ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতুপণ দুৱৰালৈ যুৱ নেতৃত্ব ২০২৬ বটাঁ প্ৰদান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থা, চমুকৈ এএএম এচ ইউ মটক জনগোষ্ঠীৰ বলিষ্ঠ কণ্ঠ, বিভিন্ন জাতি জনগোষ্ঠীৰ সংকটৰ সময়ত উদ্দাত্ত উদ্দাত্ত কণ্ঠেৰে মাত মাতি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা উদ্যমী যুৱ নেতা, মটক জনগোষ্ঠীৰ সমস্যা সমুহ সমাধান বাবে আহোপুৰুষাৰ্থ কৰা সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতুপণ দুৱৰালৈ অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়ন অৰ্থাৎ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই আয়োজন কৰা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এই সন্মানৰ বটাঁ প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰা হাবিচুক গাওঁত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত এই বটাঁ প্ৰদান কৰে। এই বটাঁৰ লগত সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা, জাপিৰ লগতে এটি স্মাৰক প্ৰদান কৰে। এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ সমাজলৈ নিস্বাৰ্থ সেৱা আগবঢ়োৱা ব্যক্তিলৈ সন্মান প্ৰদান কৰে।
