চিতা ছাইৰ ঘোষণা পত্ৰ – হৰেন কপ্তাক

Pc Siasat.com - The Siasat Daily

চিতা ছাইৰ ঘোষণা পত্ৰ

হৰেন কপ্তাক
ৰাইচাপৰি বলমা গাঁও,ধেমাজি

জিঁকাৰ খাই উঠোৱা কথাত
নিয়ৰ চেঁচা মন এটিক
নিমিষতে বিস্ফোৰিত কৰি তোলে
অৰ্ধ গলিত উন্মাদিত বিবেকে
টিঙিৰি তুলা হৈ উৰা মাৰে
উশাহৰ ঘাটত জিৰণিৰ সন্ধান
অক্টোপাচবোৰে তাতো যেন বুকুত চাবুক মাৰি ধৰে
হিংসুক,প্ৰতাৰক পৰশ্ৰীকাতৰ
লৈ লোৱা,অঙঠাৰে কটা
ঠিকনাবিহীন কবিৰ কলিজা
পুৰিলেও পুৰক দে
ছাই হৈ ৰ’ম,ধোঁৱা হৈ উৰিম
চিতাৰ কাষত শব্দৰ স্ফুলিংগ হৈ
ভ্ৰমি ফুৰিম প্ৰিয় পাঠকৰ
এটি ভাল পোৱা কবিতা হৈ