মোদী চৰকাৰৰ ১২ বর্ষপূর্তি উপলক্ষে শ্বহীদ স্মাৰকক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

মোদী চৰকাৰৰ ১২ বর্ষপূর্তি উপলক্ষে শ্বহীদ স্মাৰকক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনকল্যাণমূলক উন্নয়নৰ ১২টা গৌৰৱোজ্জ্বল বছৰ সম্পূর্ণ হোৱা উপলক্ষে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিছে বিশেষ প্রদর্শনী অনুষ্ঠান। প্রধানমন্ত্রী মোদীৰ অসমৰ প্ৰতি অৱদানসমূহ স্মৰণেৰে গুৱাহাটীৰ শ্বহীদ স্মাৰকক্ষেত্ৰত আয়োজন কৰা প্ৰদৰ্শনী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে শ্বহীদ স্মাৰকক্ষেত্ৰত নতুনকৈ সংযোজন হ’বলগীয়া আন্তঃগাঁথনিসমূহৰ নিৰ্মাণৰ অগ্ৰগতিৰো বুজ লয়। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে প্ৰদৰ্শনী পৰিদৰ্শন কৰি উল্লেখ কৰিছে যে- শ্বহীদ স্মাৰকক্ষেত্ৰৰ বাকৰিলৈ গৈ প্রতিবাৰেই অনুভৱ কৰোঁ সেই মহানসকলৰ পৰম ত্যাগক। কৃতজ্ঞ হৈ ৰওঁ বাৰে বাৰে তেওঁলোকৰ অৱদান স্মৰণ কৰি। এই পৰিসৰতেই আয়োজিত এক বিশেষ তিনিদিনীয়া প্রদর্শনীলৈ গৈ মহান শ্বহীদসকললৈ শ্রদ্ধা নিবেদনৰ লগতে প্রদর্শনীখন চাই আপ্লুত হ’লোঁ। উল্লেখ্য যে কালি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এই প্রদর্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। মুখ্যতঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ জনসাধাৰণৰ বাবে আগবঢ়োৱা মৰমৰ বাবেই তেওঁৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠিত কৰা প্ৰদৰ্শনীখন আজি মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ সময়ত তেওঁক সংগ দিয়ে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ লগতে বিধায়ক বিজয় কুমাৰ গুপ্তা আৰু দলীয় সতীর্থসকলে।