সদৌ অসম ভিত্তিত নীলাখামৰ চিঠি প্ৰতিযোগিতা
মনোৰঞ্জন বৰা,ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য-সংস্কৃতিৰ চেতনাক সজীৱ কৰি তোলা আৰু চিঠি লিখাৰ সুন্দৰ পৰম্পৰাক পুনৰ জাগ্ৰত কৰাৰ লক্ষ্যৰে সাহিত্য সংস্কৃতি ৰঙ্গকেলি মঞ্চ, অসম-ৰ উদ্যোগত এখন “নীলাখামৰ চিঠি প্ৰতিযোগিতা” আয়োজন কৰা হৈছে। আজিৰ ডিজিটেল যুগত হাতেৰে চিঠি লিখাৰ অভ্যাস ক্ৰমাৎ লোপ পাই যোৱাৰ প্ৰেক্ষাপটত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিযোগিতাৰ জৰিয়তে নতুন প্ৰজন্মক চিঠি সাহিত্যৰ সৈতে পৰিচিত কৰাৰ লগতে সৃষ্টিশীল চিন্তা, ভাষাৰ সৌন্দৰ্য আৰু অনুভূতি প্ৰকাশৰ ক্ষমতা বিকাশ কৰাটো অন্যতম উদ্দেশ্য। আয়োজক সমিতিয়ে জনোৱা মতে,প্ৰতিযোগিতাৰ মাছুল হিচাপে প্ৰতিযোগীসকলে ৩০ টকা দিব লাগিব লগতে কয় যে প্ৰতিযোগিতাখনত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী তথা সকলো বয়সৰ সাহিত্যপ্ৰেমীয়ে অংশগ্ৰহণ কৰিব পাৰিব। উৎকৃষ্ট চিঠিসমূহ নিৰ্বাচন কৰি বিজয়ীসকলক মানপত্ৰ আৰু অন্যান্য পুৰস্কাৰেৰে সম্বৰ্ধনা জনোৱা হ’ব। সাহিত্য সংস্কৃতি ৰঙ্গকেলি মঞ্চ, অসমৰ সভাপতি আৰু বিষয়ববীয়াসকলে ৰাজ্যৰ সকলো সাহিত্যপ্ৰেমী ব্যক্তিক উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে এখন চিঠি কেৱল কাগজত লিখা কিছু শব্দ নহয়, বৰঞ্চ ই হৃদয়ৰ অনুভূতি, সমাজৰ চিন্তা আৰু মানৱীয় সম্পৰ্কৰ এক মূল্যৱান দলিল। লেখা সমূহ আপোনালোকে হোৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰিব 9365810862, 8099617629, 9365140617, 80115 65138,78965 32220, 80114 97261 নাইবা ই-মেইল ( monuranjanb64@gmail.com ) যোগে দিব পাৰিব ।
