ডিব্রুগড়ৰ মোহনাঘাট সমীপৰ- টিংখং ভঙাআলিত তীব্ৰ গৰাখহনীয়া: :অসম গণ পৰিষদৰ ডিব্ৰুগড় সমষ্টিৰ সঁজাতি দলৰ খহনীয়া অঞ্চল পৰিদৰ্শন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বিভিন্ন প্রান্তত নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সম্প্ৰতি ডিব্ৰুগড়ৰ টিংখাং ভঙা আলিত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে ভয়াৱহ খহনীয়া। বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।নদীৰ এই সংহাৰী ৰূপ দেখি স্থানীয় ৰাইজৰ মাজত হাহাকাৰ আৰু আতংকৰ সৃষ্টি হৈছে। যদিহে এই খহনীয়া অতি সোনকালে ৰোধ কৰিব পৰা নাযায়, তেনেহ’লে চকুৰ পলকতে অঞ্চলটোৰ বিঘাই বিঘাই ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূর্ণ এলেকা আৰু গুৰুত্বপূর্ণ আন্তঃগাঁথনিও চিৰদিনৰ বাবে নিশ্চিহ্ন হৈ পৰিব বুলি স্থানীয় ৰাইজে জনায়। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰাগ জ্যোতি বৰুৱা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মা, কেন্দ্ৰীয় মহিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যা লুকুমণি বৰা ,ডিব্ৰুগড় জিলাৰ সহ: সম্পাদক নিলোৎপল গগৈ, ডিব্ৰুগড় সমষ্টি সমিতিৰ উপ সভাপতি লোকেশ্বৰ ফুকন, গিৰীন দত্ত , ডিব্ৰুগড় সমষ্টি সমিতিৰ যুটীয়া সম্পাদক কিৰণ বৰা আৰু ডিব্ৰুগড় সমষ্টিৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিক্ৰম চেত্ৰীকে ধৰি সঁজাতি দলে বান গৰাখহনীয়াৰ ক্ষয়ক্ষতিৰ বুজ লয়। জিলা প্রশাসনে ক্ষীপ্ৰতাৰে যাবতীয় প্ৰতিৰোধমূলক ব্যৱস্থাৰ লগতে যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে যদিও ডিব্ৰুগড়বাসী এতিয়া আশংকাত দিন কটাবলগীয়া হৈছে।
