চিকিৎসালয়ৰ আইচিইউত ভয়ংকৰ অগ্নিকাণ্ড

Pc Marathi Jagran

চিকিৎসালয়ৰ আইচিইউত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহাৰৰ মুজাফৰপুৰত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে পুৱতিনিশা বিহাৰৰ মুজাফৰপুৰস্থিত এখন হাস্পতালত সংঘটিত হৈ এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ডত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে।বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু দ্ৰুতগতিত আইচিইউ  বিভাগলৈ বিয়পি পৰে জুই। সেই সময়ত আইচিইউ ত কেইবাজনো গুৰুতৰভাৱে অসুস্থ ৰোগী চিকিৎসাধীন অৱস্থাত আছিল। এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ আঠখন বাহন ঘটনাস্থলীত উপস্থিত হয় । নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে । এই অগ্নিকাণ্ড কৰিবলৈ যথেষ্ট সময় লাগিছিল, ফলত সমগ্ৰ কেম্পাছতে উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰে । জুয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগে লগে হাস্পতালখনৰ কেইবাটাও মহলা ধোঁৱাৰে আৱৰি ধৰে। ফলত ৰোগী, নাৰ্ছ আৰু চিকিৎসা কৰ্মীসকল ভিতৰত আৱদ্ধ হৈ পৰে আৰু এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল পুৱতিনিশা প্ৰায় ৩ বজাত ঘটনাস্থলীত উপস্থিত হৈ ৰোগীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ কাম আৰম্ভ কৰে। উদ্ধাৰ অভিযান আৰু ৰোগীসকলক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলো হাস্পতালত উপস্থিত হয়। এই ঘটনাত শোক প্ৰকাশ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰীয়ে কয়, ‘‘মুজাফ্ফৰপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডত চাৰিজন লোকৰ প্ৰাণহানি অত্যন্ত মৰ্মান্তিক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । এই কঠিন সময়ত ভগৱানে বিদেহ আত্মাক শান্তি প্ৰদান কৰক আৰু পৰিয়ালসমূহক শক্তি প্ৰদান কৰক ।’’মুখ্যমন্ত্ৰী চৌধাৰীয়ে লগতে জনাইছে যে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ তাৎক্ষণিকভাৱে এককালীন আৰ্থিক অনুদান প্ৰদানৰ নিৰ্দেশ জাৰি কৰা হৈছে । স্থানীয় প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰু আহতসকলৰ চিকিৎসাৰ বাবে জিলা চিকিৎসালয়সমূহত উপযুক্ত ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে কয় ।