যুৱপ্ৰজন্ম বনাম-লাভ জেহাদ বনাম- সমাজত প্ৰভাৱ – প্ৰাণ প্ৰতিমা বড়া

Pc Marie Claire

যুৱপ্ৰজন্ম বনাম-লাভ জেহাদ বনাম- সমাজত প্ৰভাৱ

প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা
গুৱাহাটী 

বৰ্তমান সময়ত এটা ভয়লগা শব্দ “লাভ জেহাদ ৷”ইয়াৰ প্ৰভাৱত দিনকদিনে সমাজত অপৰাধ প্ৰৱণতাৰ বৃদ্ধি হৈছে ৷ এনে কিয়  হৈছে ? ই এক ডাঙৰ প্ৰশ্ন ৷ আমাৰ সমাজ ব্যৱস্থা , পৰিয়ালৰ লোকসকল তাৰ বাবে দায়ি নহয়নে? সুস্থিৰ সমাজ এখন গঢ় ল’বলৈ সমাজত বাস কৰা লোকসকলৰ মানসিকতা সুস্থিৰ হ’ব লাগিব ৷ যিখন সমাজত বাস কৰা লোকসকলৰ মাজত অপৰাধ প্ৰৱণতা বেছি সেই লোকসকলৰ মানসিকতা অসুস্থ ৷ অসুস্থ মানসিকতাৰ লোকে এখন সুস্থ সমাজ গঢ়ি তুলিব কেতিয়াও নোৱাৰে ৷ নেতিবাচক চিন্তাৰ লোকৰ জ্ঞানৰ অভাৱত দিনকদিনে বাঢ়ি আহিছে অপৰাধজনিত ঘটনাসমূহ ৷ ইয়াৰ কাৰণসমূহ বিচাৰিবলৈ গ’লে আমি দেখিবলৈ পাওঁ , কিছুমান পৰিয়ালৰ নেতিবাচক চিন্তা, সমাজ ব্যৱস্থাৰ নেতিবাচক চিন্তা, বেয়া সংগৰ প্ৰভাৱৰ ফলতো অপৰাধজনিত কাৰণসমূহ দেখিবলৈ পোৱা যায় ৷ নিচাসক্ত মানসিকতাৰ বাবেও যুৱপ্ৰজন্মৰ মাজত  অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে ৷ দিনদুপৰতে আজিৰ দিনত আমি আৰু  আমাৰ উত্তৰ প্ৰজন্ম নিজৰ ঘৰত , ৰাষ্টাই-ঘাটে বৰ্তমান সময়ত সুৰক্ষিত নহয় ৷ অপৰাধ সমূহ সংঘটিত হোৱাটো যেন এতিয়া তেনেই সুলভ ৷ বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ মাজত নৈতিক চিন্তাধাৰাৰ অভাৱ ৷ প্ৰতাৰণা, মিছা, বিশ্বাসঘাতকতা, নেতিবাচক চিন্তাৰ প্ৰভাৱ , উগ্ৰ মানসিকতাৰ প্ৰভাৱত এনে ধৰণৰ মানসিকতা গঢ় লৈ উঠে। তাৰোপৰি যুৱপ্ৰজন্মৰ ব্যক্তিগত স্বাৰ্থ যেনে ধন, সম্পত্তি , সুবিধা লাভৰ আশাত এনে ধৰণৰ অপৰাধসমূহ দিনকদিনে বৃদ্ধি পাবলৈ লৈছে ৷ক্ষমতাৰ লাভৰ আশাত , উগ্ৰ মানসিক চিন্তাৰ প্ৰভাৱো দেখা যায় ৷ সুসংস্কাৰৰ অভাৱ , নিকৃষ্ট মানসিকতাৰ লগতে প্ৰকৃত জ্ঞানৰ অভাৱ, পৰিয়ালৰ লোকৰ নিকৃষ্ট মানসিকতাৰ প্ৰভাৱ , সুস্থিৰ পৰিবেশ আৰু প্ৰকৃত জ্ঞানৰ অভাৱত  এনেবোৰ অপৰাধ দিনকদিনে বাঢ়ি আহিছে ৷ আনৰ ইচ্ছাক সন্মান জনাব নজনা বিকৃত মানসিকতাৰ যুৱপ্ৰজন্মৰ ব্যক্তিত্ব আৰু নিজা-নিজা আচৰণৰ ফলতো এনেধৰণৰ অপৰাধ সংঘটিত হ’ব ধৰিছে ৷

আমাৰ সমাজত বাস কৰা যুৱপ্ৰজন্মৰ  এনে নেতিবাচক মানসিকতাৰ বাবে আমি কেতিয়াও নিৰাপদ নহয় ৷ বৰ্তমান সময়ত আমি কোনোৱেই সুৰক্ষিত নহয় ৷

আমি কি কৰা উচিত ? সুস্থ সমাজ এখন গঢ়িবলৈ সমাজত বাস কৰা মানুহৰ মানসিকতা সুস্থ হব লাগিব মানে মানুহৰ চিন্তা ইতিবাচক হোৱাটো অত্যন্ত জৰুৰী ৷

পৰিয়ালৰ লোকসকল প্ৰথমতে সজাগ আৰু সচেতন হ’ব লাগিব ৷ আমাৰ সমাজ ব্যৱস্থা যেনে সমাজত বাস কৰা লোকসকলৰ পুৰণিকলীয়া চিন্তাধাৰা আৰু ৰীতিনীতি এৰাই চলি ইতিবাচক চিন্তাৰে সমাজ গঢ়িবলৈ চেষ্টা কৰা উচিত ৷ নেতিবাচক চিন্তাৰ বন্ধুবৰ্গৰ সংগ ত্যাগ কৰাটো জৰুৰী ৷ যি ধৰ্মৰ লোকেই নহওঁক কিয় অপৰাধীৰ বিপক্ষে মাৰবান্ধি থিয় দিয়াটো জৰুৰী হৈ পৰিছে ৷ অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ চৰকাৰে জৰুৰী পদক্ষেপসমূহ লোৱাটো দৰকাৰী ৷ বিশেষভাৱে প্ৰচাৰ মাধ্যম, মেডিয়া আদিৰ জৰিয়তে অপৰাধ ৰোধ কৰিবলৈ অপৰাধীৰ শাস্তিসমূহ প্ৰচাৰ আৰু প্ৰসাৰ বেছিকৈ হোৱাটো জৰুৰী বুলি ভাৱোঁ ৷

 হিন্দী ধৰ্ম , ইছলাম ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘ গীতা’,’কোৰান’ , ‘বাইবেল’ তো ধৰ্ম, কৰ্ম, জীৱন দৰ্শনৰ মাৰ্গ দেখুওৱা হৈছে যদিও আমি অজ্ঞানী ,নৰাধমসকলে উচিত জ্ঞান ল’বলৈ অপাৰগ ৷ ‘ভাল কৰ্মৰ ফল ভাল আৰু বেয়া কৰ্মৰ ফল বেয়া’ এই কথাষাৰৰ অৰ্থ বুজিবলৈ আমি অপাৰগ ৷ সেই বাবেই হয়তো আমাৰ মানসিকস্থিতি  দিনকদিনে নৰাধম হৈ পৰিছে ৷ এতিয়া এনে অনুভৱ হয় আমিবোৰ যেন জীৱজন্তুৰ চিন্তাতকৈ তললৈ গতি কৰিছোঁ ৷ হায় মানৱ জীৱন ৷

আমি মাথোঁ আশাবাদী এখন সুস্থ সমাজ গঢ়ি তোলাৰ  ৷ সমাজত বাস কৰা প্ৰতিজন লোকেই সজাগ ,সচেতন আৰু সতৰ্ক হোৱাৰ প্ৰয়োজন ৷