ওদালগুৰি জিলা ডিমাকুছিৰ এজনী কণমানি প্ৰতিভাৱান কিশোৰী

ওদালগুৰি জিলা ডিমাকুছিৰ এজনী কণমানি প্ৰতিভাৱান কিশোৰী।

“”ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সপোন পুহি ৰাখিছে।

২৮ঃআগষ্ঠ-নাম বনস্মিতা লাহাৰী। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বনস্মিতাই এতিয়া নৃত্য প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে।পঢ়াশুনাৰ লগতে সমান্তৰালকৈ নৃত্য পৰিবেশনতো প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি বিভিন্ন জনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।এইগৰাকী আঠবছৰীয়া কিশোৰীয়ে কথক নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা বনস্মিতাই বিভিন্ন অনুষ্ঠানত বিহু, আধুনিক নৃত্যৰ লগতে বড়ো, ৰাভা ,আদিবাসী আদি বিভিন্ন ভাষাৰ গীততো নৃত্য পৰিবেশন কৰি নিজৰ পাৰদৰ্শিতা প্ৰতিপন্ন কৰি আহিছে।
তদুপৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈও  সক্ষম হৈছে এই কণমানি কিশোৰীটিয়ে । ক’ভিড জনিত পৰিবেশৰ বাবে বিদ্যালয়ৰ লগতে নৃত্যৰ প্ৰশিক্ষণো বন্ধ হৈ আছে যদিও এনেয়ে সময় কটাই নাথাকি বনস্মিতাই ঘৰতে নৃত্যৰ আখৰাত ব্যস্ত হৈ থাকে। নিজৰ জিয়ৰীৰ নৃত্যৰ প্ৰতি ৰাপ থকা দেখি পিতৃ-মাতৃয়েও কিশোৰীটিক যোগাই আহিছে প্ৰেৰণা আৰু প্ৰদান কৰিছে সকলো সা- সুবিধা।ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে সপোন পুহি ৰখা বনস্মিতাই সফলতা অৰ্জন কৰিবলৈ কঠোৰ সাধনা অব্যাহত ৰাখিছে।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।