পেট্ৰ’লৰ-ডিজেলৰ মূল্য হ্ৰাস
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম এছিয়াত শেহতীয়াভাৱে উত্তেজনা হ্ৰাস হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণলৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ পিছতে দেশত পেট্র’ল, ডিজেলৰ দাম কমালে দেশখনৰ অন্যতম বৃহৎ বেচৰকাৰী ইন্ধন সংস্থা নায়াৰা এনার্জীয়ে। বুধবাৰৰ পৰা তেওঁলোকে প্রতি লিটাৰ পেট্ৰ’লৰ দাম ৫ টকাকৈ আৰু ডিজেলৰ দাম ৩ টকাকৈ কমাইছে। যোৱা দুবছৰৰো বেছি সময়ৰ ভিতৰত কোনো এটা ইন্ধন সংস্থাই এয়াই প্ৰথমবাৰৰ বাবে খুচুৰা বজাৰত পেট্ৰ’ল, ডিজেলৰ দাম কমালে। ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে পেট্র’ল, ডিজেলৰ দাম কমোৱাৰ কথা ঘোষণা কৰিলেও ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্র’লিয়ামৰ দৰে ৰাজহুৱা খণ্ডৰ ইন্ধন সংস্থাসমূহত পেট্ৰ’ল, ডিজেলৰ দাম অপৰিৱৰ্তিত হৈয়েই আছে। নায়াৰাই ইন্ধনৰ দাম কমোৱাৰ পিছতে সাধাৰণ নাগৰিকৰ বহুতেই আশা প্রকাশ কৰিছে যে হয়তো ৰাজহুৱা খণ্ডৰ সংস্থাসমূহেও এনে পদক্ষেপ গ্রহণ কৰিব। উল্লেখ্য যে,পশ্চিম এছিয়াত সংঘাত হ্ৰাস পোৱাৰ সমান্তৰালভাৱে এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ পুনৰ মুকলি হৈছে। ইয়াৰ ফলত খাৰুৱা তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ সৰবৰাহ স্বাভাৱিক হৈ পৰিছে আৰু যোগান ব্যাহত হোৱাৰ যি আশংকা আছিল, সেয়া দূৰ হৈছে। এই ইতিবাচক পৰিৱৰ্তনৰ বাবেই বিশ্ব বজাৰত তেলৰ মূল্য হ্ৰাস পাইছে। আনফালে, ভাৰতৰ অন্যতম ব্যক্তিগত ইন্ধন খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান নায়াৰা এনাৰ্জীয়ে বুধবাৰে সমগ্ৰ দেশজুৰি প্ৰতিষ্ঠানটোৰ নেটৱৰ্কত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৫ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ হ্ৰাস কৰে। পশ্চিম এছিয়াৰ উত্তেজনা প্ৰশমিত হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত বিগত দুবছৰতকৈও অধিক সময়ৰ ভিতৰত যিকোনো প্ৰতিষ্ঠানে কৰা এইয়া প্ৰথম খুচুৰা ইন্ধনৰ মূল্য হ্ৰাস। যোৱা ২৬ মাৰ্চত প্ৰতিষ্ঠানটোৱে পেট্ৰ‘ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৫ টকা আৰু ৩ টকাকৈ বৃদ্ধি কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰায়ত্ত ইন্ধন প্ৰতিষ্ঠানসমূহেও মে‘ মাহৰ দ্বিতীয়াৰ্ধত কেইবালানিও সংশোধনৰ জৰিয়তে উচ্চ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ সৈতে সংগতি ৰাখি পেট্ৰ‘ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.৫০ টকাকৈ বৃদ্ধি কৰিছিল।
