পত্নীৰ হাতত তুলি দিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ-পত্র

পত্নীৰ হাতত তুলি দিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ-পত্র

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে পুনৰ উচুপি উঠিল গৰিমা শইকায়া গাৰ্গ। বুধবাৰে জুবিন গাৰ্গৰ উত্তৰাধিকাৰী হিচাপে পত্নী গৰিমা শইকীয়া গাৰ্গক আইনীভাবে স্বীকৃতি দি প্রমাণ-পত্র প্রদান কৰে আদালতে । আচলতে সময়বোৰ কেতিয়াবা কেতিয়াবা বৰ নিষ্ঠুৰ হৈ পৰে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি ১০ টা মাহে হ’বৰ হ’ল। বিশেষ আদালতত চলি আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। প্রায় প্রতিদিনে চলি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি পর্ব। উল্লেখ্য যে শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ উত্তৰাধিকাৰী প্রমাণ-পত্র আনুষ্ঠানিকভাৱে কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ নিৰ্দেশত শিল্পীপত্নী গৰিমা গাৰ্গক প্ৰদান কৰা হয়। ইয়াৰ লগে লগে জুবিন গাৰ্গৰ আর্থিক সম্পত্তি তথা জুবিন গাৰ্গৰ বেংকত জমা থকা সকলোবোৰ ধনৰ স্বত্ব গৰিমা শইকীয়া গাৰ্গলৈ হস্তান্তৰৰ প্রক্রিয়া সম্পূর্ণ হ’ল। বুধবাৰে আদালতৰ পৰা হস্তান্তৰৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে গৰিমা শইকীয়া গাৰ্গে। হস্তান্তৰৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰি আদালত চৌহদত উচুপি উঠে গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যথেষ্ট আৱেগিক হৈ উঠা গৰিমা শইকীয়া গাৰ্গে জুবিনৰ নিঃস্বাৰ্থ আৰু উদাৰ প্ৰকৃতিৰ চৰিত্ৰৰ কথা সুঁৱৰি কয়- এয়া মোৰ বাবে এক অতি আৱেগিক যুঁজ। জীৱনত এনে এটা দিন দেখিবলগীয়া হ’ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। জীৱনত এইবোৰ বস্তু এনেকৈ বিচৰা নাছিলোঁ। এতিয়া এইখিনি লৈ মই একেবাৰে শান্তি পোৱা নাই। এয়া অত্যন্ত কঠিন সময়। কিন্তু জুবিনে যি কাম কৰিব বিচাৰিছিল মই তাক আগুৱাই লৈ যাম। তেওঁ সদায় কৈছিল, মই মোৰ বাবে একো নাৰাখোঁ। আৰু মই নিজৰ বাবে একো এৰি নাযাওঁ। গৰিমাই পুনৰ কয়- ময়ো মোৰ দায়িত্ব পালন কৰিম আৰু তেওঁ যিদৰে মানুহৰ বাবে কাম কৰিব বিচাৰিছিল, মই ঠিক সেইদৰেই কাম কৰি যাম। একাউণ্টত অতি কম পৰিমাণৰ ধন থকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গৰিমা শইকীয়া গার্গে কয় যে জুবিনে কেতিয়াও নিজৰ বাবে সম্পত্তি গঢ়াৰ কথা চিন্তা কৰা নাছিল। তেওঁ কেতিয়াও নিজৰ কথা ভবা নাছিল। মই তেওঁৰ দৰেই জীয়াই থাকিবলৈ শিকিছিলোঁ আৰু বাকীসকলে এইবোৰ দিশ চোৱাচিতা কৰিছিল। হয়তো মানুহক অত্যধিক বিশ্বাস আমি কৰিব নালাগিছিল। মানুহক বিশ্বাস কৰি আমি ভুল কৰিলোঁ। উল্লেখ্য যে আদালতৰ নিৰ্দেশমৰ্মে উত্তৰাধিকাৰ প্ৰমাণ-পত্ৰ প্ৰদান প্রক্রিয়া যোৱা ২২ জুনতে সম্পূর্ণ হৈছিল যদিও সেইদিনা গৰিমা শইকীয়া গার্গে উপস্থিত নথকাৰ বাবে আজিহে তেওঁক নথিসমূহ হস্তান্তৰ কৰা হয়। বিশেষ চৰকাৰী অধিবক্তা প্রদীপ্ত তালুকদাৰে জানিবলৈ দিয়ে যে ১৮ জুনতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্রদান কৰা ৰায়ৰ ভিত্তিত এই প্রমাণ-পত্ৰ গৰিমা শইকীয়া গাৰ্গক প্রদান কৰা হৈছে। প্রাপ্ত তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংকত সৰ্বমুঠ বিত্তীয় সম্পত্তিৰ পৰিমাণ আছিল মাত্র ৯.৬৩ লাখ টকাহে।