ক্ৰিকেটাৰ অভিষেক পোড়েলক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিয়াৰ প্ৰতিশ্ৰুতি দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ক্ৰিকেটাৰ। বিয়াৰ ভুৱা প্রতিশ্রুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন, ধর্ষণ, যৌন নির্যাতন আৰু ব্লেকমেইলিঙৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হ’ল বংগৰ ক্ৰিকেটাৰ অভিষেক পোড়েল। কলকাতা উচ্চ ন্যায়ালয়ে এই সংক্রান্তীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি ক্ৰিকেটাৰগৰাকীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ নির্দেশ দিয়ে। হুগলীত গ্ৰেপ্তাৰ কৰা হৈছে বংগৰ ক্ৰিকেটাৰ অভিষেক পোড়েলক। অভিষেকৰ বিৰুদ্ধে ১৯টা ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। মঙলবাৰে পুৱা হুগলীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে নিশা আইপিএলত খেলা অভিষেক পোড়েলক আৰক্ষীয়ে সোধা-পোছাৰ বাবে লৈ গৈছিল। দীঘলীয়া জেৰাৰ পাছত মঙলবাৰে দুপৰীয়া তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পাছত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়। তাৰ পৰা তেওঁক চুঁচুৰা আদালতত হাজিৰ কৰোৱাৰ কথা। কিছুদিন ধৰি ঘৰুৱা ক্ৰিকেটত বংগৰ হৈ আৰু আইপিএলত দিল্লী কেপিটেলছৰ হৈ খেলা ক্ৰিকেটাৰ অভিষেক পোড়েল গুৰুতৰ সমস্যাত পৰিছিল। এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰে। আইপিএলত দিল্লী কেপিটেলছৰ
হৈ খেলা উইকেটকীপাৰ বেটাৰগৰাকীয়ে অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে। ঘটনা অনুসৰি জুন মাহত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে মাতৃৰ সৈতে হুগলিৰ মগৰা থানাত অভিষেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। অভিযোগকাৰীৰ মতে, বিগত প্রায় চাৰে তিনি বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু বিবাহৰ কথাও চূড়ান্ত হৈছিল। কিন্তু ডেৰ বছৰ মানৰ আগৰে পৰা দুয়োৰে সম্পৰ্কত অৱনতি ঘটিছিল। সেই সময়তো বিষয়টো থানা পর্যন্ত পাইছিল যদিও ছাত্ৰীগৰাকীয়ে কোনো আনুষ্ঠানিক গোচৰ ৰুজু কৰা নাছিল। কিন্তু এইবাৰ ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভুৱা প্রতিশ্রুতিৰে সহবাসকে ধৰি একাধিক জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু কৰা হয়।অভিযোগকাৰীয়ে দাবী কৰে যে পোড়েলে তেওঁক বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিছিল। অৱশ্যে পাছত দুয়োটা পৰিয়ালৰ মাজত বিবাহক লৈ আলোচনা হৈছিল। অভিযোগকাৰীয়ে জনোৱা মতে, পাছত তেওঁ জানিব পাৰে যে পোড়েলৰ আন যুৱতীৰ সৈতেও সম্পৰ্ক আছিল। ইয়াৰ পাছত মগৰা থানাত অভিযোগ দাখিল কৰা হয়। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পিছত অভিষেকৰ বিপদ ক্রমে বৃদ্ধি পাবলৈ ধৰে। ১৯ জুলাইত আদালতে তদন্ত প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰাৰ লগতে ফোন, লেপটপ আদি ইলেক্ট্রনিক সামগ্রী বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়ে। শুনানিত আদালতে অভিষেক পোড়েলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ উপৰি তেওঁৰ সকলো ডিভাইচ জব্দ কৰিবলৈ পুনৰ সকীয়াই দিয়ে। জানিব পৰা মতে, অভিযোগকাৰী ছাত্ৰীগৰাকীৰ কেতবোৰ আপত্তিজনক ভিডিঅ’ আৰু ছবি অভিষেকৰ হাতত সংৰক্ষিত হৈ আছিল। সেইসমূহ যাতে কোনো কাৰণতে ৰাজহুৱা নহয়, তাৰ বাবেও আদালতে কঠোৰ নিৰ্দেশ জাৰি কৰে।
