বৰষুণ
ধৰণী চেতিয়া, চিলাপথাৰ, ধেমাজি
বেটাৰি টমটমত কিমান আৰু পায়চাৰি কৰিম,
এপেচিটি বোৰতো দাম বঢ়াই দিছে!
টন তেলৰ যিহে হিচাপ!
কিমান আৰু তাঁত-বাতি কৰিম
ক্ৰমাৎ শহুৰৰ ঘৰলৈ যোৱা পথটো বন্ধ হৈ পৰিছে!
দিনে দিনে আলিবাটবোৰ অন্ধকাৰ হৈ পৰিছে,
নিস্তৰংগ হৈ পৰিছে এটি এটি যাযাবৰী ক্ষণ!
দূৰৰ ঘৰ বুলি এভূমকি নকৰাকৈ কেনেকৈ থাকোঁ!
দিনৰ শেষত, ব্যস্ততাৰ অন্তত
এবাৰ হ’লেও তোৰ কাষত এপলক
জিৰাবলৈ নাপালে
ভাগৰে নমৰে দেখোন!
ওচৰত হোৱা হ’লে দিনটোত কিমানবাৰ যে;
ঘাট মাৰিলো হেঁতেন,
চিনাকি ঘাটত অচিনাকি হৈ!
তোৰ কাষত অলপ জিৰাবলৈ
অলপমান মনৰ দুখ পাতলাবলৈ!
(মোৰ মন ফাগুনীয়ে দি গ’ল
ন- সম্ভৱাৰ বহুতো জোৱাৰ)
সমীৰৰ কথালৈ আৰু বাট নাচাম!
এইবেলি ব’হাগতে আহিবি,
ব’হাগৰ ব’হাগীজনি, মনৰ গোসাঁনীজনি হৈ !
গাজনি ঢেৰেকনি আৰু বহুত হ’ল
এতিয়া লাগে মাথোঁ এজাক
মুষলধাৰ বৰষুণ!
য’ত তই আৰু মই
দুয়ো একেলগে তিতিম!
হেঁপাহ পলুৱাই তিতিম।।
