সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ফাষ্টট্ৰেক আদালতত চলি আছে। তাৰ মাজতে এই গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰে আদালতে । শ্যামকানু মহন্তৰ পাছত জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা । বৃহস্পতিবাৰে আছিল সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি । কিন্তু উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ জামিনৰ শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াৰ আদালতে। ইয়াৰ লগে লগে উচ্চ ন্যায়ালয়ত সিদ্ধার্থ শৰ্মাৰ জামিনৰ শুনানি সম্পন্ন নহ’ল। এতিয়া সিদ্ধার্থ শৰ্মাৰ জামিন আবেদন অন্য ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰি শুনানি গ্ৰহণ কৰা হ’ব। উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অন্য ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ পিছত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰা হ’ব। বৃহস্পতিবাৰে আদালতত মহাবীৰ একুৱা সন্দৰ্ভত ফাষ্টট্রেক আদালতে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে স্বত্বাধিকাৰী তথা সিদ্ধাৰ্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচিৰাই দাখিল কৰা আবেদনৰো কোনো শুনানি গ্রহণ নকৰিলে। এতিয়া সিদ্ধার্থ শৰ্মাই পৰৱৰ্তী দিন ধার্য নোহোৱা পর্যন্ত জামিন লাভ কৰাত ব্যর্থ হয়। উল্লেখ্য যে জুবিন গাৰ্গ হত্যাৰ গোচৰত ফাষ্টট্রেক আদালতত জামিন বিচাৰি ব্যৰ্থ হোৱা আন এজন অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰো জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে শ্যামকানু মহন্তৰ জামিন নাকচ কৰিছিল। আনহাতে যোৱা ২৬ মে’ত জুবিন গাৰ্গৰ হত্যা গোচৰৰ লগত জড়িত ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেমৰ ধাৰা আৰোপ কৰাৰ পাছত অহা ৮ জুনৰ পৰা সাক্ষীৰ বাবে দিন ধাৰ্য কৰিছে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতে। প্ৰায় ৩৪৯ গৰাকী সাক্ষীৰ ভিতৰত বিচাৰটোত সহায় হোৱাকৈ চৰকাৰী অধিবক্তাই সাক্ষী প্ৰদান কৰিব । উল্লেখ্য যে এই অভিযুক্ত ৭জনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩৬, ৩৭, ৩৮ৰ অধীনত বিচাৰ প্রক্রিয়া চলিব বুলি গোচৰৰ লোক অধিবক্তা জিয়াউল কামাৰে পূৰ্বে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল।
