নীট পৰীক্ষাৰ্থীৰ বাবে দিল্লী বিমান বন্দৰত ৪৫ মিনিট অপেক্ষা প্ৰধানমন্ত্ৰী মোদীৰ

Pc LinkedIn

নীট পৰীক্ষাৰ্থীৰ বাবে দিল্লী বিমান বন্দৰত ৪৫ মিনিট অপেক্ষা প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে পুনৰ অনুষ্ঠিত হ’ল চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নির্ধাৰক ‘নেচনেল এলিজিবিলিটা কাম এন্ট্রেঞ্চ টেষ্ট’ (নীট-ইউজি)। সমগ্ৰ দেশৰ ৫ সহস্রাধিক কেন্দ্রত পুনৰ নীট-ইউ জি অনুষ্ঠিত হয়। কঠোৰ নিৰাপত্তা তথা নিৰীক্ষণৰ মাজত অনুষ্ঠিত হোৱা পৰীক্ষাত, প্রায় ২২ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইফালে প্রধানমন্ত্রী মোদীয়ে আজি ছাত্র-ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা এটা সিদ্ধান্তই চর্চা লাভকৰে। উল্লেখযোগ্য যে কলকাতাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া দিল্লীলৈ উভতি আহে। তেওঁ দিল্লী বিমানবন্দৰত উপস্থিত হয় দিনৰ প্রায় ১.১৫ বজাত। সেই সময়ত নীটৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ যোৱাত ব্যস্ত হৈ আছিল আৰু পথত ব্যস্ততা বৃদ্ধি পায়। নীট পৰীক্ষাৰ্থীৰ ব্যস্ততাৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্রীয়ে প্রায় ৪৫ মিনিট সময় দিল্লীৰ বিমানবন্দৰতে অপেক্ষা কৰাৰ সিদ্ধান্ত লয়। প্রধানতঃ নিজৰ কনভয়ৰ কাৰণে যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা কেন্দ্ৰত গৈ পোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যা নহয়, সেইকাৰণে তেওঁ এই পদক্ষেপ লয়। ‘নেচনেল টেষ্টিং এজেঞ্চী’ (এন টি এ)-এ পৰীক্ষা আৰম্ভ হোৱাৰ সময় নির্ধাৰণ কৰি দিছিল দিনৰ ২ বজাত। প্রধানমন্ত্রী মোদী বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত দেশৰ ৰাজধানীৰ বিভিন্ন প্রান্তত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰসমূহলৈ যাবলৈ লৈছিল হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। প্ৰধানমন্ত্ৰীৰ কনভয়ৰ কাৰণে যাতে সেই সময়ত দিল্লীৰ ট্রেফিক ব্যৱস্থা ব্যাহত নহয়, সেয়া নিশ্চিত কৰিবলৈ তেওঁ বিমানবন্দৰতে ৪৫ মিনিট বহি থাকে। উল্লেখ্য যে প্রধানমন্ত্ৰীৰ কনভয়ৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নির্দিষ্ট পথৰ যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰাটো বাধ্যতামূলক। তদুপৰি এইক্ষেত্ৰত কেতবোৰ অস্থায়ী বাধা-নিষেধো আৰোপ কৰাটো প্রয়োজন হৈ পৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্রধানমন্ত্রী মোদীয়ে বিচাৰিছিল- তেওঁৰ নিজৰ কনভয়ৰ কাৰণে যাতে পৰীক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন নহয়। দিনৰ ২ বজাত নীট-ইউজি আৰম্ভ হোৱাৰ পাছতে বিমানবন্দৰৰ পৰা নিজৰ চৰকাৰী বাসভৱন অভিমুখে ৰাওনা হয় প্রধানমন্ত্রী মোদীৰ কনভয়।