জোনাই-ধেমাজিৰ বানাক্ৰান্তৰ কাষত কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং-কিৰেণ ৰিজিজু

জোনাই-ধেমাজিৰ বানাক্ৰান্তৰ কাষত কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং-কিৰেণ ৰিজিজু

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ দুই কেবিনেট মন্ত্রী অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক লগত লৈ বুধবাৰে বানবিধ্বস্ত জোনাইৰ ভিন্ন অঞ্চল পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে ৷দিখাৰী নৈৰ বানে ধ্বংসস্তূপত পৰিণত কৰা জোনাই সমষ্টিৰ আটাইতকৈ অধিক ক্ষতিগ্রস্ত অঞ্চল অৰুণ চাপৰি আৰু মধুপুৰ, লোহিতপুৰীয়া, ছিকেৰ, চেলেক অঞ্চলত উপস্থিত হৈ কেন্দ্রীয় কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে বানবিধ্বস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয়।একেদৰে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে চিমেন চাপৰিৰ চিমেন নদীৰ প্ৰৱল সোঁতত ভাগি পৰা ৰে’ল দলং পৰিদৰ্শন কৰে ।  ইয়াৰ পাছতে মন্ত্ৰী দুগৰাকীয়ে জোনাই ৰাজহ চক্ৰৰ তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণ চাপৰি আৰু মিছামৰা গাঁও পঞ্চায়তৰ মধুপুৰ অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চিচিবৰগাঁও সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ দুৰ্দশাৰ বুজ লয়।

বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্রী দুগৰাকীয়ে খোৱাপানীৰ সমস্যা, ৰাস্তা-ঘাট, বানত ক্ষতিগ্রস্ত হোৱা খেতিপথাৰ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। বানাক্ৰান্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ এটা কেন্দ্রীয় পৰ্যবেক্ষকৰ দল প্ৰেৰণ কৰিব বুলিও আশ্বাস দিয়ে মন্ত্রী দুগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় মন্ত্রী চৌহানে কয় যে বানত ক্ষতিগ্রস্ত অঞ্চলত অতি দুখলগা পৰিৱেশ সৃষ্টি হৈছে। ৰাইজৰ দুখৰ সময়ত আমি তেওঁলোকৰ সৈতে আছোঁ। সেয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰি কিছু সমস্যা সমাধান কৰা চেষ্টা কৰা হৈছে। ক্ষতিগ্রস্ত কৃষকৰ বাবে এক বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰি থকা হৈছে। তেওঁ লগতে কয় যে বানৰ পাছত স্বাস্থ্যৰ সমস্যাৰ উদ্ভৱ হ’ব। তাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে। নিশা গুৱাহাটীত অনুষ্ঠিত হ’বলগা পর্যালোচনা বৈঠকত সকলো তথ্য পোৱা যাব। সেই তথ্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ হাতত অর্পণ কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে যিসমূহ পৰিয়ালৰ বাসগৃহ বানত বিধ্বস্ত হৈছে, তেনে পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ আবণ্টন দিয়াৰ বাবে বিবেচনা কৰিব বুলি প্রতিশ্রুতি দিয়ে।

পৰিদৰ্শনকালত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, ধেমাজি জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, সাংসদ প্রদান বৰুৱা, জোনাইৰ বিধায়ক ভুবন পেণ্ড, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ আদিকে ধৰি বহু জনপ্রতিনিধিয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক সংগ দিয়ে। উল্লেখ্য যে প্রলয়ংকৰী বানত তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ চোতালত পলস, জেং-জাবৰ, কাঠৰ টুকুৰা আদিৰে ভৰি পৰাৰ উপৰি অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী বানে তচনচ কৰি পেলায়। আনহাতে তেলাম গাঁও পঞ্চায়তৰ উজনি মিছামৰা, ছিকেৰ, লোহিত, ৰাঙলী, কমনচেলেক, ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ চিয়াৰী, টাকাবাৰী, মিছামৰা গাঁও পঞ্চায়তৰ ১নং মধুপুৰ, ২নং মধুপুৰ, ৩নং মধুপুৰ, ৪নং মধুপুৰ আদি কৃষিজীৱী গাঁওসমূহ দিখাৰী গাঁও পঃতে নলাৰ বাঢ়নী পানীয়ে জলমগ্ন কৰাৰ উপৰি শস্য পথাৰত পলস পেলায়।

আনহাতে, অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ দিছপুৰত মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অহা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে  বুধবাৰে নিশা ৰাজ্য চৰকাৰৰ সৈতে এক উচ্চস্তৰীয় পর্যালোচনা বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত এখন সাংবাদিক মেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্রীদ্বয় শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে। সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীদ্বয়ক সংগ দিয়ে ৰাজ্যৰ তিনি মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোঁহাইয়ে । সংবাদ মেলত দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ধেমাজি-লখিমপুৰ জিলাসহ ৰাজ্যখনৰ শেহতীয়া বানৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিজ্ঞ নেতৃত্বত অসম চৰকাৰে লোৱা সময়োচিত তৎপৰতাৰ বাবে বহু লোকৰ জীৱন ৰক্ষা পৰা বুলি দোহাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্ত্রী, বিষয়া-কৰ্মচাৰীৰ তৎপৰতা আৰু কৰ্তব্যনিষ্ঠাৰ উচ্চ প্রশংসা কৰে কেন্দ্ৰীয় মন্ত্রীদ্বয়ে। কেন্দ্রীয় কৃষিমন্ত্রী চৌহানে কয় যে আজি আমি ধেমাজিত বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত শেহতীয়া বানে গাঁওসমূহত চলোৱা তাণ্ডৱ দেখি যথেষ্ট ব্যথিত হ’লোঁ। ইমান বিধ্বংসী বানৰ সময়ত জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰে লোৱা তৎপৰ কাৰ্যব্যৱস্থাই ৰাইজক যথেষ্ট সকাহ দিলে। বান ক্ষতিগ্রস্ত ৰাইজৰ সৈতে কথা পাতি পাতি অনুভৱ কৰিব পাৰিছোঁ যে অভিজ্ঞ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো মন্ত্রী, বিষয়া আৰু কৰ্মচাৰীয়ে বান কবলিত অঞ্চলত অতি নিষ্ঠা আৰু আন্তৰিকতাৰে আৰ্ত লোকৰ উদ্ধাৰ আৰু সাহায্য অভিযান সফল কৰিলে। চৰকাৰৰ সময়োচিত পদক্ষেপৰ বাবেই বহুজনৰ প্ৰাণ ৰক্ষা পৰে। তেওঁ এই দুর্যোগৰে মোকাবিলাৰ ক্ষেত্ৰত অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সকলো সহায়-সমর্থন আগবঢ়োৱা হ’ব বুলিও সংবাদ মেলত ঘোষণা কৰে। সম্পূর্ণ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়নৰ বাবে সময়ৰ প্ৰয়োজন হ’ব বুলি দোহাৰি কেন্দ্ৰীয় মন্ত্রী চৌহানে জানিবলৈ দিয়ে যে তেওঁ আৰু সতীর্থ কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে দিল্লীলৈ ঘূৰি গৈ অসম চৰকাৰৰ ফালৰ পৰা দাখিল কৰা প্ৰাৰম্ভিক ক্ষয়-ক্ষতিৰ তথ্যসহ এখন বিতং প্রতিবেদন প্রধানমন্ত্ৰীৰ হাতত অর্পণ কৰিব। তদুপৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীত শীঘ্ৰে হ’ব লগা ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ) ৰ পৰ্যালোচনা বৈঠকত কেন্দ্রীয় কৃষিমন্ত্রী চৌহানে অসম আৰু অৰুণাচলত শেহতীয়া বানৰ বিধবংসী প্রভাৱৰ দিশটো সঠিকভাৱে উপস্থাপন কৰিব বুলিও প্রকাশ কৰে।