শ্রীলংকাক ৬৬ ৰানত পৰাস্ত কৰি ত্রিদেশীয় শৃংখলা দখল ভাৰত ‘এ’ৰ

শ্রীলংকাক ৬৬ ৰানত পৰাস্ত কৰি ত্রিদেশীয় শৃংখলা দখল ভাৰত ‘এ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকা, ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল ত্ৰি- দেশীয় এদিনীয়া শৃংখলা। এই প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে  তিলক বাৰ্মা নেতৃত্বাধীন ভাৰত- এ দলে। ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীৰ বিধ্বংসী বেটিঙেৰে ত্রিদেশীয় শৃংখলাৰ ফাইনেলত শ্রীলংকাক  ৬৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ভাৰত ‘এ’ দলে খিতাপ দখল কৰিবলৈ সক্ষম হয়।  ডাম্বুলাত অনুষ্ঠিত ফাইনেলত প্রথমে বেটিং কৰি ভাৰত ‘এ’ দলে বৈভৱ সূৰ্যবংশীৰ ২৯টা বলত ৯৪ৰান আৰু অধিনায়ক তিলক বাৰ্মাৰ ধৈৰ্যশীল ৬৭ ৰানৰ সহায়ত ৯টা উইকেটৰ বিনিময়ত ৩৭৭ ৰান কৰে। বৈভৱে ১১টা বলতে পাঁচটা ৪ আৰু পাঁচটা ৬ৰে লিষ্ট-এ ক্ৰিকেটৰ দ্রুততম অর্ধশতক কৰাৰ পিছত ৬ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয়। ১০টা ৪ আৰু আঠটা ছয়েৰে বৈভৱে ২৯টা বলত ৯৪ ৰানৰ ইনিংছটো সজায়। প্রিয়াংশ আর্যই ৩৯, ঋতুৰাজ গাইকোৱাডে ৪০ ৰান আৰু অনুকুল ৰয়ে ৩৯ ৰান কৰে। ইফালে, ৩৭৮ ৰানৰ লক্ষ্য লৈ ঘৰুৱা দল শ্রীলংকাৰ আৰম্ভণিতে দুটাকৈ উইকেট হেৰুৱাই শ’লঠেকত পৰাৰ পিছত সাদিৰা ছামাৰাৱিক্ৰমাৰ ৫২ আৰু ৱানুজা সাহানৰ ৬২ ৰানৰ সহায়ত কিছু যুঁজ দিয়া পৰিলক্ষিত হৈছিল যদিও ভাৰতীয় বলাৰৰ দৃঢ়তাত ৪৭.১ অভাৰত ৩১১ ৰান কৰি ইনিংছ সামৰিবলগীয়া হয়। ভাৰতৰ হৈ যশ ঠাকুৰ আৰু বিপৰাজ নিগমে তিনিটাকৈ উইকেট দখল কৰে। বৈভৱ সূর্যবংশীক প্লেয়াৰ অৱ দ্য মেচ সম্মান প্রদান কৰা হয়।