আজি বানাক্রান্ত জিলা ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ড° শর্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- আজি উজনিৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ যাব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, বানপানীৰ পৰিৱেশ যোৱা দুটা দিন ধৰি যথেষ্ট বেয়া আছিল। বর্তমান পৰিৱেশ সামান্য উন্নত হৈছে। কাইলৈ মই যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ যাম। ইতিমধ্যে আমাৰ মন্ত্ৰীসকল, বিষয়াসকলে বানাক্রান্ত অঞ্চলত শিবিৰ পাতি সকলো দিশ তদাৰক কৰি আছে। যিমান সম্ভৱ হয় বন্যার্ত ৰাইজক সহায়-সহযোগিতা আগবঢ়াই থকা হৈছে। ময়ো ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিম। যদি ক’ৰবাত এতিয়াও অসুবিধা আছে, নিশ্চিতভাৱে মোৰ কাৰ্যসূচীৰ সময়ত এই অসুবিধাৰ ওপৰত চৰজমিন খা-খবৰ ল’ব পাৰিম। উল্লেখ্য যে বান পৰিস্থিতি সঘনাই তদাৰক কৰি থকা মুখ্যমন্ত্রী ড° শৰ্মাই ইতিমধ্যে বানপীড়িতক উদ্ধাৰৰ বাবে সেনা বাহিনীক সহযোগ কৰাৰ যি অনুৰোধ জনাইছিল, সেইমৰ্মে ভাৰতীয় সেনাই উজনিত এইপর্যন্ত বানত আবদ্ধ ২০০ গৰাকী লোকক উদ্ধাৰ কৰিছে। ভাৰতীয় সেনাই আৰম্ভ কৰা জলৰাহত অভিযানৰ জৰিয়তে সোণাৰি, নাজিৰা, চৰাইদেউ, যোৰহাটত বানত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰি শিবিৰলৈ অনাত উদ্যোগ লৈছে। সমান্তৰালভাৱে সেনাই সাহায্য সামগ্রীও যোগান ধৰিছে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে সেনা বাহিনীয়ে বন্যার্ত ৰাইজক অত্যাৱশ্যকীয় সামগ্রী যোগানৰ বিষয়টো অৱগত কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰিছে- নাজিৰাকে ধৰি শিৱসাগৰৰ বিভিন্ন অঞ্চলত বায়ুসেনাৰ সহযোগত আকাশীপথেৰে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ অভিযান অব্যাহত ৰাখিছোঁ। প্রথম পৰ্যায়ত ৩০০ কিলোগ্রাম, দ্বিতীয় পর্যায়ত ২২৭ কিলোগ্রাম আৰু তৃতীয় পর্যায়ত ১০০ কিলোগ্রাম অত্যাৱশ্যকীয় সামগ্রী আকাশীপথেৰে বান প্রভাৱিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। দুর্গম অঞ্চলত আবদ্ধ হৈ থকা প্ৰতিজন লোকৰ ওচৰলৈ প্ৰয়োজনীয় সহায় আগবঢ়াই দিয়াৰ বাবে আমাৰ সকলো প্রচেষ্টা অব্যাহত থাকিব। আনহাতে, ডিব্ৰুগড়ৰ পৰা বানপীড়িত শিৱসাগৰলৈ খাদ্য সামগ্ৰী আৰু খোৱাপানীৰ বটল প্ৰেৰণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কৈছে-বানপীড়িত শিৱসাগৰলৈ ৫০,৩৭৬টা বিস্কুটৰ পেকেট আৰু ৯০ হাজাৰটা খোৱাপানীৰ বটল প্ৰেৰণৰ নিৰ্দেশ দিছিলোঁ। এইমর্মে উক্ত সামগ্রীসমূহ শিৱসাগৰৰ ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ অভূতপূর্ব বান পৰিস্থিতিৰ বিষয়ত মই নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছোঁ। সকলো সংশ্লিষ্ট বিভাগক বন্যার্ত প্রতিগৰাকী পৰিয়ালৰ ওচৰলৈ সময়মতে সাহায্য আৰু সকলোধৰণৰ প্ৰয়োজনীয় সহায় নিশ্চিত কৰাৰ নিৰ্দেশ প্রদান কৰিছোঁ। এই দুৰ্যোগৰ সময়ত অসমৰ কোনো নাগৰিক অকলশৰীয়া নহয়। আমি সকলোৱে একেলগে এই সংকট অতিক্ৰম কৰিম।
