সমন্বয় শিশু বিকাশ চ’ৰা, ধনশিৰিৰ উদ্যোগত ৰাভা দিৱস আয়োজন

সমন্বয় শিশু বিকাশ চ’ৰা, ধনশিৰিৰ উদ্যোগত ৰাভা দিৱস আয়োজন

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাহিত্য-সংস্কৃতি, সংগীত, নাট্য আৰু সমাজ জাগৰণ ক্ষেত্ৰত অন্যন্য অৱদান আগবঢ়োৱা বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত সমন্বয় শিশু বিকাশ চ’ৰা, ধনশিৰিৰ উদ্যোগত লগতে আৰোহী ট্ৰাষ্ট আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ২০ জুন তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰৰ পাভজান বাগান মহাপ্ৰভু জগন্নাথ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ লোৱা ৰাভা দিৱসত চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত( কেৱল বিষ্ণু প্ৰসাদ ৰাভাৰ) আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। ৰাভা দিৱসৰ কায্যসূচীৰ অংশ হিচাপে পুৱা মাংগলিক অনুষ্ঠানৰ পাছতেই দুপৰীয়া ১২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, দিনৰ ১ বজাত কবিতা আবৃত্তি, ২.৩০ বজাত সংগীত প্ৰতিযোগিতা আৰু ৪ বজাৰ পৰা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে উদ্যোক্তা সকলৰ তৰফৰ পৰা সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ প্ৰতিযোগিতা সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে ৮৮২২২১৬১৬৩, ৭০০২৮৫৭৭৩৭ আৰু ৯১০১২৫৬০৫৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷