ধৰ্মীয় বিশ্বাসেৰে অম্বুবাচী পালন
নমিতা দাস,শুৱালকুছি
অম্বুবাচী শব্দটো সংস্কৃত শব্দৰ পৰা অহা । অম্বু মানে পানী আৰু বাচী মানে প্ৰকাশ বা প্ৰস্ফুটন । অম্বুবাচী আমেতি, আমতি , ষাঁঠ আদি বিভিন্ন ঠাইত বিভিন্ন নামেৰে পালন কৰা এটি উৎসৱ। অম্বুবাচী জেঠমাহৰ শেষৰ তিনিদিনৰ পৰা আহাৰ মাহৰ প্ৰথম চাৰি দিনৰ ভিতৰত ষাঁঠ লগা বুলি কয় তাৰে তিনিদিন শূণ্য গৈ আহাৰ মাহৰ সাত তাৰিখৰ পৰা আমতি বা অম্বুবাচী আৰম্ভ হয় ।
ষাঁঠ লগা সময়ত ৰজঃচলা হয় আই বসুমতী আৰু সেয়াই অম্বুবাচী । ঋতুকাল সম্পূৰ্ণ হোৱাৰ পিছত নাৰী সকল সন্তান ধাৰণৰ কাৰণে সম্ভৱ পৰ হৈ উঠাৰ দৰে। ৰদৌজ্বল বতৰৰ অন্তত বৰ্ষাৰ আগমনৰ এই সময়খিনিতে আই ধৰিত্ৰী ঋতুমতী হয় । সেই সময়ত ধৰিত্ৰীৰ যত্ন কৰি উৰ্বৰা শক্তিৰ বৃদ্ধি কৰি সেউজীয়াৰে ভৰপুৰ হৈ খেতিপথাৰ সেউজ কৰি তোলাৰ বিজ্ঞানৰ আবিস্কাৰৰ আগতেই হয়তো খেতিপথাৰবোৰ সেউজী কৰাৰ প্ৰস্তুতি চলোৱা বাবে এনে উৎসৱ পালন কৰা হৈছিল । আনফালে এই ষাঁঠ লগা সময়তে আহাৰমাহৰ উপচি পৰা ফলমূলবোৰ পুৰঠ হৈ সোৱাদ যুক্ত হয় বুলি বিশ্বাস আছে । এই উৎসৱ কৃষিৰ লগত জড়িত উৎসৱ বুলিও ক’ব পাৰি ।
এই সময়ত লোকবিশ্বাস অনুসৰী ঋতুমতী কোনো মহিলাকে পৃথিৱীত বা মাটিত খোজ দিবলৈ নিদিয়া কথাটোত কোনো যুক্তি নাথাকে । আনহাতে পূজা অৰ্চনা কৰা স্থলি সমুহতো ধূপ-ধূনা চাকি জ্বলোৱাৰ পৰা বিৰত থকা হয় । পূজা গৃহত ভোগ ৰন্ধা নহয় । দেৱীৰ মূৰ্তী সমূহ ঢাকি থোৱাৰ লগতে কোনো মন্দিৰত যদি দেৱীৰ ফটো থাকে তাকো কাপোৰেৰে তিনিদিনলৈ ঢাকি থোৱা হয় আৰু চতুৰ্থদিনা দেৱীৰ পূজা অৰ্চনা কৰাৰ নিয়ম পৰম্পৰাগত ভাবে চলি আছে । মা কামাখ্যা দেৱীকো ৰঙা কাপোৰেৰে ঢাকি থোৱা হয় । দেৱী এই সময়খিনিত মহা যোগ নিদ্ৰাত মগ্ন থাকে । সেয়েহে এই সময় খিনিত দেৱী মাক স্পৰ্শ কৰিব দিয়া নহয় ।
অম্বুবাচীৰ সময়তে নীলাচল পাহাৰত থকা “মা কামাখ্যা” দেৱীৰ ধামৰ তীৰ্থ দৰ্শন কৰি পুণ্য অৰ্জনৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰ্শনাৰ্থীৰ লগতে অন্য দেশৰ পৰাও দৰ্শন কৰিবলৈ কামাখ্যা ধামলৈ সাধু , সন্যাসী, তান্ত্ৰিক সাধক সকলে বিশেষ জপ,তপ , মন্ত্ৰ জপ ধ্যাণ কৰি দেৱীৰ শক্তিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ প্ৰয়াস কৰে । এই সময়ত দেৱী অধিক শক্তিশালী হৈ থকা বাবে ভক্ত সকলে দেৱীক দৰ্শনৰ বাবে
দিন ৰাতি একাকাৰ কৰি শক্তিপিঠলৈ গৈ “মা কামাখ্যা” দেৱীক আৰাধনা কৰে।
অম্বুবাচী উৎসৱৰ সময়ত নাম, তপ ,জপ কৰাৰ ফলত যিহেতু সফলতা লাভ কৰিব পাৰি এই সময়খিনিত চুলি, দাৰি নখ কটা উচিত নহয় , তাৰ ওপৰিও ভূমিক কোনো আঘাট কৰিব নালাগে। এই সময় খিনত ব্ৰাহ্মণ, যোগী সকলে সিজোৱা আহাৰ গ্ৰহণ নকৰে । ব্ৰাহ্মণ বিধবা সকলেও এই সময়ত জুইত সিজোৱা আহাৰৰ সলনী কেচা আহাৰ আৰু ফলমুল গ্ৰহণ কৰে ।এই সময় চোৱাত কোনো মংগলীক অনুষ্ঠান কৰা নাযায় ।
মুঠতে অম্বুবাচী হৈছে কৃষি আৰু দেৱী মাৰ ওপৰত কৰা বিশ্বাসৰ উৎসৱ ।
