ন-ভূঁই – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

অণুগল্প

ন-ভূঁই

ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

কাৰ,কেতিয়া ৰুলে গমেই নাপালোঁ।বননিয়ে আৱৰি থকা পথাৰখন ৰুই শেষ হ’ল। নীলিমা খুড়ী ঘৰত ন-ভূঁইৰ হাঁহে দকচি খাম বুলি ভাবি থকা কথাষাৰ মনতে ৰ’ল।

খুড়ীয়ে নামাতিল। খুড়ায়ে ২ কি.মি. আঁতৰ পৰা ১০ জনীকৈ ৰুৱনী আনি দুদিনতে ৰুই শেষ কৰিলে।সকলো ব্যস্ত।ন-ভূঁই ৰুবলৈ চুবুৰীয়াৰ সময় নাই। হাজিৰা ৰুৱনীয়েই ন-ভূঁই কৰে। আগৰ দিন নাই। হাঁহি-ধেমেলি কৰি জুম বান্ধি ৰুবলৈ যোৱা দিন। হাল-কোৰ লৈ পথাৰলৈ যোৱা দিন।