব্যস্ত কৰা। যি ব্যক্তি ক্ৰোধক বশ কৰিব পাৰে, তেওঁ সমাজত প্ৰশান্তিৰ বাতাবৰণ তৈয়াৰ কৰিবলৈ সক্ষম হয়।

লোভ:- তৃতীয় ৰিপু লোভ হৈছে অতৃপ্ত অৱস্থাৰ এক চৰম প্ৰকাশ। লোভৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। যিমানেই আহৰণ কৰা হয়, সিমানেই অধিক হেঁপাহ জাগে। এই প্ৰবৃত্তিয়ে মানুহক ভৌতিক জগতৰ প্ৰতি আসক্ত কৰি তোলে। লোভে মানুহক কৰ্মতকৈ আহৰণত বেছি গুৰুত্ব দিবলৈ বাধ্য কৰায়। সমাজত যি অসাম্য বা অন্যায় দেখা যায়, তাৰ এক মুখ্য কাৰণ হৈছে লোভ। এজন লোভী ব্যক্তিয়ে কেতিয়াও সুখী হ’ব নোৱাৰে, কাৰণ তেওঁৰ মন সদায় তেওঁৰ হাতত নথকা সম্পদৰ পিছত দৌৰি থাকে। লোভৰ পৰিণতি বৰ ভয়াবহ; লোভে মানুহক অৰ্থহীন প্ৰতিযোগিতাৰ মাজলৈ ঠেলি দিয়ে। এই প্ৰতিযোগিতাত জিকিলেও কোনো তৃপ্তি নাথাকে, কিয়নো লোভৰ চকু সদায় আগৰ খোজতকৈও দীঘল পথত থাকে। লোভৰ পৰা মুক্ত হ’বৰ বাবে সন্তুষ্টিৰ প্ৰয়োজন। জীৱনত কি কি বস্তু বা সুবিধা আছে, তাৰ ওপৰত গুৰুত্ব দিলে মানসিক শান্তি পোৱা যায়। দৰিদ্ৰতাৰ ভয়ত নহয়, প্ৰয়োজনীয়তাৰ হিচাপত চলিলেহে লোভক প্ৰতিহত কৰিব পৰা যায়। মানৱতাৰ ধৰ্ম হৈছে ভাগ-বটোৱাৰা কৰা, কিন্তু লোভৰ প্ৰভাৱত মানুহে নিজৰ সাঁচতীয়া সম্পদক কেৱল নিজৰ বাবেহে সুৰক্ষিত কৰি ৰাখিব বিচাৰে। দানশীলতা আৰু সেৱাৰ অভ্যাস কৰিলে মানুহৰ মনৰ পৰা সংকীৰ্ণতা আঁতৰি যায় আৰু উদাৰতাৰ বিকাশ ঘটে।

এই তিনিওটা শত্ৰুৱে মানুহৰ সচেতনতাক অন্ধ কৰি ৰাখে। কাম, ক্ৰোধ আৰু লোভৰ কৱলত পৰিলে মানুহে নিজৰ প্ৰকৃত স্বৰূপ পাহৰি যায়। মানুহৰ নৈতিক স্খলনৰ আৰম্ভণি হয় এই তিনিওটা ৰিপুৰ জৰিয়তে। দৰ্শন আৰু আধ্যাত্মিকতাৰ শিক্ষাই মানুহক এই ৰিপুসমূহৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি, তাৰ পথ প্ৰশস্ত কৰে। এই পথ কেৱল তাত্ত্বিক আলোচনাৰ মাজত আবদ্ধ নাৰাখি ব্যৱহারিক জীৱনত প্ৰয়োগ কৰাটোৱেই প্ৰধান লক্ষ্য হ’ব লাগে। প্ৰতিটো মুহূৰ্তত নিজৰ মনৰ গতিপথ নিৰীক্ষণ কৰাটো এটা আৱশ্যকীয় কাম। আমাৰ জীৱনত কাম, ক্ৰোধ আৰু লোভৰ প্ৰভাৱ কিমান গভীৰ, তাক উপলব্ধি কৰিব পৰাটোৱেই মুক্তিৰ প্ৰথম ঢাপ। ক্ৰমশঃ আমি মোহ, মদ আৰু মাৎসৰ্যৰ দৰে বাকী ৰিপুসমূহৰ বিশ্লেষণ আৰু ইয়াৰ পৰা উত্তৰণৰ পথ আলোচনা কৰিম। মানৱীয় গুণাৱলীৰ বিকাশৰ দ্বাৰা এই শত্ৰুবোৰক বন্ধুসুলভ প্ৰবৃত্তিলৈ ৰূপান্তৰ কৰিব পাৰি। সংকল্প আৰু সাধনাৰ জৰিয়তে জীৱনক সুন্দৰ কৰি তোলাটোৱেই আমাৰ চূড়ান্ত লক্ষ্য। এই প্ৰক্ৰিয়াটো অতি ধীৰ যদিও ইয়াৰ পৰিণতি অতি কল্যাণময়। নিজৰ মনক জয় কৰিব পৰাটোৱেই আটাইতকৈ ডাঙৰ বিজয়। এই বিশাল মহাবিশ্বৰ সৈতে নিজৰ আত্মাক একাত্ম কৰিবলৈ হ’লে এই ৰিপুবোৰৰ পৰা মুক্ত হোৱাৰ কোনো বিকল্প নাই। আমাৰ চিন্তাধাৰা যদি পবিত্ৰ হয়, তেন্তে আমাৰ কামো শুদ্ধ হ’ব। এনেকৈয়ে আমি সমাজত এক ইতিবাচক পৰিৱৰ্তন আনিব পাৰিম।

মোহ :- চতুর্থ ৰিপু মোহৰ অৰ্থ অতি বিস্তৃত। মোহ হৈছে কোনো ব্যক্তি, বস্তু, পৰিস্থিতি বা ধাৰণাৰ প্ৰতি থকা এক প্ৰকাৰৰ অন্ধ আসক্তি, যিয়ে মানুহক সত্যৰ পৰা বিৰত ৰাখে। মোহৰ প্ৰভাৱত মানুহে মৰুভূমিত মৰীচিকা দেখাৰ দৰে অসাৰ বস্তুক সাৰ বুলি গণ্য কৰে। মোহৰ আটাইতকৈ বিপদজনক দিশটো হ’ল ইয়াৰ দ্বাৰা মানুহৰ বিচাৰ ক্ষমতাৰ বিলুপ্তি ঘটে। সন্তানৰ প্ৰতি থকা অতিৰিক্ত মোহে পিতৃ-মাতৃক সন্তানৰ ভুলবোৰ দেখাৰ পৰা বাধা দিয়ে, যাৰ ফলত ভৱিষ্যতত সেই সন্তানৰ চৰিত্ৰ গঠনত বিঘিনি ঘটে। আকৌ কোনো ভৌতিক বস্তু বা স্থিতিৰ প্ৰতি থকা আসক্তিয়ে মানুহক সেইবোৰ হেৰুৱাৰ ভয়ত সদায় ত্ৰস্তমান কৰি ৰাখে। দৰ্শনৰ ভাষাত মোহক মায়া বুলিও কোৱা হয়। আমি যি জগতখনক স্থায়ী বুলি ভাবোঁ, সেয়া দৰাচলতে ক্ষণস্থায়ী। এই অনিত্যতাৰ সত্যক অস্বীকাৰ কৰি যি আৱেগিক বান্ধোন আমি সৃষ্টি কৰোঁ, সেয়াই মোহত পৰিণত হয়। মোহৰ পৰা মুক্ত হ’বলৈ হ’লে জীৱনৰ নশ্বৰতা আৰু পৰিৱৰ্তনশীলতাৰ সত্যক স্বীকাৰ কৰিব লাগিব। বৈৰাগ্যৰ অৰ্থ কেৱল সংসাৰ ত্যাগ কৰা নহয়, সেই বিপৰীতে বস্তুক তাৰ স্থানত ৰাখি কোনো আসক্তি নৰখাটোৱেই মোহৰ প্ৰকৃত ঔষধ।

মদ:- পঞ্চম ৰিপু মদ বা অহংকাৰ হৈছে নিজৰ স্বকীয়তাৰ প্ৰতি থকা এক অতিৰিক্ত আত্মগৰিমা। মদ বা অহংকাৰ কেৱল ক্ষমতা বা ধনৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি নহয়, তাৰ বিপৰীতে নিজৰ জ্ঞান, ৰূপ, বংশ পৰিয়াল বা দক্ষতাৰ প্ৰতি থকা অন্ধ বিশ্বাসৰ পৰাও উৎপন্ন হয়। মদগৰ্বী ব্যক্তিয়ে আনক তুচ্ছ জ্ঞান কৰে আৰু নিজৰ ভুলসমূহক স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰে। এই অহংকাৰে জ্ঞান আহৰণৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, কিয়নো নিজকে পৰিপূৰ্ণ বুলি ভবা ব্যক্তিয়ে নতুন কিবা শিকিবলৈ প্ৰয়োজনীয় নম্ৰতা হেৰুৱাই পেলায়। সমাজত অহংকাৰী মানুহে বিচ্ছিন্ন হৈ পৰে। তেওঁলোকৰ সৈতে কোনোৱে মন খুলি কথা পাতিব নোখোজে, কিয়নো তেওঁলোকে প্ৰতিটো কথাতে নিজৰ শ্রেষ্ঠতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। মদৰ প্ৰভাৱত থকা ব্যক্তিয়ে কেতিয়াও আত্ম-বিশ্লেষণ কৰিব নোৱাৰে। এই অহংকাৰ হৈছে এক অদৃশ্য বেৰ, যিয়ে মানুহক আনৰ সৈতে একাত্ম হ’বলৈ নিদিয়ে। বিনয়ী হোৱাটোৱেই মদক পৰাভূত কৰাৰ একমাত্ৰ উপায়। যেতিয়া আমি নিজকে এই বিশাল সৃষ্টিৰ এক নগণ্য অংশ বুলি উপলব্ধি কৰোঁ, তেতিয়াই অহংকাৰৰ ভেটি টলমল হৈ পৰে। আনৰ পৰা শিকাৰ মানসিকতাই মদক বশ কৰিবলৈ সহায় কৰে।

মাৎসৰ্য :- ষষ্ঠ ৰিপু মাৎসৰ্য বা ঈৰ্ষা হৈছে মানৱ মনৰ আটাইতকৈ নেতিবাচক আৰু ধ্বংসাত্মক অনুভৱ। মাৎসৰ্য মানে হ’ল আনৰ সুখ, সমৃদ্ধি বা সফলতাক সহ্য কৰিব নোৱাৱা এক মানসিক অৱস্থা। ঈৰ্ষাত দগ্ধ হৈ থকা ব্যক্তিয়ে নিজৰ উন্নতিৰ কথা নাভাবি কেৱল আনক কেনেকৈ তললৈ নমাব পাৰি, তাৰ পৰিকল্পনা কৰে। এই প্ৰবৃত্তিয়ে মানুহৰ মনত ঘৃণা আৰু তিক্ততাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ব্যক্তিয়ে প্ৰকৃতিপ্ৰদত্ত নিজৰ প্ৰতিভা আৰু দক্ষতাৰ বিকাশ কৰিবলৈ সময় নাপায়। মাৎসৰ্য কেৱল আনৰ ক্ষতি কৰাই নহয়, সেই বিপৰীতে নিজৰ মানসিক স্বাস্থ্যৰ ওপৰতো গভীৰ আঘাত হানে। ঈৰ্ষা কৰা ব্যক্তিজন সদায় এক অসূয়া আৰু অসন্তুষ্টিৰ অৱস্থাত থাকে, যিয়ে তেওঁৰ জীৱনৰ আনন্দক নিঃশেষ কৰে। মাৎসৰ্যৰ পৰা মুক্ত হ’বলৈ হ’লে আনৰ সফলতাত আনন্দিত হোৱাৰ অভ্যাস গঢ়িব লাগিব। ইয়াৰ বাবে প্ৰয়োজন মৈত্ৰী আৰু সহমৰ্মিতাৰ ভাৱ। আমি যেতিয়া বুজি পাওঁ যে এই পৃথিৱীত সকলোৰে বাবে নিজা নিজা বাট আৰু সাফল্যৰ পথ পৃথক, তেতিয়াই ঈৰ্ষাৰ অৱসান ঘটে।

এই মোহ, মদ আৰু মাৎসৰ্যই মানুহক সমাজৰ পৰা আঁতৰাই অকলশৰীয়া কৰি তোলে। কাম, ক্ৰোধ আৰু লোভৰ দৰেই এইবোৰেও মানুহৰ নৈতিক আৰু আধ্যাত্মিক উত্তৰণত বাধা দিয়ে। মোহৰ আসক্তি, মদৰ অহংকাৰ আৰু মাৎসৰ্যৰ বিষাক্ত চিন্তাই মানুহৰ ব্যক্তিত্বক এক অন্ধকাৰ দিশলৈ লৈ যায়। আমাৰ মনটোক যদি এখন বাগিচাৰ সৈতে তুলনা কৰোঁ, তেন্তে এই ৰিপুবোৰ হৈছে সেই বাগিচাত গজি উঠা অপতৃণ। এই অপতৃণবোৰক গুৰিৰ পৰা উভালি নেপেলালে পবিত্ৰ গুণবোৰ বিকশিত হ’ব নোৱাৰে। আমাৰ চিন্তাধাৰা যদি স্বচ্ছ আৰু নিৰ্মল হয়, তেন্তে বাহ্যিক পৰিস্থিতিয়ে আমাক সহজে প্ৰভাৱিত কৰিব নোৱাৰে। পূৰ্বে আলোচনা কৰা ৰিপুসমূহৰ লগতে এই তিনটা ৰিপুক চিনাক্ত কৰাটো আৰু তাৰ ওপৰত নিয়ন্ত্ৰণ অনাটো এক অৱিৰত যাত্ৰা। এই যাত্ৰা সহজ নহয়, কিন্তু অসাধ্যও নহয়। আমি প্ৰতিটো দিনৰ অভ্যাসৰ দ্বাৰা নিজৰ মনক নতুন ৰূপ দিব পাৰোঁ।

মুক্তিৰ প্ৰথম সোপান হৈছে আত্ম-সচেতনতা। আমি প্ৰায়েই আমাৰ দোষবোৰ আনৰ ওপৰত জাপি দিওঁ। কিন্তু ষড়ৰিপুৰ প্ৰভাৱ আমাৰ নিজৰ চিন্তাত ক’ত কেনেকৈ কাম কৰিছে, সেয়া নিৰীক্ষণ কৰাটো প্ৰয়োজন। ধ্যান বা মেডিটেচন হৈছে ইয়াৰ এক শক্তিশালী মাধ্যম। নিয়মিত ধ্যানে মনক শান্ত কৰে আৰু আমাক এজন নিৰপেক্ষ দ্ৰষ্টা হিচাপে নিজৰ মনৰ গতিবিধি চাবলৈ শিকাই। যেতিয়া আমি নিজৰ ক্ৰোধৰ উৎস বা লোভৰ প্ৰবল হেঁপাহক চিনাক্ত কৰিবলৈ শিকোঁ, তেতিয়াই সেই ৰিপুৱে আমাক অন্ধ কৰি ৰাখিব নোৱাৰে। এই সচেতনতাই আমাক প্ৰতিক্ৰিয়াশীল হোৱাৰ পৰা ৰক্ষা কৰে। দ্বিতীয়তে, জ্ঞান আৰু বিবেকৰ চৰ্চা অত্যন্ত আৱশ্যক। সঠিক বিবেক মানেই হ’ল কি ক্ষণস্থায়ী আৰু কি চিৰন্তন তাৰ মাজত পাৰ্থক্য কৰিব পৰা ক্ষমতা। কাম আৰু লোভ কেৱল ক্ষন্তেকীয়া তৃপ্তিৰ বাবে, সেই বিপৰীতে শান্তি হ’ল চিৰন্তন। যেতিয়া আমি এই সত্যটো গভীৰভাৱে উপলব্ধি কৰোঁ, তেতিয়া মোহৰ বান্ধোন নিজে নিজে ঢিলা হৈ পৰে। আধ্যাত্মিক গ্ৰন্থ অধ্যয়ন, জ্ঞানী লোকৰ সংগ আৰু গভীৰ চিন্তা-চৰ্চাই আমাক সেই বিবেক প্ৰদান কৰে যিয়ে আমাক প্ৰলোভনৰ পৰা আঁতৰাই ৰাখে। জ্ঞানৰ পোহৰ পৰিলে অজ্ঞানতাৰ অন্ধকাৰত জীয়াই থকা ৰিপুবোৰ দ্ৰুতগতিত নোহোৱা হৈ যায়।

তৃতীয়তে, অভ্যাস আৰু অনুশাসন হ’ল মুক্তিৰ মূল আধাৰ। আমি যি অভ্যাস কৰোঁ, সেয়াই আমাৰ ব্যক্তিত্বত পৰিণত হয়। কাম নিয়ন্ত্ৰণৰ বাবে ইন্দ্ৰিয় সংযমৰ অভ্যাস কৰিব পাৰি। ক্ৰোধ হ্ৰাসৰ বাবে মৌনতাৰ প্ৰয়োগ কৰা অতিকৈ ফলপ্ৰসূ। লোভৰ বিপৰীতে দানশীলতাৰ অভ্যাস কৰিলে মনৰ সংকীৰ্ণতা দূৰ হয়। এই অভ্যাসবোৰ কেৱল এদিন বা দুদিনৰ নহয়, সেই বিপৰীতে জীৱনজোৰা সাধনা। নিজক সৰু সৰু নিয়মৰ মাজত বান্ধি ৰাখিলে মনৰ বিক্ষিপ্ততা কমে। মদ বা অহংকাৰৰ পৰা মুক্ত হ’বলৈ বিনয়ৰ অভ্যাস কৰিব লাগে। যেতিয়া আমি উপলব্ধি কৰোঁ যে আমাৰ সকলো কৃতিত্ব কেৱল নিজৰ প্ৰচেষ্টাৰ ফল নহয়, সেই বিপৰীতে বিভিন্ন অনুকূল পৰিস্থিতি আৰু আনৰ সহায়ৰ সমষ্টি, তেতিয়াই অহংকাৰৰ ঠাইত কৃতজ্ঞতাৰ ভাৱ জাগ্ৰত হয়। চতুর্থতে, যোগ আৰু প্ৰাণায়ামৰ ভূমিকা অৱজ্ঞাত কৰিব নোৱাৰে। শৰীৰ আৰু মন এক সূত্ৰে গাঁথা। যোগাসন আৰু প্ৰাণায়ামে আমাৰ স্নায়ুতন্ত্ৰক শান্ত কৰে, যাৰ ফলত ক্ৰোধৰ দৰে প্ৰচণ্ড আৱেগবোৰৰ প্ৰাবল্য কমে। শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণে আমাৰ মনৰ অস্থিৰতাক কমায়। মন যেতিয়া শান্ত আৰু স্থিৰ হয়, তেতিয়া ৰিপুৱে চিকাৰ কৰিবলৈ সুযোগ নাপায়। এই কাৰণেই প্ৰাচীন কালৰ পৰাই যোগীসকলে অন্তৰৰ শত্ৰুক জয় কৰিবলৈ ধ্যান আৰু আসনৰ ওপৰত গুৰুত্ব দি আহিছে।

পঞ্চমতে, নিঃস্বাৰ্থ সেৱা আৰু ভক্তিমূলক কাৰ্যই আমাৰ অহংকাৰক ধ্বংস কৰে। যেতিয়া আমি নিজৰ স্বাৰ্থৰ উৰ্ধলৈ গৈ আনৰ বাবে কিবা কৰোঁ, তেতিয়া আমাৰ মনৰ পৰা লোভ আৰু মোহৰ ধাৰণা আঁতৰি যায়। সেৱাই মানুহক নম্ৰ কৰে। ঈশ্বৰৰ প্ৰতি ভক্তি বা মহাজাগতিক শক্তিৰ প্ৰতি সমৰ্পণৰ ভাৱে আমাৰ মনৰ পৰা সকলো ধৰণৰ ভয় আৰু দুশ্চিন্তা নিৰ্মূল কৰে। যি ব্যক্তিয়ে সেৱাক জীৱনৰ অংগ কৰি লয়, তেওঁৰ বাবে ঈৰ্ষা বা মাৎসৰ্যৰ কোনো স্থান নাথাকে। তেওঁ আনৰ সফলতাত নিজৰ সফলতাক দেখা পায়। উপসংহাৰত ক’ব পাৰি যে ষড়ৰিপুৰ পৰা মুক্তি লাভ কৰা মানে নিজৰ পৰিচয়ক নিঃশেষ কৰা নহয়, সেই বিপৰীতে নিজৰ প্ৰকৃত স্বৰূপক আৱিষ্কাৰ কৰা। এই ছয়টা ৰিপু কেৱল আমাৰ বাবে শত্ৰু নহয়, সেই বিপৰীতে এইবোৰ আমাৰ ব্যক্তিত্বৰ এক অৱদমিত অংশ যিবোৰক আমি কেৱল ভুল দিশত ব্যৱহাৰ কৰি আহিছোঁ। ক্ৰোধক যদি ন্যায়ৰ হকে অৱতীৰ্ণ হোৱাৰ শক্তি হিচাপে ল’ব পাৰোঁ, তেন্তে সেয়া এক ইতিবাচক শক্তি হ’ব পাৰে। লোভক যদি জ্ঞান আহৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, তেন্তে সেয়া আমাৰ প্ৰগতিৰ সহায়ক হ’ব। কামক যদি সৃষ্টিশীল কাৰ্যত নিয়োজিত কৰিব পাৰোঁ, তেন্তে সেয়া কলা বা সংস্কৃতিৰ বিকাশৰ বাবে প্ৰয়োজনীয়। আচলতে ৰিপুৰ ধ্বংস নহয়, ৰিপুৰ ৰূপান্তৰেই হ’ল আচল মুক্তি।

জীৱনৰ এই যাত্ৰাত কোনো চমু বাট নাই। আমি প্ৰতিটো খোজত নিজক চাব লাগিব, নিজৰ ভুলৰ পৰা শিকিব লাগিব আৰু পুনৰ দৃঢ় সংকল্পৰে আগুৱাব লাগিব। ষড়ৰিপু জয়ী ব্যক্তি এজনেহে সমাজত প্ৰকৃত শান্তি আৰু প্ৰেম প্ৰতিষ্ঠা কৰিব পাৰে। এই পবিত্ৰ যাত্ৰাত আমি কেৱল নিজৰ নহয়, আমাৰ চাৰিওফালৰ সমাজৰো কল্যাণ সাধন কৰিবলৈ সক্ষম হ’ম। জীৱনৰ চৰম লক্ষ্য হ’ল আনন্দ আৰু শান্তি, আৰু সেই লক্ষ্যৰ প্ৰাপ্তিৰ বাবে অন্তৰৰ এই ছয়টা আৱৰণ আতৰোৱাটো অপৰিহাৰ্য। আমি আজিৰ পৰাই নিজৰ ওপৰত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক। মনৰ এই অৰণ্যক আমি পবিত্ৰ চিন্তাধাৰাৰে চাফা কৰোঁ আৰু জীৱনক এক অৰ্থপূৰ্ণ যাত্ৰালৈ পৰিৱৰ্তন কৰোঁ। ইয়াৰ জৰিয়তে আমি কেৱল এক ব্যক্তি হিচাপে নহয়, সেই বিপৰীতে এক উন্নত মানৱ প্ৰজাতি হিচাপে এই ধৰাত নিজৰ অৱদান আগবঢ়াব পাৰিম। মুক্তিৰ এই বাটত কেৱল সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন। আমাৰ অন্তৰৰ এই সংগ্ৰাম জয় কৰিলে বাহ্যিক জগতৰ যিকোনো বাধা আমাৰ বাবে ক্ষুদ্ৰ হৈ পৰিব। সেয়েহে, আহক আমি সকলোৱে নিজৰ ভিতৰৰ অশুভ শক্তিবোৰক চিনাক্ত কৰি এক পবিত্ৰ আৰু শান্তিময় জীৱন গঢ়াৰ দিশত অগ্ৰসৰ হওঁ।