শ্যামকানুৰ জামিনক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে

শ্যামকানুৰ জামিনক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত জুবিন গাৰ্গৰ দুৰ্ভাগ্য়জনক মৃত্যুৰ সন্দৰ্ভত অসমত চলি আছে গোচৰ ৷ বিশেষ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিদিনে চলি আছে ৷ আনফালে কাৰাবন্দী শ্য়ামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই ইখনৰ পাছত সিখন ন্যায়ালয়ত জামিন আবেদন দাখিল কৰি গৈছে ৷ কিন্তু বাৰে বাৰে ন্য়ায়ালয়ত মহন্তৰ জামিন আবেদন খাৰিজ হৈ আহিছে ৷  জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অন্য়তম মূল অভিযুক্ত বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু মহন্তই জামিন বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকাুন মহন্তই জামিন আবেদন দাখিল কৰিছে ৷ শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈকো নির্দেশ প্রদান কৰে। শুনানিৰ সময়ত বিচাৰপীঠে প্ৰশ্ন কৰে যে যদিহে আবেদনকাৰীক জামিনত মুকলি কৰি দিয়া হয় তেন্তে দেশ এৰি পলায়নৰ সম্ভাৱনা আছে নেকি? ন্যায়াধীশৰ প্ৰশ্নৰ উত্তৰত জামিন আবেদনকাৰী মহন্তৰ হৈ অধিবক্তা সিদ্ধার্থ ডাভেই যুক্তি আগবঢ়াই কয় যে আবেদনকাৰী পলায়ন কৰাৰ আশংকা সম্পূর্ণ অমূলক। ডাভেৰ বক্তব্য- পানীত বুৰ গৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল। ইয়াত পলায়নৰ কোনো প্রশ্নই নুঠে। শ্যামকানু মহন্তৰ হাতত পইচাও নাই আৰু তেওঁৰ পাছপ’টো তদন্তকাৰী সংস্থাৰ হাতত জমা দিয়া আছে। ইয়াৰ পাছতে ন্যায়ালয়ে সমগ্র বিষয়টো সন্দৰ্ভত ২০২৬ চনৰ জুলাই মাহৰ শেষৰ ফালে ৰায় দিব বুলি উল্লেখ কৰে। আনহাতে সর্বোচ্চ ন্যায়ালয়ে ৰাজ্যত চলি থকা গোচৰটো সন্দৰ্ভত সকলো নথি-পত্র দাখিলৰ বাবে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ। আজি অৱশ্যে শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি মাত্র পাঁচ মিনিটতে সম্পন্ন হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মহন্তৰ এগৰাকী অধিবক্তাই। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ ভিডিঅ’ কনফাৰেঞ্চযোগে অংশ লয় মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে দিয়া ৰায়ত জুবিন গাৰ্গ হত্যা গোচৰত শ্যামকানু মহন্ত কি ৰূপে জড়িত আছে, তাৰ বহুবোৰ চাঞ্চল্যকৰ তথ্য সন্নিৱিষ্ট কৰিছে। জুবিন গাৰ্গক অসুস্থ অৱস্থাত ছিংগাপুৰলৈ লৈ যোৱা, ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ দিয়া, জুবিন গাৰ্গক মদৰ বটল গোপনে যোগান ধৰা আদি কাৰ্যৰ লগত শ্যামকানু মহন্ত জড়িত থকাৰ তথ্য এই ৰায়ত উল্লেখ আছে। শ্যামকানু মহন্ত যে জুবিন গাৰ্গ হত্যাৰ লগত জড়িত আছে, তাক চৰকাৰী পক্ষৰ অধিবক্তাই যুক্তিসহকাৰে প্ৰমাণ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান নকৰিলে। উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন দিলে তেওঁ দেশ এৰি পলায়ন কৰা আৰু সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্যামকানু মহন্ত্রক জামিন প্ৰদানৰ পৰা বিৰত থাকে।