অম্বুবাচী মহাযোগত ৮ লাখতকৈ অধিক ভক্তক আদৰিবলৈ সাজু হৈছে চৰকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অম্বুবাচী মহাযোগৰ প্ৰাকক্ষণত উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু । ভক্ত-দৰ্শনাৰ্থী, সাধু-সন্তৰ পদধূলিৰে আলোড়িত হৈ পৰিছে নীলাচল পাহাৰস্থিত বিশ্বৰ অন্যতম শক্তিপীঠ মা কামাখ্যা মন্দিৰ চৌহদ । এইবাৰ অম্বুবাচী মহাযোগত ৮ লাখতকৈ অধিক ভক্তক আদৰিবলৈ সাজু হৈছে চৰকাৰ, প্ৰশাসন, মন্দিৰ কৰ্তৃপক্ষ ।মহাশক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। দেশ-বিদেশৰ পৰা আহিবলগা লাখ লাখ ভক্তৰ সমাৱেশত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগা এই মহা অম্বুবাচী মেলা উত্তৰ-পূবৰ ভিতৰতে আন এক বৃহৎ ধর্মীয় মেলা হ’ব বুলি আশা কৰা হৈছে। মহা অম্বুবাচী মেলাৰ প্ৰস্তুতি আৰু ইয়াক কেনেদৰে সফল ৰূপত সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় এই লৈ পর্যটন মন্ত্রী অজন্তা নেওগে এক সংবাদ মেল সম্বোধন কৰে আৰু কয় যে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ বহু বৰঙণি আগবঢ়োৱা এই মেলা নিৰাপদ আৰু সুশৃংখলাৰে আধ্যাত্মিকভাবে সম্পন্ন কৰাৰ বাবে পৰিৱেশ ৰচনা কৰাটো পৰ্যটন বিভাগৰ লক্ষ্য। সংবাদ মেলযোগে পর্যটন মন্ত্রী অজন্তা নেওগে কয় যে দেশ-বিদেশৰ পৰা অহা ভক্তসকলৰ কাৰণে এইবাৰ তিনিটা বৃহৎ শিবিৰৰ ব্যৱস্থা কৰা হৈছে। এইকেইটা শিবিৰ কামাখ্যা ৰে’ল ষ্টেচন, পাণ্ডু বন্দৰ আৰু নাহৰবাৰীত স্থাপন কৰা হৈছে। ইয়াৰে নাহৰবাৰীত স্থাপন কৰা শিবিৰটো আৰক্ষী শিবিৰ হ’ব। অহা ২১ জুনৰ ভিতৰত এই শিবিৰসমূহ সম্পূৰ্ণ হ’ব। অম্বুবাচী মেলা যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, উত্তৰ-পূব সীমান্ত ৰে’লৱে, পর্যটন বিভাগ, অসম পর্যটন উন্নয়ন নিগম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, লোকনির্মাণ বিভাগ আদি প্রায়কেইটা বিভাগেই পর্যাপ্ত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াইছে। পর্যটক তথা ভক্তসকলৰ জিৰণি, প্রাথমিক চিকিৎসা প্রদান, খোৱাপানীৰ ব্যৱস্থা আদিৰ কাৰণে ৰাস্তাৰ কাষত এশ মিটাৰ দূৰে দূৰে কাঠৰ মজিয়া দি শিবিৰ স্থাপন কৰা হৈছে। মন্দিৰ চৌহদৰ লগতে সমগ্র অঞ্চলত পর্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ কাৰণে ভলন্টিয়াৰৰ ব্যৱস্থা কৰাৰ লগতে বেৰিকেড স্থাপন কৰা হৈছে। জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম নাগৰিকৰ কাৰণে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। মন্ত্রী অজন্তা নেওগে সংবাদ মেলত আৰু কয় যে মন্দিৰলৈ যোৱা পথসমূহত অর্থাৎ কামাখ্যাৰ পাদদেশৰ পৰা কামাখ্যালৈ কার্পেটিঙৰ ব্যৱস্থা কৰা হৈছে। ভক্তৰ সুবিধাৰ কাৰণে ৰাজহুৱা ঘোষণা ব্যৱস্থা স্থাপন কৰা হৈছে। নেওগে লগতে কয় যে ভক্তৰ সুবিধাৰ কাৰণে ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা মন্দিৰ চৌহদৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত যাতে পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। ভক্তৰ বাবে পেৰামেডিকেল দলৰ লগতে প্রাথমিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত পর্যাপ্ত ব্যৱস্থা লোৱা হৈছে। ভক্তৰ বাবে তৈয়াৰ কৰা খাদ্যৰ গুণগত মান নিৰূপণৰ বাবে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই খাদ্য পৰীক্ষাত গুৰুত্ব দিব। মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰি কয় যে বিগত দুই বছৰত ৰাজ্যলৈ প্রায় ৮৪.৬ লাখ পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে ৪২ হাজাৰ আছিল বিদেশী পর্যটক। বিগত মহা অম্বুবাচী মেলালৈ ৭ লাখ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চলিত বর্ষত অম্বুবাচী মেলালৈ ৮ লক্ষাধিক দেশী-বিদেশী পর্যটক অহাৰ আশা প্রকাশ কৰে। ইফালে মহা অম্বুবাচী মেলা উপলক্ষে যান-বাহন আৰক্ষীয়েও এক সংবাদ মেল সম্বোধন কৰে। যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই অম্বুবাচী মেলাৰ দিনকেইটাত মহানগৰীত চলি থকা বাহন কেনেদৰে চলাচল কৰিব তাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে নীলাচল পাহাৰৰ পাদদেশৰ নাৰ্ছাৰী পইণ্টৰ পৰা মন্দিৰলৈ যোৱা পইন্টটোত জৰুৰীকালীন সেৱা আৰু বিএমচিৰ পানী কঢ়িওৱা বাহন আৰু জাৱৰ নিষ্কাশন কৰা বাহনৰ বাহিৰে সকলো বাহনৰ চলাচল বাৰণ কৰা হৈছে। পাণ্ডু বন্দৰৰ পৰা মন্দিৰলৈ জিলা প্রশাসনে ব্যৱস্থা কৰা অনুমোদিত বাহনৰ বাহিৰে আন বাহন চলাচল কৰিব নোৱাৰিব। মন্দিৰৰ আশে-পাশে থকা সমগ্র অঞ্চলটোত ন’ পাকিং জ’ন হৈ থাকিব। উৰণ সেতুত ৰাজহুৱা বাছৰ চলাচলৰ অনুমতি থাকিলেও দলঙৰ তলৰ ছাৰ্ভিচ ৰোডেৰে ভক্তক মন্দিৰলৈ যাবলৈ দিয়া নহ’ব। আনহাতে কঠোৰ নিৰাপত্তা আৰু মাদকদ্রব্য ৰোধৰ সম্পৰ্কে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত তথা সচিব দিগন্ত বৰাই কয় যে ভক্তৰ সোঁত নিয়ন্ত্ৰণৰ বাবে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত মন্দিৰ ভ্ৰমণত নিয়ন্ত্রণ থাকিব। মহা অম্বুবাচী মেলাৰ আধ্যাত্মিকতা ৰক্ষাৰ বাবে কর্তৃপক্ষ প্রতিশ্রুতিবদ্ধ বুলি দোহাৰি তেওঁ মন্দিৰ চৌহদলৈ নিচাযুক্ত দ্রব্য কঢ়িয়াই নিয়া বা সেৱন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে। আয়ুক্ত সচিব বৰাই অম্বুবাচী মেলাৰ সময়ত চেণ্ডেল, জোতা পৰিধান কৰি কোনো ভক্তকে কামাখ্যা মন্দিৰলৈ নাযাবলৈ আহ্বান জনায় । আয়ুক্ত সচিব বৰাই কয়,মন্দিৰ চৌহদত কোনো জোতা, চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই । গতিকে মেলাৰ বাবে অহা ভক্তসকলৰ বাবে প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে নামনিতে জোতা, চেণ্ডেল আদি ৰখাৰ ব্যৱস্থা কৰিব ।
