প্রধানমন্ত্রী আৱাস যোজনাৰ ১৬,৮১০টা ঘৰৰ অনুমোদন লাভ অসম চৰকাৰৰ

Pc News Arena

প্রধানমন্ত্রী আৱাস যোজনাৰ ১৬,৮১০টা ঘৰৰ অনুমোদন লাভ অসম চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্রধানমন্ত্রী আৱাস যোজনাৰ ১৬,৮১০টা ঘৰৰ অনুমোদন লাভ কৰিছে অসম চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে তথ্য প্রকাশ কৰি উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী আৱাস  যোজনা ২.০ৰ অধীনত অসমে ২২০.১২ কোটি টকাৰ আবণ্টন লাভ কৰাৰ লগতে ১৬,৮১০টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে ২৭,৫৪৪টা গৃহ অনুমোদন পর্যায়ত আছে। মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি উল্লেখ কৰে যে এই গৃহ নির্মাণ আঁচনিখনে সমগ্র অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলৰ জীৱনৰ মানৰ পৰিৱৰ্তন ঘটাব। তদুপৰি শেহতীয়া অনুমোদনে সমগ্ৰ ৰাজ্যতে গৃহ নিৰ্মাণৰ সুৰক্ষা নিশ্চিত কৰিব। সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লিখিছে, “মোৰো এটি সপোনৰ ঘৰ হ’ব”— এই সপোন সমাজৰ প্ৰায় প্ৰতিজনৰে মনত-বুকুত সোমাই থাকে। কিছুসংখ্যকে সহজতে কৰি লয় আৰু কিছুৱে আৰ্থিক অৱস্থাৰ বশত পৰি তাৰ বাস্তৱ ৰূপ দিৱ নোৱৰা হয়। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডাবল ইঞ্জিন চৰকাৰ আছে সেইসকলৰ সপোনক বাস্তৱ ৰূপ দিবলৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালে এটা পকী ঘৰৰ সপোন সাকাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমত আৰু ১৬,৮১০টা গৃহ অনুমোদনৰ জৰিয়তে আমি অধিকসংখ্যক পৰিয়াললৈ নিৰাপত্তা, মৰ্যাদা আৰু উন্নত ভৱিষ্যতৰ আশ্বাস কঢ়িয়াই লৈ যাম।