আদালতত সাক্ষ্য দিবলৈ আহিব ছিংগাপুৰৰ প্রবাসী অসমীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ হত্যা গোচৰত অহা ছেপ্টেম্বৰৰ শেষ ভাগত বা অক্টোবৰ মাহৰ প্ৰথম ভাগত আদালতত সাক্ষ্যদান দিবলৈ আহিব ১০জন ছিংগাপুৰস্থিত প্রবাসী অসমীয়া।জুবিনক হত্যাৰ সময়ত য়টখনত উপস্থিত থকা এইসকল প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্রহণ কৰাৰ পাছতেই জুবিন-হত্যাৰ গোচৰে নতুন গতি লাভ কৰাৰ সম্ভাৱনা আছে। জুবিন গাৰ্গৰ হত্যা গোচৰত এই পর্যন্ত ৮৯গৰাকী সাক্ষীয়ে ফাস্টট্রেক আদালতত হাজিৰ হৈ নিজৰ সাক্ষ্যদান কৰিছে। এই কথা প্রকাশ কৰিছে জুবিন গাৰ্গৰ হত্যা গোচৰৰ লোক অধিবক্তা জিয়াউল কামাৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত লোক অধিবক্তাগৰাকীয়ে কয় যে জুবিন গাৰ্গ হত্যাৰ মূল গোচৰত ৪৪ দিন পর্যন্ত মুঠ ৮৯গৰাকী সাক্ষীৰ সাক্ষ্য লোৱা হৈছে আৰু ৩৯৪জনৰ সাক্ষ্য ল’বলৈ আছে। সকলো সাক্ষীৰ সাক্ষ্য ল’ব নোৱাৰাৰ কথা উল্লেখ কৰি লোক অধিবক্তাগৰাকীয়ে ছিংগাপুৰত থকা সাক্ষীসকলক সাক্ষ্যদানৰ কাৰণে ছেপ্টেম্বৰ মাহৰ শেষৰফালে বা অক্টোবৰ মাহৰ প্ৰথম ভাগত মতাৰ সম্ভাৱনা আছে বুলি কয়। ইফালে সিদ্ধার্থ শৰ্মাৰ মহাবীৰ একুৱা অবৈধভাৱে খুলি চলাই থকাৰ বিৰুদ্ধে আদালতত দাখিল কৰা এখন আবেদন আদালতে অহা ১৮ আগষ্টত শুনানিৰ বাবে ধার্য কৰে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয় যে যিহেতু সিদ্ধার্থ শৰ্মা আৰু তেওঁৰ সহযোগীসকলৰ অধিবক্তাসকল আদালতত উপস্থিত আছে আৰু তেওঁলোকে জানে যে মহাবীৰ একুৱা আদালতৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি জব্দ হৈ আছে। তেওঁলোকে নিজেই মহাবীৰ একুৱা জব্দ হৈ থকা কথাটো জনাৰ পিছতো আদালতৰ নিৰ্দেশনা মানি পানীৰ ফেক্টৰীটো বন্ধ ৰাখিব লাগিছিল। আমি আদালতৰ নিৰ্দেশনা কঠোৰভাৱে মানি মহাবীৰ একুৱা বন্ধ ৰাখিবলৈ আদালতত আবেদন জনাইছোঁ। অহা ১৮ আগষ্টত আবেদনৰ শুনানি সম্পন্ন হ’ব।
