সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ ৪ৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সাংস্কৃতিক মহাসভা অসম, ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত দুলীয়াজান আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হৈ যায়। শপত বাক্য পাঠ কৰোৱায় সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি বিনোদ কুমাৰ বৰাই। দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি মৃণালী ভূঞা বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই গগৈয়ে বৰ্তমান সময়ত সাংস্কৃতিক মহাসভা অসমৰ দৰে অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। আঞ্চলিক সম্পাদক জীৱ কান্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সাংস্কৃতিক কৰ্মীৰ লগতে সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চন্দন জ্যোতি কলিতা, প্ৰাক্তন জিলা সভাপতি তথা মহাসভাৰ সন্মানীয় সদস্য ভূপেন শইকীয়া,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিবি বৰাৰ উপস্থিত থাকে। সভাত সিদ্ধান্ত মৰ্মে অহা জুলাই মাহৰ ২৬ তাৰিখ, দেওবাৰে ডিব্ৰুগড় জিলা সমিতিৰ চতুৰ্থ ত্ৰি – বাৰ্ষিক অধিৱেশনখনি দুলিয়াজানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। ৰঞ্জিত মহনক আদৰণি সমিতিৰ সভাপতি আৰু ৰাতুল সোণোৱালক সম্পাদক হিচাপে লৈ আদৰণী সমিতিখন গঠন কৰা হয়।
