মোৰ হৃদয়ৰ আপোন
শ্বেহনাজ চুলতানা, নাহৰণি, গোলাঘাট
হঠাৎ হেৰাল মোৰ হৃদয়ৰ আপোন
ছিগিল মোৰ কলিজাৰ মৰমৰ শিকলি ডাল।
ভাগি গʼল মোৰ হিয়াৰ বান্ধোন।
কিয় জানো মোৰ আৱেগভৰা কলিজাটি
হঠাৎ কঁপি উঠিল।
নিস্তব্ধতাই যেন মোক আগুৰি ধৰিলে।
কি হʼল মোৰ সেই কঠোৰ মৰম
কিয় আজি মউ যন্ত্ৰনাৰ সাগৰত
উটি ভাঁহি আছো
মনক এক অবুজ বুজনিৰে বুজাব
নোৱাৰা হৈছো
মোৰ জীৱন মায়াৰ অন্ধকাৰ আৱৰি ধৰিলে
হঠাৎ মোক মৰমৰ বতাহজাক উৰুৱাই নিলে
এচাটি অন্ধকাৰে
কেনেকৈ জীয়াই তুলিম সেই আকলুৱা মৰমক
আকৌতো বিচাৰি নাপাঁও সেই মৰম
ঘাত-প্ৰতিঘাটেৰে আৰম্ভ হৈ শেষ হʼল
মোৰ জীৱন
সেই অন্ধকাৰত ডুবি থাকি বিচাৰি নাপালো পোহৰ
পোহৰ বিছৰাৰ প্ৰতিবাদত বিচাৰি পালো মই অন্ধকাৰ
অন্ধকাৰ কেৱল অন্ধকাৰ
বিলুপ্তপ্ৰায় হম এই সীমীহীন অন্ধকাৰত