অম্বুবাচীৰ তৃতীয়দিনাও উখল-মাখল কামাখ্যা
ৰঙিলী বাৰ্ত্তাসেৱা- অম্বুবাচীৰ তৃতীয়দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে নীলাচল পাহাৰৰ বুকুত। আদ্যশক্তিৰ মূল মা কামাখ্যাৰ আশিস ল’বলৈ লক্ষাধিক ভক্তই ভিৰ কৰিছে আৰু দেশী-বিদেশী অগণন ভক্তই অব্যাহত ৰাখিছে সাধনাৰ মহাযোগ। নীলাচলৰ বুকুত এতিয়া যেনিয়ে চকু যায় তেনিয়ে কেৱল মা কামাখ্যাৰ আশিস লাভৰ বাবে উদ্বাউল ভক্তৰ লানি নিছিগা শাৰী। এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অম্বুবাচী মহাযোগৰ আজি তৃতীয়দিনাও লাখ লাখ ভক্ত-সাধু-সন্ত-সন্যাসীৰ সমাৱেশেৰে উদ্বেলিত হৈ পৰিছে সমগ্র নীলাচল পাহাৰৰ পৱিত্ৰ কামাখ্যাধাম। উল্লেখ্য যে পুৱা পাঁচ বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পিছৰে পৰা লানি নিছিগা ভক্ত-দর্শনার্থীৰ সোঁত বয় কামাখ্যাধামলৈ। সন্ধিয়া ৬ বজাত প্রৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ সময়লৈকে অব্যাহত থাকে মন্দিৰলৈ ভক্ত-দর্শনাৰ্থীৰ গমন। অম্বুবাচীৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্ত-দর্শনার্থীৰ বাবে বন্ধ থকাত মন্দিৰ পৰিক্ৰমা কৰিয়েই মাৰ আশিস লৈ পৰিতৃপ্ত মনেৰে উভতিছে সাধাৰণ ভক্ত-দর্শনার্থীসকলে। অৱশ্যে অম্বুবাচী মহাযোগ উপলক্ষে কেইদিনমান আগৰ পৰা আহি অৱস্থান কৰা দেশ-বিদেশৰ সাধু-সন্ত-সন্যাসীসকলে কামাখ্যাধামত থাকিয়ে অহর্নিশে চলাই গৈছে ভিন্নধর্মী আধ্যাত্মিক সাধনা-চর্চা। নীলাচল পাহাৰত অম্বুবাচীৰ সময়তে সৰ্বাধিক হাৰত ধনাত্মক শক্তিৰ সঞ্চাৰ হয় বুলি চলা প্ৰবাদৰ বাবেই তন্ত্র সাধনাৰ বাবে এই সময়ছোৱাত কামাখ্যাধাম হৈ পৰে অধিক উপযোগী আৰু ফলদায়ক। সেইবাবেই এইবাৰো সমৱেত হৈছে বহু হাজাৰ তান্ত্রিক, সাধু-সন্যাসীৰ লগতে তন্ত্র সাধনাত ব্রতী লোক।
