শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ ৰাষ্ট্ৰপতিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিমাহতকৈ অধিক সময়ৰ শত্রুতাৰ অৱসান ঘটাই বুধবাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। ইয়াৰ লগে লগে বিশ্ব অর্থনীতি অস্থিৰ কৰি ৰখা চাৰে তিনিমহীয়া ৰক্তক্ষয়ী সংঘাতৰ অৱসান ঘটাৰ সমান্তৰালভাৱে মধ্যপ্রাচ্যলৈ স্থিতাৱস্থা ওভতাই আনি বন্ধুত্ব স্থাপন হ’ল দুই শক্তিধৰ দেশ আমেৰিকা-ইৰানৰ মাজত। দুয়োখন দেশৰ বিষয়াবৰ্গৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি আমেৰিকা-ইৰানৰ ৰাষ্ট্ৰপতিদ্বয়ে বহুপ্রত্যাশিত শান্তি চুক্তিত ডিজিটেল স্বাক্ষৰ কৰে। জি-৭ শীর্ষ সন্মিলনৰ পাছত পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্রনে এক নৈশভোজৰ আয়োজন কৰিছিল। তাতেই অংশ লৈ মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শান্তি চুক্তিত স্বাক্ষৰ কৰে। এইক্ষেত্ৰত সন্মতিৰ বিষয়টো নিশ্চিত কৰি ইৰানৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র ইছমাইল বাঘেই কয় যে মধ্যস্থতাকাৰী পাকিস্তানে যি শান্তি চুক্তিৰ খচৰা প্ৰেৰণ কৰিছিল তাতেই আমেৰিকা-ইৰানৰ ৰাষ্ট্ৰপতিদ্বয়ে সন্মতি প্রদান কৰাৰ লগতে স্বাক্ষৰ কৰিছে। লক্ষণীয়ভাৱে শান্তি চুক্তিত মধ্যস্থতাকাৰী হিচাপে আছে পাকিস্তানৰ নাম। ইয়াক ‘ইছলামাবাদ মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ ৰূপে অভিহিত কৰা হৈছে। উভয় পক্ষই সহমত প্রকাশ কৰা শান্তি চুক্তিখনত সন্নিৱিষ্ট হৈছে ১৪দফীয়া চৰ্তাৱলী। ইয়াৰ ভিতৰত বিশ্বৰ ‘তৈল ধমনী’ হিচাপে পৰিচিত হৰমুজ প্রণালী অৱৰোধমুক্ত হোৱাটো প্রধান। অর্থাৎ শান্তি চুক্তি স্বাক্ষৰৰ লগে লগে হৰমুজ প্রণালী মুকলি হোৱাৰ পথ প্রশস্ত হৈ পৰিল। মার্কিন সংবাদ প্রতিষ্ঠান এএফপিয়ে আমেৰিকাৰ বিষয়াবৰ্গৰ সৈতে হোৱা কনফাৰেঞ্চ কলযোগে শান্তি চুক্তিত সন্নিৱিষ্ট চর্তসমূহ পোহৰলৈ আনিছে। অৱশ্যে ইৰানৰ তৰফৰ পৰা এই চৰ্তৰ বিষয়ে বর্তমান পর্যন্ত কোনো তথ্য প্রকাশ কৰা নাই। যি ১৪টা চৰ্ত পোহৰলৈ আহিছে, সেইকেইটা হ’ল- লেবাননসহ পশ্চিম এছিয়াৰ সকলো প্রান্ততে তাৎক্ষণিকভাৱে যুদ্ধ বন্ধ কৰিবলৈ সন্মত হৈছে আমেৰিকা-ইৰান আৰু তেওঁলোকৰ সহযোগী দেশসমূহ। আমেৰিকা-ইৰান উভয়ে সার্বভৌমত্ব-ভৌগোলিক অখণ্ডতাক সম্মান জনাব। কোনোপক্ষই কাৰোৰে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে। চূড়ান্ত চুক্তি স্বাক্ষৰৰ পূৰ্বে আমেৰিকা-ইৰানে ৬০ দিন আলোচনাত মিলিত হ’ব। এই পর্যায়ত আলোচনা কৰিব অমীমাংসিত বিষয়সমূহৰ ওপৰত। প্রয়োজনত উভয়পক্ষৰ সন্মতিসাপেক্ষে ৬০ দিনৰ সময়সীমা বৃদ্ধি কৰিব পাৰিব। শান্তি চুক্তিৰ পাছতেই হৰমুজ প্রণালীৰে স্বাভাৱিকভাৱে জাহাজ চলাচল পুনৰ আৰম্ভ হ’ব। বিশেষকৈ হৰমুজ প্রণালী সংলগ্ন ইৰানৰ বন্দৰসমূহত আমেৰিকাই কোনোধৰণৰ বাধাৰ সৃষ্টি নকৰে। ৩০ দিনৰ ভিতৰত অৱৰোধ প্রত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব। চৰ্তাৱলীৰ চতুৰ্থ দফাত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে চূড়ান্ত চুক্তি স্বাক্ষৰৰ পূৰ্বেই ইৰানৰ আশে-পাশে থকা মার্কিন সেনা প্রত্যাহাৰ কৰাৰ ক্ষেত্ৰত আমেৰিকা প্রতিশ্রুতিবদ্ধ হৈছে। হৰমুজ প্রণালীৰে বাণিজ্যিক জাহাজ চলাচলৰ ক্ষেত্ৰত উদ্যোগ গ্রহণ কৰিব ইৰানে। জাহাজসমূহৰ পৰা কোনোধৰণৰ শুল্ক বা কৰ আদায় কৰিব নোৱাৰিব। লগতে অনাগত দিনত হৰমুজ প্রণালীৰে জাহাজ চলাচল কিদৰে পৰিচালিত হ’ব, সেয়া ঠিক কৰিবলৈ ওমান আৰু পশ্চিম এছিয়াৰ অন্য দেশসমূহৰ সৈতে বুজাবুজি কৰিব ইৰানে। যুদ্ধবিধ্বস্ত ইৰান পুনৰ গঠনৰ হকে ৩০ হাজাৰ কোটি ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ৬০ লাখ কোটি টকা)ৰ এটা প্রকল্প গ্রহণ কৰিব আমেৰিকা আৰু সহযোগী ৰাষ্ট্ৰসমূহে। এই প্রকল্প কিদৰে কাৰ্যকৰী কৰা হ’ব সেয়া ৬০ দিনৰ আলোচনাত চূড়ান্ত কৰা হ’ব। ইৰানৰ তেল তথা ইন্ধনজাত সামগ্ৰীৰ ওপৰত যাৱতীয় বাধানিষেধ-নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব আমেৰিকাই। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আওতাত ইৰানৰ বিৰুদ্ধে আৰোপিত বাধা-নিষেধসমূহো পুনৰ বিবেচনা কৰাৰ কথা এই চৰ্তত উল্লেখ কৰা হৈছে। অৱশ্যে নিষেধাজ্ঞা প্রত্যাহাৰৰ কোনো নির্দিষ্ট সময়সীমা নির্ধাৰণ কৰি দিয়া হোৱা নাই। আন এক চৰ্ত অনুসৰি পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ ৰোধ চুক্তি অনুসৰি ইৰানে পাৰমাণৱিক অস্ত্র নির্মাণ নকৰাৰ বিষয়ত প্রতিশ্রুতিবদ্ধ হ’ব লাগিব। ইৰানৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে যি ইউৰেনিয়াম আছে, সেয়া কিদৰে ব্যৱহাৰ কৰা হ’ব তাৰ ওপৰত আলোচনাত মিলিত হ’ব বাশ্বিংটন-তেহৰান। ইৰানৰ পাৰমাণৱিক কর্মসূচী সন্দৰ্ভত আপাততঃ স্থিতাৱস্থা বাহাল ৰাখিব লাগিব। ইউৰেনিয়াম সম্পৰ্কত চূড়ান্ত আলোচনাৰ পূৰ্বে আমেৰিকাই ইৰানৰ ওপৰত আৰোপ কৰিব নোৱাৰিব কোনোধৰণৰ নিষেধাজ্ঞা। তেল আৰু অন্যান্য পেট্র’লিয়াম সামগ্রী বিক্ৰীৰ ক্ষেত্ৰত ইৰানক স্বাধীনতা দিব লাগিব। লগতে পর্যায়ক্রমে বাজেয়াপ্ত সম্পদৰ একাংশ ইৰানক ঘূৰাই দিব আমেৰিকাই। শান্তি চুক্তিৰ চর্তসমূহ বলৱৎ হৈছে নে নাই, সেয়া পর্যবেক্ষণ কৰিব আমেৰিকা-ইৰানৰ এটা যুটীয়া দলে। অৱশ্যে এই দলটোৱে কিদৰে কাম কৰিব সেয়া স্পষ্ট কৰি দিয়া নাই। চুক্তিৰ অন্তিমটো চৰ্ত হৈছে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱনা অনুসৰি সম্পন্ন হ’ব চুক্তি। পূর্বে উল্লেখ কৰি অহা হৈছে যে চাৰে তিনিমহীয়া সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ১৯ জুনত জেনেভাত শান্তি চুক্তি স্বাক্ষৰৰ দিন নির্ধাৰণ কৰা হৈছে। কিন্তু তাৰ পূৰ্বে বুধবাৰেই এই প্রক্রিয়া সম্পন্ন হ’ল। এনে প্রেক্ষাপটত জেনেভা বৈঠকৰ গুৰুত্ব একপ্ৰকাৰ হ্রাস পাইছে। অৱশ্যে ইৰানৰ তৰফৰ পৰা জেনেভাত নতুনকৈ কোনোধৰণৰ শান্তি চুক্তি স্বাক্ষৰিত নহ’লেও বিষয়সমূহক লৈ পূর্বনির্ধাৰিত দিনটোতেই দুয়োখন দেশৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হ’ব। এনে অৱস্থাত পূর্বনির্ধাৰিত জেনেভা বৈঠকক লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা।
