সফলতাৰে সম্পন্ন নীট-ইউজি পৰীক্ষা

Pc NDTV

সফলতাৰে সম্পন্ন নীট-ইউজি পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰশ্নকাকত ফাদিলৰ অভিযোগত পূর্বেই বাতিল কৰা নীট-ইউজি ২০২৬ পৰীক্ষা ডেৰ মাহৰ পাছত দেওবাৰে পুনৰ অনুষ্ঠিত হয়। চলিত বছৰত দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হয় ৷দেশজুৰি ২০ লাখৰো অধিক পৰীক্ষাৰ্থী পৰীক্ষাটোত অৱতীৰ্ণ হয় ৷ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এক বিবৃতিৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে ৷ দেশজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ অধীনত দেশৰ ৫৫১খন চহৰ আৰু বিদেশৰ ১৪টা স্থানত ৫,৪৪০টা কেন্দ্রত এই পৰীক্ষা একপ্ৰকাৰ সুকলমে সম্পন্ন হয়। দেওবাৰে দিনৰ ২ বজাৰ পৰা সমগ্র দেশত নীট-ইউজি পৰীক্ষা আৰম্ভহৈ বিয়লি ৫ বজাত পৰীক্ষা সমাপ্ত হয়।হিন্দী আৰু ইংৰাজীকে ধৰি মুঠ ১৩ টা ভাষাত এই পৰীক্ষা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ বিবৃতি অনুসৰি, সমগ্ৰ দেশৰ একাধিক চৰকাৰী সংস্থা, প্ৰতিষ্ঠান আৰু কৰ্মীয়ে সফলতাৰে এই পৰীক্ষা পৰিচালনা কৰে ৷ ১০ হাজাৰৰো অধিক বিশেষভাৱে সক্ষম প্ৰাৰ্থীকে ধৰি অন্যান্য সকলো প্ৰাৰ্থীৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জানিবলৈ দিছে ৷ চিকিৎসাজনিত সমস্যা থকা প্ৰায় ৮১ জন প্ৰাৰ্থীৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছিল ৷ অসমতো নীট- ইউজি ২০২৬ নেচনেল টেষ্টিং এজেঞ্চীয়ে ১৭খন জিলাৰ ৮৭টা পৰীক্ষা হলত সুকলমে সম্পন্ন কৰে। অসমত এইবাৰ মুঠ ৪৩,৩১৯ গৰাকী পৰীক্ষাৰ্থীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী মহানগৰীত এইবাৰ মুঠ ১৫টাকৈ পৰীক্ষা কেন্দ্র স্থাপন কৰা হৈছে। পৰীক্ষা যাতে সুকলমে সম্পন্ন হয়, তাৰ বাবে গুৱাহাটী মহানগৰীত জিলা আৰক্ষী আয়ুক্তই ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰাত নিষেধাজ্ঞামূলক নির্দেশ বলৱৎ কৰে। সকলো নীট পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত এই নিষেধাজ্ঞাৰ অধীনত জনসমাগম নিষেধ কৰা হয়। পৰীক্ষাৰ স্থানত কেৱল পৰীক্ষাৰ্থী আৰু অনুমোদিত পৰীক্ষাৰ লগত জড়িত ব্যক্তি আৰু নিৰাপত্তাৰক্ষীকহে থাকিবলৈ অনুমতি দিয়া হৈছিল। উল্লেখ্য যে প্রশ্নকাকত ফাদিলৰ ঘটনাৰ পিছতে নীট পৰীক্ষা অনুষ্ঠিত কৰা নেচনেল টেষ্টিং এজেঞ্চীৰ ওপৰত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল। নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত একেটা ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাক ৰোধ কৰিবলৈ সংস্থাটোৱে অর্ধসামৰিক বাহিনী আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ উন্নত ব্যৱস্থা গ্রহণ কৰিছিল। দেশজুৰি নীট পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ বাবে সংস্থাটোৱে পৰীক্ষা কেন্দ্রসমূহত ১.৩ লাখ এআই জেনেৰেটেড কেমেৰা সংলগ্ন কৰাৰ লগতে ৫১ হাজাৰৰো অধিক ছিগনেল জামাৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰি বাধ্যতামূলক পৰীক্ষা পদ্ধতিৰ সৈতে ১৯৫ মিনিটৰ সময়সীমালৈ কঠোৰ পৰীক্ষাৰ সময় বলবৎ কৰা হৈছিল, যাতে প্রশ্নকাকত ফাদিলৰ সম্ভাৱনা ৰোধ হয়। পৰীক্ষাৰ্থীৰ পৰিচয়-পত্ৰ পৰীক্ষণৰ বাবে আধাৰভিত্তিক বায়’মেট্রিকছ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। পৰীক্ষাৰ্থীসকলে অকল অনুমোদিত সামগ্রী যেনে- এডমিট কার্ড, পানীৰ বটল তথা অন্যান্য সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা লোৱা হৈছিল।