লিমাৰিক  – মামনি পাপৰি বৰুৱা বৰা

Pc Vintage Tree Care

লিমাৰিক 

মামনি পাপৰি বৰুৱা বৰা ,কলিয়াবৰ

১
চৌপাশৰ সেউজীয়াই মোক আবৰে
গছপুলি ৰুই ভাল পায় মনবৰে
খাবলৈ পাহৰে পাই
কি যে হ’ব থাকো চাই
সুন্দৰ কাম সেয়ে সকলোৱে সাদৰে।
২
ফলৰ পুলিবোৰ উলাহেৰে ফুলিছে
কিছুমানৰ ফুলবোৰ আকৌ পৰিছে
তথাপি লাগিছে ফল
তাৰ মনত যে বল
ফল খাবলৈকে চৰাই বোৰ উৰিছে।